Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (28) ছুৰা: আঝ-ঝুখৰূফ
وَجَعَلَهَا كَلِمَةً بَاقِیَةً فِیْ عَقِبِهٖ لَعَلَّهُمْ یَرْجِعُوْنَ ۟
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ বংশধৰসকলৰ মাজত কলিমা লা ইলা-হা ইল্লাল্লাহক চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছিল। সেইকাৰণেই তেওঁলোকৰ মাজত সদায় এনেকুৱা লোকৰ উপস্থিতি আছিল, যিয়ে আল্লাহক একক বুলি স্বীকাৰ কৰিছিল আৰু তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰা নাছিল। যাতে তেওঁলোকে শ্বিৰ্ক তথা পাপকৰ্মৰ পৰা তাওবা কৰি আল্লাহৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• التقليد من أسباب ضلال الأمم السابقة.
পুৰ্বৱৰ্তী উম্মতসমূহ পথভ্ৰষ্ট হোৱাৰ অন্যতম এটা কাৰণ হৈছে অন্ধানুকৰণ।

• البراءة من الكفر والكافرين لازمة.
কুফৰ আৰু কাফিৰসকলৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা আৱশ্যক।

• تقسيم الأرزاق خاضع لحكمة الله.
জীৱিকাৰ ভাগ-বতৰা আল্লাহৰ হিকমতৰ অধীনত কৰা হৈছে।

• حقارة الدنيا عند الله، فلو كانت تزن عنده جناح بعوضة ما سقى منها كافرًا شربة ماء.
আল্লাহৰ দৃষ্টিত পৃথিৱী হৈছে একেবাৰে মূল্যহীন। যদি ইয়াৰ মূল্য মহৰ এটি পাখিৰ সমানো হ’লহেঁতেন তেন্তে কাফিৰসকলক এটোপাল পানীও খাবলৈ নিদিলেহেঁতেন।

 
অৰ্থানুবাদ আয়াত: (28) ছুৰা: আঝ-ঝুখৰূফ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ