আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (68) ছুৰা: ছুৰা আল-ফুৰক্বান
وَالَّذِیْنَ لَا یَدْعُوْنَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ وَلَا یَقْتُلُوْنَ النَّفْسَ الَّتِیْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّ وَلَا یَزْنُوْنَ ۚؕ— وَمَنْ یَّفْعَلْ ذٰلِكَ یَلْقَ اَثَامًا ۟ۙ
তেওঁলোকে আল্লাহৰ সৈতে আন কোনো উপাস্যক আহ্বান নকৰে। লগতে তেওঁলোকে কোনো নিৰপৰাধ ব্যক্তিক হত্যা নকৰে। কিন্তু সেইসকল লোকৰ বাহিৰে যিসকলক হত্যা কৰিবলৈ আল্লাহে অনুমতি প্ৰদান কৰিছে যেনেঃ কোনো হত্যাকাৰী, মুৰতাদ বা ধৰ্ম ত্যাগী, বিবাহিত ব্যভিচাৰী আদি। তেওঁলোকে কেতিয়াও ব্যভিচাৰ নকৰে। এতেকে যিয়ে এই মহাপাপসমূহৰ কোনোবা এটা কৰিব, সি কিয়ামতৰ দিনা তাৰ শাস্তি ভোগ কৰিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• من صفات عباد الرحمن: البعد عن الشرك، وتجنُّب قتل الأنفس بغير حق، والبعد عن الزنى، والبعد عن الباطل، والاعتبار بآيات الله، والدعاء.
শ্বিৰ্কৰ পৰা বিৰত থকা, নিৰপৰাধ ব্যক্তিক হত্যাৰ পৰা বিৰত থকা, ব্যভিচাৰৰ পৰা দূৰৈত থকা, অসত্যৰ পৰা দূৰৈত থকা, আল্লাহৰ নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰা, দুআ কৰা ইত্যাদি হৈছে ৰহমানৰ প্ৰিয় বান্দাসকলৰ অন্যতম বৈশিষ্ট্য।

• التوبة النصوح تقتضي ترك المعصية وفعل الطاعة.
সত্য তাওবাৰ দাবী হৈছে গুনাহ পৰিত্যাগ কৰা, লগতে সৎকৰ্ম কৰা।

• الصبر سبب في دخول الفردوس الأعلى من الجنة.
ধৈৰ্য্য ধাৰণ কৰাটো হৈছে জান্নাতুল ফিৰদাউচত প্ৰৱেশ কৰাৰ উপায়।

• غنى الله عن إيمان الكفار.
কাফিৰসকলৰ ঈমানৰ পৰা আল্লাহ অমুখাপেক্ষী।

 
অৰ্থানুবাদ আয়াত: (68) ছুৰা: ছুৰা আল-ফুৰক্বান
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ