আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (42) ছুৰা: ছুৰা আল-আ'ৰাফ
وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَا نُكَلِّفُ نَفْسًا اِلَّا وُسْعَهَاۤ ؗ— اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু সক্ষম অনুযায়ী নেক আমল কৰিছে (যদিও আল্লাহে কোনো বান্দাক সাধ্যাতীত বোজা বহণৰ আদেশ নিদিয়ে), সেই সকল লোকেই হৈছে জান্নাতৰ অধিবাসী, য’ত তেওঁলোক চিৰকাল থাকিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• المودة التي كانت بين المكذبين في الدنيا تنقلب يوم القيامة عداوة وملاعنة.
অস্বীকাৰকাৰী সকলৰ মাজত পৃথিৱীত থকা বন্ধুত্ব ক্বিয়ামতৰ দিনা শত্ৰুতাত ৰূপান্তৰিত হ'ব, তেতিয়া সিহঁতে ইজনে সিজনক অভিশাপ কৰিব।

• أرواح المؤمنين تفتح لها أبواب السماء حتى تَعْرُج إلى الله، وتبتهج بالقرب من ربها والحظوة برضوانه.
মুমিনসকলৰ বাবে ৰূহৰ বাবে আকাশৰ দুৱাৰ খুলি দিয়া হয়, ফলত আল্লাহৰ পিনে গতি কৰে আৰু আল্লাহৰ নৈকট্য তথা সন্তুষ্টি লাভ কৰি আনন্দিত হয়।

• أرواح المكذبين المعرضين لا تفتح لها أبواب السماء، وإذا ماتوا وصعدت فهي تستأذن فلا يؤذن لها، فهي كما لم تصعد في الدنيا بالإيمان بالله ومعرفته ومحبته، فكذلك لا تصعد بعد الموت، فإن الجزاء من جنس العمل.
বিমুখ হোৱা তথা অস্বীকাৰকাৰী সকলৰ ৰূহৰ বাবে আকাশৰ দুৱাৰ খোলা নহয়। মৃত্যুৰ পিছত যেতিয়া সেই ৰূহ ওপৰলৈ যোৱাৰ অনুমতি বিচাৰে, তেতিয়া তাক অনুমতি দিয়া নহয়। যিদৰে পৃথিৱীত সি আল্লাহৰ প্ৰতি ঈমান, তেওঁৰ বিষয়ে জ্ঞান তথা তেওঁৰ মুহাব্বতৰ জৰিয়তে উৰ্দ্ধ গমন কৰিব পৰা নাই, সেইদৰে সি মৃত্যুৰ পিছতো উৰ্দ্ধ গমন কৰিব নোৱাৰিব। কাৰণ আমল অনুপাতেই প্ৰতিদান দিয়া হয়।

• أهل الجنة نجوا من النار بعفو الله، وأدخلوا الجنة برحمة الله، واقتسموا المنازل وورثوها بالأعمال الصالحة وهي من رحمته، بل من أعلى أنواع رحمته.
আল্লাহে ক্ষমা কৰাৰ কাৰণে জান্নাতিসকলে জাহান্নামৰ পৰা মুক্তি লাভ কৰে, আৰু আল্লাহৰ দয়াৰ কাৰণে জান্নাতত প্ৰৱেশ কৰে। তথা জান্নাতত বিভিন্ন মৰ্যদা সত্কৰ্মৰ জৰিয়তে লাভ কৰে, যিবোৰ আমল কৰাৰ তাওফীক আল্লাহৰ দয়াৰ জৰিয়তে লাভ হয়। বৰং এইটো আল্লাহৰ আটাইতকৈ ডাঙৰ কৃপা।

 
অৰ্থানুবাদ আয়াত: (42) ছুৰা: ছুৰা আল-আ'ৰাফ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ