Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (46) ছুৰা: ফুচ্ছিলাত
مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهٖ ۚ— وَمَنْ اَسَآءَ فَعَلَیْهَا ؕ— وَمَا رَبُّكَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟
যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ উপকাৰ সি নিজেই লাভ কৰিব। কাৰোবাৰ সৎকৰ্মই আল্লাহক কোনো উপকাৰ নকৰে। আনহাতে যিয়ে অসৎকৰ্ম কৰিব, সেই অসৎকৰ্মৰ ফল সি নিজেই ভোগ কৰিব। কোনো বান্দাৰ অসৎকৰ্মই আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে প্ৰত্যেককে উচিত প্ৰতিদান দিব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কোনো বান্দাৰ প্ৰতি অন্যায় নকৰিব। কাৰোবাৰ নেকীও হ্ৰাস নকৰিব আৰু কাৰোবাৰ গুনাহো বৃদ্ধি নকৰিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• حَفِظ الله القرآن من التبديل والتحريف، وتَكَفَّل سبحانه بهذا الحفظ، بخلاف الكتب السابقة له.
আল্লাহে কোৰআনক পৰিবৰ্তন আৰু বিকৃত আদি কাৰ্যৰ পৰা সুৰক্ষিত কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ বিপৰীতে ইয়াৰ সুৰক্ষাৰ দায়িত্ব তেওঁ নিজেই গ্ৰহণ কৰিছে।

• قطع الحجة على مشركي العرب بنزول القرآن بلغتهم.
আৰবীয়ান মুশ্বৰিকসকলৰ ভাষাত কোৰআন অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দাঙি ধৰাৰ দুৱাৰ বন্ধ কৰি দিছে।

• نفي الظلم عن الله، وإثبات العدل له.
আল্লাহে কাৰো প্ৰতি অন্যায় নকৰে, তথা তেওঁ সদায় ন্যায়ক প্ৰাধান্য দিয়ে।

 
অৰ্থানুবাদ আয়াত: (46) ছুৰা: ফুচ্ছিলাত
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ