Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (157) ছুৰা: আন-নিছা
وَّقَوْلِهِمْ اِنَّا قَتَلْنَا الْمَسِیْحَ عِیْسَی ابْنَ مَرْیَمَ رَسُوْلَ اللّٰهِ ۚ— وَمَا قَتَلُوْهُ وَمَا صَلَبُوْهُ وَلٰكِنْ شُبِّهَ لَهُمْ ؕ— وَاِنَّ الَّذِیْنَ اخْتَلَفُوْا فِیْهِ لَفِیْ شَكٍّ مِّنْهُ ؕ— مَا لَهُمْ بِهٖ مِنْ عِلْمٍ اِلَّا اتِّبَاعَ الظَّنِّ ۚ— وَمَا قَتَلُوْهُ یَقِیْنًا ۟ۙ
আমি সিহঁতৰ ওপৰত অভিসম্পাত কৰিছো, কিয়নো সিহঁতে গৌৰৱ কৰি কয় যে, আমি আল্লাহৰ ৰাছুল, মৰিয়ম পুত্ৰ ঈছা মছীহক হত্যা কৰিছো। সিহঁতে দাবী কৰাৰ দৰে সিহঁতে হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাই। বৰং সিহঁতে এনেকুৱা এজন ব্যক্তিক হত্যা কৰিছিল আৰু ক্ৰুছবিদ্ধ কৰিছিল যাক আল্লাহে ঈছা আলাইহিছ ছালামৰ আকৃতি প্ৰদান কৰিছিল। ফলত সিহঁতে ধাৰণা কৰিছে যে, সিহঁতে ঈছা আলাইহিছ ছালামকেই হত্যা কৰিছে। যিসকল ইয়াহুদীয়ে ঈছা আলাইহিছ ছালামক হত্যা কৰা বুলি দাবী কৰিছে আৰু যিসকল খৃষ্টানে তেওঁক ইয়াহুদীসকলৰ হাতত অৰ্পন কৰিছিল, উভয় পক্ষই এই সন্দৰ্ভত সন্দেহ তথা সংশয়ত পতিত হৈছে। সিহঁতৰ ওচৰত এই বিষয়ে কোনো জ্ঞান নাই। সিহঁতে কেৱল অনুমানত কথা কয়, আৰু অনুমানৰ দ্বাৰা সত্য উদ্ঘাটন কৰা সম্ভৱ নহয়। প্ৰকৃত সত্য এইটোৱেই যে, সিহঁতে ঈছা আলাইহিছ ছালামক হত্যাও কৰিব পৰা নাই আৰু ক্ৰুছবিদ্ধও কৰিব পৰা নাই।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• عاقبة الكفر الختم على القلوب، والختم عليها سبب لحرمانها من الفهم.
কুফৰৰ পৰিণাম হৈছে অন্তৰত মোহৰ মাৰি দিয়া, কোনো অন্তৰত মোহৰ পৰিলে সেই অন্তৰ বোধশক্তিৰ পৰা বঞ্চিত হয়।

• بيان عداوة اليهود لنبي الله عيسى عليه السلام، حتى إنهم وصلوا لمرحلة محاولة قتله.
নবী ঈছা আলাইহিছ ছালামৰ লগত ইয়াহুদীসকলৰ ইমান শত্ৰুতা আছিল যে, সিহঁতে তেওঁক হত্যা কৰাৰ পণ লৈছিল।

• بيان جهل النصارى وحيرتهم في مسألة الصلب، وتعاملهم فيها بالظنون الفاسدة.
ক্ৰুছবিদ্ধ সম্পৰ্কে খৃষ্টানসকলৰ অজ্ঞতাৰ বৰ্ণনা তথা সিহঁতৰ বাতিল ধাৰণাৰ বিৱৰণ।

• بيان فضل العلم، فإن من أهل الكتاب من هو متمكن في العلم حتى أدى به تمكنه هذا للإيمان بالنبي محمد صلى الله عليه وسلم.
জ্ঞানৰ গুৰুত্বৰ বৰ্ণনা। কিয়নো আহলে কিতাপৰ মাজত কিছুমান লোক জ্ঞানত পৰিপক্ক আছিল আৰু এই পৰিপক্কতাই তেওঁলোকক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰাৰ বাট দেখুৱাইছে।

 
অৰ্থানুবাদ আয়াত: (157) ছুৰা: আন-নিছা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ