আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
37 : 29

فَكَذَّبُوْهُ فَاَخَذَتْهُمُ الرَّجْفَةُ فَاَصْبَحُوْا فِیْ دَارِهِمْ جٰثِمِیْنَ ۟ؗ

কিন্তু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক অস্বীকাৰ কৰিলে। ফলত ভয়ংকৰ ভূমিকম্পই সিহঁতক গ্ৰাস কৰিলে। ফলত সিহঁতে নিজৰ ঘৰতে লুটি খোৱা অৱস্থাত পৰি থাকিল আৰু সিহঁতৰ মুখমণ্ডল মাটিত আঠা লগাদি লাগি আছিল। সিহঁতৰ কোনো ধৰণৰ লৰচৰ নাছিল। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• قوله تعالى:﴿ وَقَد تَّبَيَّنَ..﴾ تدل على معرفة العرب بمساكنهم وأخبارهم.
আল্লাহ তাআলাৰ এই বাণী (وَقَد تَّبَيَّنَ)ৰ দ্বাৰা প্ৰমাণিত হয় যে, আৰবীয়ানসকলে সিহঁতৰ ধ্বংসাৱশেষ ঘৰ-দুৱাৰ আৰু জনবসতিহীন অঞ্চল সম্পৰ্কে অৱগত আছিল। info

• العلائق البشرية لا تنفع إلا مع الإيمان.
ঈমান অবিহনে আত্মীয়তাৰ সম্পৰ্কই কোনো উপকাৰ সাধন কৰিব নোৱাৰে। info

• الحرص على أمن الضيوف وسلامتهم من الاعتداء عليهم.
অতিথিসকলৰ নিৰাপত্তা আৰু তেওঁলোকৰ শত্ৰুৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ আগ্ৰহ থকা বাঞ্চনীয়। info

• منازل المُهْلَكين بالعذاب عبرة للمعتبرين.
শাস্তিৰ দ্বাৰা ধ্বংসস্তূপত পৰিণত হোৱা গৃহবোৰ, উপদেশ গ্ৰহণ কৰা লোকসকলৰ বাবে এটা উপদেশ। info

• العلم بالحق لا ينفع مع اتباع الهوى وإيثاره على الهدى.
সত্যৰ জ্ঞান অৰ্জন কৰাৰ পিছতো প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ ওপৰত প্ৰাধান্য দিলে, সেই জ্ঞানে একো উপকাৰ সাধন নকৰে। info