Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (46) ছুৰা: আশ্ব-শ্বুৰা
وَمَا كَانَ لَهُمْ مِّنْ اَوْلِیَآءَ یَنْصُرُوْنَهُمْ مِّنْ دُوْنِ اللّٰهِ ؕ— وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ سَبِیْلٍ ۟ؕ
কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ তথা সহায় কৰিবলৈ সিহঁতৰ কোনো অভিভাৱক নাথাকিব। আল্লাহে যাক সত্যৰ পৰা আঁতৰাই পথভ্ৰষ্ট কৰিব, সেই ব্যক্তিয়ে কেতিয়াও হিদায়তৰ পথ বিচাৰি নাপাব, যি পথে সত্যৰ পিনে লৈ যায়।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• وجوب المسارعة إلى امتثال أوامر الله واجتناب نواهيه.
আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা আদি বিধান পালনত ততাতৈয়া কৰা আৱশ্যক।

• مهمة الرسول البلاغ، والنتائج بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে বাৰ্তা পৌঁচাই দিয়া, আৰু ফলাফলৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।

• هبة الذكور أو الإناث أو جمعهما معًا هو على مقتضى علم الله بما يصلح لعباده، ليس فيها مزية للذكور دون الإناث.
আল্লাহৰ জ্ঞান অনুসাৰে বান্দাৰ কল্যাণ আগত ৰাখি তাক পুত্ৰ অথবা কন্যা সন্তান দান কৰা হয়, নাইবা উভয় সন্তানেই প্ৰদান কৰা হয়। কিন্তু এইটোৱে প্ৰমাণ নকৰে যে, পুত্ৰ সন্তান কন্যা সন্তানতকৈ উত্তম।

• يوحي الله تعالى إلى أنبيائه بطرق شتى؛ لِحِكَمٍ يعلمها سبحانه.
আল্লাহে তেওঁৰ নবীসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে অহী প্ৰেৰণ কৰে, ইয়াৰ ৰহস্য সম্পৰ্কে কেৱল আল্লাহেই অৱগত।

 
অৰ্থানুবাদ আয়াত: (46) ছুৰা: আশ্ব-শ্বুৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ