Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (10) ছুৰা: আত-তালাক্ব
اَعَدَّ اللّٰهُ لَهُمْ عَذَابًا شَدِیْدًا ۙ— فَاتَّقُوا اللّٰهَ یٰۤاُولِی الْاَلْبَابِ— الَّذِیْنَ اٰمَنُوْا ۛۚ— قَدْ اَنْزَلَ اللّٰهُ اِلَیْكُمْ ذِكْرًا ۟ۙ
আল্লাহে সিহঁতৰ বাবে বৰ কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে হে বিবেকবান লোকসকল, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছা! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। যাতে তোমালোকে সেই শাস্তি সন্মুখীন হ'ব নালাগে যিটোৰ সন্মুখীন সিহঁত হৈছিল। আল্লাহে তোমালোকৰ প্ৰতি উপদেশ অৱতীৰ্ণ কৰিছে, যিটোৱে তোমালোকক তেওঁৰ অবাধ্যতাৰ বেয়া পৰিণামৰ পৰা সাৱধান কৰে আৰু তেওঁৰ আদেশ পালনত প্ৰেৰণা যোগায়।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• عدم وجوب الإرضاع على الحامل إذا طلقت.
গৰ্ভৱতী মহিলাক তালাক প্ৰদান কৰিলে, তাইৰ বাবে শিশুক দুগ্ধ পান কৰোৱা বাধ্যতামূলক নহয়।

• التكليف لا يكون إلا بالمستطاع.
দায়িত্ব কেৱল সেইটোৱে দিব পৰা যায়, যিটো কৰাৰ ক্ষমতা তাৰ আছে।

• الإيمان بقدرة الله وإحاطة علمه بكل شيء سبب للرضا وسكينة القلب.
আল্লাহৰ পূৰ্ণক্ষমতা আৰু তেওঁৰ অসীম জ্ঞানৰ প্ৰতি ঈমান পোষণে মানুহক সন্তুষ্টি আৰু আন্তৰিক প্ৰশান্তি প্ৰদান কৰে।

 
অৰ্থানুবাদ আয়াত: (10) ছুৰা: আত-তালাক্ব
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ