Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (10) ছুৰা: চ'দ
اَمْ لَهُمْ مُّلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۫— فَلْیَرْتَقُوْا فِی الْاَسْبَابِ ۟
অথবা সিহঁতৰ ওচৰত আকাশমণ্ডল, পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তুৰ কৰ্তৃত্ব আছে নেকি? নাইবা কাৰোবাক দান কৰা আৰু কাৰোবাক বঞ্চিত কৰাৰ অধিকাৰ সিহঁতৰ আছে নেকি? যদি সিহঁতে এনেকুৱাই ভাৱে তেন্তে সিহঁতে আকাশত উঠাৰ মাধ্যম অৱলম্বন কিয় নকৰে। যাতে দান কৰা আৰু বঞ্চিত কৰাৰ সেই আদেশ কাৰ্যকৰী কৰিব পাৰে। সিহঁতৰ পক্ষে এইটো কেতিয়াও সম্ভৱ নহয়।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• أقسم الله عز وجل بالقرآن العظيم، فالواجب تَلقِّيه بالإيمان والتصديق، والإقبال على استخراج معانيه.
আল্লাহে পৱিত্ৰ মহান কোৰআনৰ শপত খাইছে। গতিকে ইয়াৰ ওপৰত ঈমান পোষণ কৰা আৰু ইয়াক সমৰ্থন কৰা অত্যাৱশ্যক। লগতে ইয়াৰ তাৎপৰ্যক স্বীকাৰ কৰা উচিত।

• غلبة المقاييس المادية في أذهان المشركين برغبتهم في نزول الوحي على السادة والكبراء.
মুশ্বৰিকসকলৰ চিন্তাধাৰাক ভৌতিক চাহিদাই গ্ৰাস কৰিছে। সেইকাৰণেই সিহঁতে তুলনাৰ ক্ষেত্ৰত ভৌতিক বস্তুক অগ্ৰাধিকাৰ দিয়ে। যাৰ ফলত সিহঁতে নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলৰ ওপৰত অহী অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

• سبب إعراض الكفار عن الإيمان: التكبر والتجبر والاستعلاء عن اتباع الحق.
কাফিৰসকলে ঈমান পোষণ নকৰাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অহংকাৰ, গৌৰৱ আৰু আত্মাভিমান।

 
অৰ্থানুবাদ আয়াত: (10) ছুৰা: চ'দ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ