Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (23) ছুৰা: আল-হাদীদ
لِّكَیْلَا تَاْسَوْا عَلٰی مَا فَاتَكُمْ وَلَا تَفْرَحُوْا بِمَاۤ اٰتٰىكُمْ ؕ— وَاللّٰهُ لَا یُحِبُّ كُلَّ مُخْتَالٍ فَخُوْرِ ۟ۙ
এইটো এইবাবে যে, হে মানৱ সমাজ! যাতে তোমালোকে হেৰুৱা বিষয়ৰ ওপৰত দুশ্চিন্তাগ্ৰস্ত নোহোৱা। আনহাতে তেওঁ যি নিয়ামত দান কৰিছে, সেইবোৰকলৈও যাতে অহংকাৰমূলক আনন্দত উৎফুল্লিত নোহোৱা। নিশ্চয় আল্লাহে মানুহক যি দান কৰিছে, সেইবোৰকলৈ অহংকাৰ কৰা দাম্ভিক ব্যক্তিক তেওঁ পছন্দ নকৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الزهد في الدنيا وما فيها من شهوات، والترغيب في الآخرة وما فيها من نعيم دائم يُعينان على سلوك الصراط المستقيم.
পৃথিৱী আৰু ইয়াৰ মাজত থকা প্ৰলোভনীয় বস্তুৰ পৰা বিৰাগী হৈ আখিৰাত আৰু তাত থকা স্থায়ী নিআমতৰ প্ৰতি অনুৰাগী হ’লে সৰল পথ অনুসৰণত সহায়ক হয়।

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য।

• من فوائد الإيمان بالقدر عدم الحزن على ما فات من حظوظ الدنيا.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাৰ অন্যতম এটা উপকাৰ হৈছে এই যে, পাৰ্থিৱ জীৱনৰ কোনো সুবিধা লাভ কৰিব নোৱাৰিলে চিন্তাই গা কৰি নলয়।

• البخل والأمر به خصلتان ذميمتان لا يتصف بهما المؤمن.
কৃপণালী কৰা আৰু এই বিষয়ে মানুহক নির্দেশ প্ৰদান কৰা, দুয়োটাই নিন্দনীয় স্বভাৱ। এই দুয়োটা স্বভাৱ কেতিয়াও মুমিনৰ হ’ব নোৱাৰে।

 
অৰ্থানুবাদ আয়াত: (23) ছুৰা: আল-হাদীদ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ