Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (149) ছুৰা: আন-নিছা
اِنْ تُبْدُوْا خَیْرًا اَوْ تُخْفُوْهُ اَوْ تَعْفُوْا عَنْ سُوْٓءٍ فَاِنَّ اللّٰهَ كَانَ عَفُوًّا قَدِیْرًا ۟
যিকোনো ভাল কথা অথবা কৰ্ম যদি তোমালোকে প্ৰকাশ কৰা নাইবা গোপন কৰা লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়া তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ অতি ক্ষমাশীল আৰু সৰ্বশক্তিমান। এতেকে ক্ষমা কৰা গুণটো তোমালোকৰ চৰিত্ৰ হোৱা উচিত, যাতে আল্লাহেও তোমালোকক ক্ষমা কৰি দিয়ে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• يجوز للمظلوم أن يتحدث عن ظلمه وظالمه لمن يُرْجى منه أن يأخذ له حقه، وإن قال ما لا يسر الظالم.
নিৰ্যাতিত ব্যক্তিৰ বাবে বৈধ যে তেওঁ সেই ব্যক্তিৰ সন্মুখত অন্যায়কাৰী আৰু অন্যায়ৰ বিৰুদ্ধে ভাঙি পাতি কব পাৰে যিয়ে তেওঁক তেওঁৰ অধিকাৰ আনি দিব পাৰিব। এনে পৰিস্থিতিত তেওঁ অন্যায়কাৰীৰ বিৰুদ্ধে এনেকুৱা কথাও কব পাৰে যিটো অন্যায়কাৰীয়ে পছন্দ নকৰে।

• حض المظلوم على العفو - حتى وإن قدر - كما يعفو الرب - سبحانه - مع قدرته على عقاب عباده.
নিৰ্যাতিত ব্যক্তিক ক্ষমা কৰি দিয়াৰ প্ৰেৰণা দিয়া হৈছে। যদিও তেওঁ প্ৰতিশোধ লবলৈ সক্ষম। যিদৰে আল্লাহৰ ওচৰত শাস্তি প্ৰদানৰ শক্তি থকা সত্ত্বেও, তেওঁ নিজ বান্দাসকলক ক্ষমা কৰি দিয়ে।

• لا يجوز التفريق بين الرسل بالإيمان ببعضهم دون بعض، بل يجب الإيمان بهم جميعًا.
কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি আৰু আন কিছুমানক অস্বীকাৰ কৰি তেওঁলোকৰ মাজত পাৰ্থক্য কৰা বৈধ নহয়। বৰং সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য।

 
অৰ্থানুবাদ আয়াত: (149) ছুৰা: আন-নিছা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ