Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (22) ছুৰা: আচ-চা-ফফা-ত
اُحْشُرُوا الَّذِیْنَ ظَلَمُوْا وَاَزْوَاجَهُمْ وَمَا كَانُوْا یَعْبُدُوْنَ ۟ۙ
সেইদিনা ফিৰিস্তাসকলক কোৱা হ’বঃ শ্বিৰ্কৰ মাধ্যমত অন্যায় কৰা মুশ্বৰিকসকলক একত্ৰিত কৰা, লগতে সিহঁতৰ অনুৰূপ মুশ্বৰিকসকলক আৰু অস্বীকাৰ কাৰ্যত সমৰ্থন কৰা লোকসকলকো একত্ৰিত কৰা। তথা সেই মূৰ্ত্তিবোৰকো একত্ৰিত কৰা যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক তালৈকে খেদি লৈ যোৱা। কাৰণ সেইটোৱেই হৈছে সিহঁতৰ ঠিকনা।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• تزيين السماء الدنيا بالكواكب لمنافع؛ منها: تحصيل الزينة، والحفظ من الشيطان المارد.
পৃথিৱীৰ নিকটতম আকাশক কেউবাটাও কাৰণত তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰা হৈছে। যেনেঃ আকাশক শোভনীয় কৰি তোলা আৰু পাপিষ্ঠ চয়তানৰ পৰা সুৰক্ষিত কৰা।

• إثبات الصراط؛ وهو جسر ممدود على متن جهنم يعبره أهل الجنة، وتزل به أقدام أهل النار.
পুলচিৰাতৰ প্ৰমাণ। চিৰাতৰ দ্বাৰা সেই সেতুক বুজোৱা হৈছে, যিখন জাহান্নামৰ ওপৰত স্থাপিত হ’ব। জান্নাতিসকলে সহজেই পাৰ হ’ব আৰু জাহান্নামীসকলে পিচলি পৰি যাব।

 
অৰ্থানুবাদ আয়াত: (22) ছুৰা: আচ-চা-ফফা-ত
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ