Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (18) ছুৰা: মুহাম্মদ
فَهَلْ یَنْظُرُوْنَ اِلَّا السَّاعَةَ اَنْ تَاْتِیَهُمْ بَغْتَةً ۚ— فَقَدْ جَآءَ اَشْرَاطُهَا ۚ— فَاَنّٰی لَهُمْ اِذَا جَآءَتْهُمْ ذِكْرٰىهُمْ ۟
কাফিৰসকলে এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ কোনো অগ্ৰিম জাননী নিদিয়াকৈ আকস্মিক আহি পৰক? যদিও ইয়াৰ প্ৰতীকসমূহ আহি পৰিছে। উদাহৰণস্বৰূপে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমন, চন্দ্ৰ দ্বিখণ্ডিত হোৱা আদি। কিন্তু যেতিয়া কিয়ামত সংঘটিত হ’ব তেতিয়া সিহঁতে কেনেকৈ উপদেশ গ্ৰহণ কৰিব?!
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• اقتصار همّ الكافر على التمتع في الدنيا بالمتع الزائلة.
কাফিৰসকলৰ সকলো প্ৰয়াস পাৰ্থিৱ জীৱনৰ ক্ষণস্থায়ী বস্তুৰ উপভোগ লৈকেই সীমিত।

• المقابلة بين جزاء المؤمنين وجزاء الكافرين تبيّن الفرق الشاسع بينهما؛ ليختار العاقل أن يكون مؤمنًا، ويختار الأحمق أن يكون كافرًا.
মুমিনসকলৰ প্ৰতিদান আৰু কাফিৰসকলৰ প্ৰতিদানৰ মাজত মহা পাৰ্থক্য স্পষ্ট কৰি দিয়া হৈছে, যাতে বুদ্ধিমান ব্যক্তিয়ে মুমিনসকলৰ পথ অৱলম্বন কৰে আৰু বুৰ্বক ব্যক্তিয়ে কাফিৰসকলৰ পথ গ্ৰহণ কৰে।

• بيان سوء أدب المنافقين مع رسول الله صلى الله عليه وسلم.
মুনাফিকসকলে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কৰা দুৰ্ব্যৱহাৰৰ বৰ্ণনা।

• العلم قبل القول والعمل.
কিবা কোৱা আৰু কোনো কৰ্ম কৰাৰ আগত শিকি লোৱা অনিবাৰ্য।

 
অৰ্থানুবাদ আয়াত: (18) ছুৰা: মুহাম্মদ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ