Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (25) ছুৰা: ইয়াছীন
اِنِّیْۤ اٰمَنْتُ بِرَبِّكُمْ فَاسْمَعُوْنِ ۟ؕ
“হে মোৰ জাতিৰ লোকসকল! নিশ্চয় মই মোৰ আৰু তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ। গতিকে তোমালোকে মোৰ কথা মনোযোগ সহকাৰে শুনা। তোমালোকে মোক হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰি আছা, সেইটোক মই অকণো ভ্ৰূক্ষেপ নকৰোঁ”। তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক হত্যা কৰিলে। ফলত আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰালে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব।

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য।

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য।

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য।

 
অৰ্থানুবাদ আয়াত: (25) ছুৰা: ইয়াছীন
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ