আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
14 : 36

اِذْ اَرْسَلْنَاۤ اِلَیْهِمُ اثْنَیْنِ فَكَذَّبُوْهُمَا فَعَزَّزْنَا بِثَالِثٍ فَقَالُوْۤا اِنَّاۤ اِلَیْكُمْ مُّرْسَلُوْنَ ۟

প্ৰথমে আমি সিহঁতৰ ওচৰলৈ দুজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। কিন্তু যেতিয়া সিহঁতে সেই ৰাছুল দুজনক অস্বীকাৰ কৰিলে, তেতিয়া আমি তৃতীয়জন ৰাছুল প্ৰেৰণ কৰি সেই ৰাছুল দুজনক শক্তি প্ৰদান কৰিলোঁ। তিনিওজন ৰাছুলে গাওঁবাসীক উদ্দেশ্যি ক’লেঃ নিঃসন্দেহে আমি তিনিওজন তোমালোকৰ পিনে ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। যাতে আমি তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিবলৈ আহ্বান কৰিব পাৰোঁ। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info