Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (169) ছুৰা: আলে ইমৰাণ
وَلَا تَحْسَبَنَّ الَّذِیْنَ قُتِلُوْا فِیْ سَبِیْلِ اللّٰهِ اَمْوَاتًا ؕ— بَلْ اَحْیَآءٌ عِنْدَ رَبِّهِمْ یُرْزَقُوْنَ ۟ۙ
হে নবী! আপুনি এইটো নাভাবিব যে, আল্লাহৰ পথত যিসকলে শ্বহীদ হৈছে তেওঁলোক মৃত্যুবৰণ কৰিছে, বৰং তেওঁলোক জীৱিত। সন্মানিত ঘৰত আল্লাহৰ ওচৰত তেওঁলোক বিশেষ জীৱন প্ৰাপ্ত। তেওঁলোকে বিভিন্ন প্ৰকাৰৰ এনেকুৱা জীৱিকা পায়, যি বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• من سنن الله تعالى أن يبتلي عباده؛ ليتميز المؤمن الحق من المنافق، وليعلم الصادق من الكاذب.
আল্লাহৰ সাধাৰণ নিয়ম এই যে, তেওঁ বান্দাসকলক পৰীক্ষা কৰে, যাতে সত্যবাদী মুমিনসকল, মুনাফিকৰ পৰা পৃথক হয়। লগতে যাতে সত্যবাদী আৰু মিছলীয়া চিহ্নিত হয়।

• عظم منزلة الجهاد والشهادة في سبيل الله وثواب أهله عند الله تعالى حيث ينزلهم الله تعالى بأعلى المنازل.
আল্লাহৰ পথত যুদ্ধ কৰা তথা শ্বহীদ হোৱাৰ উচ্চ মৰ্যদা, লগতে আল্লাহৰ ওচৰত শ্বহীদসকলৰ মৰ্যদা এই যে, আল্লাহে তেওঁলোকক উচ্চতকৈ উচ্চ স্থান প্ৰদান কৰিব।

• فضل الصحابة وبيان علو منزلتهم في الدنيا والآخرة؛ لما بذلوه من أنفسهم وأموالهم في سبيل الله تعالى.
ছাহাবাসকলৰ শ্ৰেষ্ঠতা, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ উচ্চ মৰ্যদাৰ বৰ্ণনা। কিয়নো তেওঁলোকে আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু সা-সম্পত্তি সকলো ব্যয় কৰিছিল।

 
অৰ্থানুবাদ আয়াত: (169) ছুৰা: আলে ইমৰাণ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ