Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (13) ছুৰা: আল-আনকাবূত
وَلَیَحْمِلُنَّ اَثْقَالَهُمْ وَاَثْقَالًا مَّعَ اَثْقَالِهِمْ ؗ— وَلَیُسْـَٔلُنَّ یَوْمَ الْقِیٰمَةِ عَمَّا كَانُوْا یَفْتَرُوْنَ ۟۠
বাতিলৰ প্ৰতি আহ্বানকাৰী এই মুশ্বৰিকসকলে নিজৰ গুনাহৰ বোজা বহন কৰাৰ লগতে, সেইসকল লোকৰ গুনাহৰ বোজাও বহন কৰিব যিসকলে সিহঁতৰ আহ্বান স্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ ফলত অনুসৰণকাৰীসকলৰ গুনাহত কোনো ধৰণৰ হেৰফেৰ নহ’ব। কিয়ামতৰ দিনা সিহঁতক নিশ্চয় সেইসমূহ বিষয় সম্পৰ্কে প্ৰশ্ন কৰা হ’ব, যিবোৰ বিষয় সিহঁতে নিজে ৰচনা কৰি প্ৰচাৰ কৰিছিল।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الأعمال الصالحة يُكَفِّر الله بها الذنوب.
সৎকৰ্মৰ দ্বাৰা আল্লাহে গুনাহক প্ৰায়শ্চিত্ত কৰি দিয়ে।

• تأكُّد وجوب البر بالأبوين.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ তথা সদাচৰণ কৰা অনিবাৰ্য।

• الإيمان بالله يقتضي الصبر على الأذى في سبيله.
আল্লাহৰ প্ৰতি ঈমানৰ দাবী হৈছে, তেওঁৰ পথত অহা সকলো কষ্ট সহ্য কৰি ধৈৰ্য্য ধাৰণ কৰা।

• من سنَّ سُنَّة سيئة فعليه وزرها ووزر من عمل بها من غير أن ينقص من أوزارهم شيء.
যি ব্যক্তিয়ে কোনো কুঃপ্ৰথা আৰম্ভ কৰিব, সেই ব্যক্তিয়ে তাৰ গুনাহ নিশ্চয় পাব, কিন্তু তাৰোপৰি যিসকল লোকে সেই প্ৰথা অনুসৰি আমল কৰিব, সিহঁতৰ গুনাহো সি পাই থাকিব। কিন্তু অনুসৰণকাৰীসকলৰ গুনাহত একো হ্ৰাস নহ'ব।

 
অৰ্থানুবাদ আয়াত: (13) ছুৰা: আল-আনকাবূত
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ