Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (21) ছুৰা: ফুচ্ছিলাত
وَقَالُوْا لِجُلُوْدِهِمْ لِمَ شَهِدْتُّمْ عَلَیْنَا ؕ— قَالُوْۤا اَنْطَقَنَا اللّٰهُ الَّذِیْۤ اَنْطَقَ كُلَّ شَیْءٍ وَّهُوَ خَلَقَكُمْ اَوَّلَ مَرَّةٍ وَّاِلَیْهِ تُرْجَعُوْنَ ۟
কাফিৰসকলে নিজৰ শৰীৰৰ ছালকেই সুধিবঃ তোমালোকে আমাৰ বিৰুদ্ধে আমাৰ পাৰ্থিৱ জীৱনৰ কৰ্ম সম্পৰ্কে কিয় সাক্ষ্য প্ৰদান কৰিলা? তেতিয়া শৰীৰৰ ছালে উত্তৰ দি ক’বঃ আমাক সেই আল্লাহেই বাক-শক্তি প্ৰদান কৰিছে, যিয়ে প্ৰত্যেককে বাকশক্তি প্ৰদান কৰিছে। পোনপ্ৰথমে তেৱেঁই তোমালোকক সৃষ্টি কৰিছে, যেতিয়া তোমালোকে পৃথিৱীত আছিলা। হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিব লাগিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• سوء الظن بالله صفة من صفات الكفار.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে কাফিৰসকলৰ এটা বৈশিষ্ট্য।

• الكفر والمعاصي سبب تسليط الشياطين على الإنسان.
কুফৰী আৰু পাপকৰ্মৰ কাৰণে মানুহৰ ওপৰত চয়তানে প্ৰভাৱ বিস্তাৰ কৰে।

• تمنّي الأتباع أن ينال متبوعوهم أشدّ العذاب يوم القيامة.
কিয়ামতৰ দিনা অনুসাৰীসকলে আশা কৰিব যে, সিহঁতে যিসকলক অনুসৰণ কৰিছিল সেইসকলক কঠোৰতম শাস্তি বিহা হওক।

 
অৰ্থানুবাদ আয়াত: (21) ছুৰা: ফুচ্ছিলাত
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ