Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (36) ছুৰা: মুহাম্মদ
اِنَّمَا الْحَیٰوةُ الدُّنْیَا لَعِبٌ وَّلَهْوٌ ؕ— وَاِنْ تُؤْمِنُوْا وَتَتَّقُوْا یُؤْتِكُمْ اُجُوْرَكُمْ وَلَا یَسْـَٔلْكُمْ اَمْوَالَكُمْ ۟
পাৰ্থিৱ জীৱন হৈছে খেল-ধেমালি আৰু অৰ্থহীন আড্ডা। গতিকে ইয়াক লৈ ব্যস্ত থাকি কোনো বিবেকৱান ব্যক্তিয়ে আখিৰাতৰ পৰা অমনোযোগী হোৱা উচিত নহয়। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কোনো প্ৰকাৰ ছোৱাব হ্ৰাস কৰা নহ’ব। তেওঁ তোমালোকৰ পৰা তোমালোকৰ গোটেই সম্পদ বিচৰা নাই, বৰং তোমালোকৰ পৰা অনিবাৰ্য যাকাতহে বিচাৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• سرائر المنافقين وخبثهم يظهر على قسمات وجوههم وأسلوب كلامهم.
মুনাফিকসকলৰ অন্তৰৰ ভেদ, সিহঁতৰ চেহেৰা আৰু কথা কোৱাৰ ভঙ্গিমাতেই স্পষ্ট হৈ পৰে।

• الاختبار سُنَّة إلهية لتمييز المؤمنين من المنافقين.
মুমিন আৰু মুনাফিকৰ মাজত পাৰ্থক্য কৰিবলৈ আল্লাহে পূৰ্বৰে পৰা পৰীক্ষা কৰি আহিছে।

• تأييد الله لعباده المؤمنين بالنصر والتسديد.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায়-সহযোগিতা আৰু সঠিক পথত পৰিচালিত কৰি পূৰ্ণ সমৰ্থন কৰে।

• من رفق الله بعباده أنه لا يطلب منهم إنفاق كل أموالهم في سبيل الله.
বান্দাৰ প্ৰতি আল্লাহৰ এইটো অনুগ্ৰহ যে, তেওঁ সিহঁতক সিহঁতৰ গোটেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা নাই।

 
অৰ্থানুবাদ আয়াত: (36) ছুৰা: মুহাম্মদ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ