আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
27 : 46

وَلَقَدْ اَهْلَكْنَا مَا حَوْلَكُمْ مِّنَ الْقُرٰی وَصَرَّفْنَا الْاٰیٰتِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟

হে মক্কাৰ অধিবাসীসকল! নিশ্চয় আমি তোমালোকৰ ওচৰে-পাঁজৰে থকা জনবসতিসমূহকো ধ্বংস কৰিছিলোঁ। আমিয়ে আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানবাসীকো ধ্বংস কৰিছোঁ। সিহঁতৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ যুক্তি প্ৰমাণ উপস্থাপন কৰিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা উভতি আহে। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• لا علم للرسل بالغيب إلا ما أطلعهم ربهم عليه منه.
ৰাছুলসকলে গায়েব সম্পৰ্কে একো নাজানে। তেওঁলোকে গায়েব সম্পৰ্কে সেইখিনিয়ে জানে, যিখিনি আল্লাহে তেওঁলোকক জনাইছে। info

• اغترار قوم هود حين ظنوا العذاب النازل بهم مطرًا، فلم يتوبوا قبل مباغتته لهم.
হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে শাস্তিক বৰষুণ বুলি ধাৰণা কৰি মহা ভুল কৰিছিল। সেইকাৰণেই সিহঁতে শাস্তিৰ পূৰ্বে তাওবা কৰিব পৰা নাছিল। info

• قوة قوم عاد فوق قوة قريش، ومع ذلك أهلكهم الله.
আদ সম্প্ৰদায় কুৰাইশ্বতকৈ অধিক শক্তিশালী আছিল। তথাপিও আল্লাহে সিহঁতক ধ্বংস কৰিছিল। info

• العاقل من يتعظ بغيره، والجاهل من يتعظ بنفسه.
বিবেকৱান ব্যক্তিয়ে আনৰ ভুল-ত্ৰুটিৰ পৰা শিক্ষা গ্ৰহণ কৰে, আনহাতে মূৰ্খই নিজৰ ওপৰত বিপদ নামি অহাৰ পিছতহে শিক্ষা লব বিচাৰে। info