Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (61) ছুৰা: আঝ-ঝুমাৰ
وَیُنَجِّی اللّٰهُ الَّذِیْنَ اتَّقَوْا بِمَفَازَتِهِمْ ؗ— لَا یَمَسُّهُمُ السُّوْٓءُ وَلَا هُمْ یَحْزَنُوْنَ ۟
আল্লাহে সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিব, যিসকলে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল। তেওঁ সেইসকল লোকক সফলতাৰ স্থানত অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব। য’ত তেওঁলোকক কোনো শাস্তিয়ে স্পৰ্শ কৰিব নোৱাৰিব। তথা পৃথিৱীত এৰি থৈ যোৱা ভোগ সামগ্ৰীকলৈও চিন্তিত নহ’ব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الكِبْر خلق ذميم مشؤوم يمنع من الوصول إلى الحق.
অহংকাৰ হৈছে এটা নিকৃষ্ট ব্যাধি, যিয়ে মানুহক সত্যৰ পৰা আঁতৰাই ৰাখে।

• سواد الوجوه يوم القيامة علامة شقاء أصحابها.
কিয়ামতৰ দিনা মুখমণ্ডল ক’লা পৰাটোৱে প্ৰমাণ কৰিব যে, ব্যক্তিজন দুৰ্ভগীয়া।

• الشرك محبط لكل الأعمال الصالحة.
শ্বিৰ্ক গুনাহে মানুহৰ সকলো সৎকৰ্ম বিনষ্ট কৰি দিয়ে।

• ثبوت القبضة واليمين لله سبحانه دون تشبيه ولا تمثيل.
আল্লাহৰ ‘মুঠি’ আৰু ‘সোঁহাতৰ’ প্ৰমাণ পোৱা গ’ল। কিন্তু ইয়াৰ কোনো সাদৃশ্য তথা উদাহৰণ নাই।

 
অৰ্থানুবাদ আয়াত: (61) ছুৰা: আঝ-ঝুমাৰ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ