Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (74) ছুৰা: আন-নিছা
فَلْیُقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ الَّذِیْنَ یَشْرُوْنَ الْحَیٰوةَ الدُّنْیَا بِالْاٰخِرَةِ ؕ— وَمَنْ یُّقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ فَیُقْتَلْ اَوْ یَغْلِبْ فَسَوْفَ نُؤْتِیْهِ اَجْرًا عَظِیْمًا ۟
এতেকে প্ৰকৃত মুমিনসকলে নিজৰ পাৰ্থিৱ জীৱনৰ মোহ এৰি ইয়াৰ বিনিময়ত আখিৰাতক ক্ৰয় কৰিছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত, যাতে আল্লাহৰ দ্বীন সদায় উচ্চ থাকে। যিয়ে আল্লাহৰ দ্বীন সুউচ্চ কৰিবলৈ আল্লাহৰ পথত যুদ্ধ কৰি শ্বহীদ হব, অথবা শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব, আল্লাহে তাক ডাঙৰ ছোৱাব প্ৰদান কৰিব অৰ্থাৎ সি জান্নাত আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• فعل الطاعات من أهم أسباب الثبات على الدين.
সৎকৰ্ম কৰা দ্বীনৰ ওপৰত অবিচল থকাৰ অন্যতম উপায়।

• أخذ الحيطة والحذر باتخاذ جميع الأسباب المعينة على قتال العدو، لا بالقعود والتخاذل.
সাৱধান আৰু সচেতন থকাৰ অৰ্থ হৈছে, শত্ৰুৰ লগত যুদ্ধ কৰাৰ আহিলা প্ৰস্তুত কৰি ৰখা। যুদ্ধৰ পৰা আঁতৰি থকা বা পলায়ন কৰা নহয়।

• الحذر من التباطؤ عن الجهاد وتثبيط الناس عنه؛ لأن الجهاد أعظم أسباب عزة المسلمين ومنع تسلط العدو عليهم.
জিহাদৰ পৰা পিছুৱাই থকা আৰু মানুহক ইয়াৰ পৰা বাধা প্ৰদানৰ প্ৰবৃত্তিৰ পৰা সাৱধান কৰা। কিয়নো জিহাদ মুছলিমৰ সন্মান প্ৰতিষ্ঠা আৰু শত্ৰুৰ শক্তি দমনৰ ডাঙৰ উপায়।

 
অৰ্থানুবাদ আয়াত: (74) ছুৰা: আন-নিছা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ