Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (87) ছুৰা: আল-ক্বাচাচ
وَلَا یَصُدُّنَّكَ عَنْ اٰیٰتِ اللّٰهِ بَعْدَ اِذْ اُنْزِلَتْ اِلَیْكَ وَادْعُ اِلٰی رَبِّكَ وَلَا تَكُوْنَنَّ مِنَ الْمُشْرِكِیْنَ ۟ۚ
আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ হোৱাৰ পিছত, আল্লাহৰ আয়াতসমূহৰ পৰা এই মুশ্বৰিকসকলে যাতে আপোনাক কেতিয়াও ইয়াৰ তিলাৱত আৰু প্ৰচাৰ-প্ৰসাৰৰ পৰা আঁতৰাই আনিব নোৱাৰে। বৰং আপুনি মানুহক আল্লাহৰ প্ৰতি আৰু তেওঁৰ তাওহীদৰ প্ৰতি ঈমান আনিবলৈ, লগতে তেওঁৰ চৰীয়ত মতে আমল কৰিবলৈ আহ্বান কৰক। আপুনি কেতিয়াও সেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’ব, যিসকলে আল্লাহৰ সৈতে আনৰো উপাসনা কৰে। বৰং আপুনি সেইসকল তাওহীদপন্থী লোকৰ অন্তৰ্ভুক্ত হওক, যিসকলে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• النهي عن إعانة أهل الضلال.
বিভ্ৰান্ত লোকক সহায় কৰাৰ নিষেধাজ্ঞা।

• الأمر بالتمسك بتوحيد الله والبعد عن الشرك به.
আল্লাহৰ তাওহীদ মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু শ্বিৰ্কৰ পৰা দূৰৈত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

• ابتلاء المؤمنين واختبارهم سُنَّة إلهية.
বিপদ-আপদৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• غنى الله عن طاعة عبيده.
আল্লাহ তেওঁৰ বান্দাৰ ইবাদতৰ পৰা অমুখাপেক্ষী।

 
অৰ্থানুবাদ আয়াত: (87) ছুৰা: আল-ক্বাচাচ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ