Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (31) ছুৰা: আশ্ব-শ্বুৰা
وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ فِی الْاَرْضِ ۖۚ— وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟
যদি তোমালোকৰ প্ৰতিপালকে তোমালোকক শাস্তি দিব বিচাৰে, তেন্তে তোমালোকে কেতিয়াও তেওঁৰ পৰা পলায়ন কৰি মুক্তি পাব নোৱাৰা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ কামবোৰ চোৱাচিতা কৰিব। যদি তেওঁ তোমালোকক দণ্ডিত কৰিব বিচাৰে তেন্তে তোমালোকৰ পৰা সেই শাস্তি প্ৰতিৰোধ কৰিব পৰা কোনো সহায়কো বিচাৰি নাপাবা।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الداعي إلى الله لا يبتغي الأجر عند الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰে।

• التوسيع في الرزق والتضييق فيه خاضع لحكمة إلهية قد تخفى على كثير من الناس.
জীৱিকাত প্ৰশস্ততা আৰু সংকীৰ্ণতা আল্লাহৰ হিকমত অনুযায়ী হৈ থাকে। এইটো যে এটা ৰহস্য এই সম্পৰ্কে অধিকাংশ লোকেই নাজানে।

• الذنوب والمعاصي من أسباب المصائب.
গুনাহ তথা পাপকৰ্মই বিপদ-আপদ মাতি আনে।

 
অৰ্থানুবাদ আয়াত: (31) ছুৰা: আশ্ব-শ্বুৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ