Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (77) ছুৰা: গাফিৰ
فَاصْبِرْ اِنَّ وَعْدَ اللّٰهِ حَقٌّ ۚ— فَاِمَّا نُرِیَنَّكَ بَعْضَ الَّذِیْ نَعِدُهُمْ اَوْ نَتَوَفَّیَنَّكَ فَاِلَیْنَا یُرْجَعُوْنَ ۟
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ অত্যাচাৰ আৰু অস্বীকাৰ কাৰ্যত ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াত কোনো সন্দেহ নাই। আপোনাৰ জীৱনকালতেই যদি সেই প্ৰতিশ্ৰুতিৰ কিছু শাস্তি প্ৰদান কৰি আপোনাক দেখুৱাওঁ, যিদৰে বদৰৰ দিনা দেখুৱাইছোঁ, নাইবা ইয়াৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম। তথা সিহঁতক চিৰকালৰ বাবে জাহান্নামত প্ৰৱেশ কৰাম।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• التدرج في الخلق سُنَّة إلهية يتعلم منها الناس التدرج في حياتهم.
আল্লাহে মখলুকক ধাপে ধাপে সৃষ্টি কৰিছে, যাতে মানুহে নিজৰ জীৱনত ইয়াৰ দ্বাৰা ধাপে ধাপে কাম কৰাৰ শিক্ষা লব পাৰে।

• قبح الفرح بالباطل.
বাতিলক লৈ আনন্দিত হোৱাটো ঠিক নহয়।

• أهمية الصبر في حياة الناس، وبخاصة الدعاة منهم.
মানৱ জীৱনত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। বিশেষকৈ ধৰ্ম প্ৰচাৰকসকলৰ বাবে অতি জৰুৰী।

 
অৰ্থানুবাদ আয়াত: (77) ছুৰা: গাফিৰ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ