Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (19) ছুৰা: ফুচ্ছিলাত
وَیَوْمَ یُحْشَرُ اَعْدَآءُ اللّٰهِ اِلَی النَّارِ فَهُمْ یُوْزَعُوْنَ ۟
যিদিনা আল্লাহে তেওঁৰ শত্ৰুসকলক জাহান্নামৰ দুৱাৰডলিত একত্ৰিত কৰিব, সেইদিনা জাহান্নামৰ প্ৰহৰীসকলে সিহঁতৰ প্ৰথমৰ পৰা শেষ ব্যক্তিলৈকে সুবিন্যস্ত কৰিব। সিহঁতে জাহান্নামৰ পৰা পলায়ন কৰিব নোৱাৰিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الإعراض عن الحق سبب المهالك في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত ধ্বংসৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে সত্যৰ পৰা বিমুখ হোৱা।

• التكبر والاغترار بالقوة مانعان من الإذعان للحق.
অহংকাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰে মানুহক সত্য স্বীকাৰ কৰাত বাধা প্ৰদান কৰে।

• الكفار يُجْمَع لهم بين عذاب الدنيا وعذاب الآخرة.
কাফিৰসকলে পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে শাস্তিৰ সন্মুখীন হ’ব।

• شهادة الجوارح يوم القيامة على أصحابها.
মানৱ শৰীৰৰ অংগ-প্ৰত্যংগই কিয়ামতৰ দিনা সিহঁতৰ বিপক্ষে সাক্ষ্য প্ৰদান কৰিব।

 
অৰ্থানুবাদ আয়াত: (19) ছুৰা: ফুচ্ছিলাত
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ