Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (108) ছুৰা: আন-নিছা
یَّسْتَخْفُوْنَ مِنَ النَّاسِ وَلَا یَسْتَخْفُوْنَ مِنَ اللّٰهِ وَهُوَ مَعَهُمْ اِذْ یُبَیِّتُوْنَ مَا لَا یَرْضٰی مِنَ الْقَوْلِ ؕ— وَكَانَ اللّٰهُ بِمَا یَعْمَلُوْنَ مُحِیْطًا ۟
সিহঁতে ভয় আৰু লাজৰ কাৰণে মানুহৰ অন্তৰালত গুনাহ কৰে, কিন্তু আল্লাহৰ পৰা গোপন নকৰে। অথচ আল্লাহে নিজ জ্ঞানেৰে সিহঁতক পৰিবেষ্টন কৰি আছে। সিহঁতৰ কোনো বিষয় তেওঁৰ পৰা গোপন নহয়, লগতে ৰাতিৰ অন্ধকাৰত সিহঁতে গোপনে কৰা চক্ৰান্তও তেওঁৰ পৰা গোপন নহয় যিটোক আল্লাহে পছন্দ কৰে। যেনে- পাপিষ্ঠ ব্যক্তিৰ পক্ষ লোৱা আৰু নিৰ্দোষী ব্যক্তিক দোষাৰোপ কৰা আদি। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো বিষয় সম্পৰ্কে অৱগত। তেওঁৰ পৰা একো গোপন নহয় আৰু তেওঁ মানুহক সিহঁতৰ আমলৰ প্ৰতিদান দিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• النهي عن المدافعة والمخاصمة عن المبطلين؛ لأن ذلك من التعاون على الإثم والعدوان.
অসত্যৰ অনুসাৰীসকলৰ পক্ষ লবলৈ তথা সিহঁতৰ হৈ কথা কবলৈ নিষেধ কৰা হৈছে। কিয়নো এইটো গুনাহ তথা অন্যায়ৰ সহায় কৰা হব।

• ينبغي للمؤمن الحق أن يكون خوفه من الله وتعظيمه والحياء منه فوق كل أحد من الناس.
মুমিনৰ অন্তৰত আল্লাহৰ ভয় আৰু তেওঁৰ সন্মান সকলো মানুহতকৈ অধিক হোৱা উচিত, লগতে সবাতোকৈ বেছি তেওঁকেই লাজ কৰা উচিত।

• سعة رحمة الله ومغفرته لمن ظلم نفسه، مهما كان ظلمه إذا صدق في توبته، ورجع عن ذنبه.
নিজৰ ওপৰত অন্যায়কাৰীৰ অন্যায় যিমানেই ডাঙৰ নহওঁক কিয়, যদি সৎ মানসেৰে তাওবা কৰে আৰু গুনাহৰ পৰা দূৰৈত থাকে তেন্তে আল্লাহৰ কৃপা আৰু মাগফিৰাত অসীম।

• التحذير من اتهام البريء وقذفه بما لم يكن منه؛ وأنَّ فاعل ذلك قد وقع في أشد الكذب والإثم.
নিৰ্দোষী ব্যক্তিক অপৰাধী সজোৱা আৰু তাৰ প্ৰতি মিথ্যাৰোপ কৰিবলৈ সাৱধান কৰা হৈছে। এনেকুৱা কৰ্মত লিপ্ত ব্যক্তি কঠিন মিছা আৰু গুনাহত নিমজ্জিত।

 
অৰ্থানুবাদ আয়াত: (108) ছুৰা: আন-নিছা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ