আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (99) ছুৰা: ছুৰা আল-আ'ৰাফ
اَفَاَمِنُوْا مَكْرَ اللّٰهِ ۚ— فَلَا یَاْمَنُ مَكْرَ اللّٰهِ اِلَّا الْقَوْمُ الْخٰسِرُوْنَ ۟۠
চোৱা! আল্লাহে সিহঁতক কেনেকৈ অৱকাশ দিছে, লগতে সিহঁতক শক্তি আৰু জীৱিকাৰ প্ৰশস্ততা প্ৰদান কৰিছে। এতেকে এই অস্বীকাৰকাৰী জনপদৰ অধিবাসীসকলে আল্লাহৰ কৌশল আৰু তেওঁৰ গোপন উপায় সম্পৰ্কে নিশ্চিন্ত হৈছে নেকি? এতেকে (জানি থোৱা!) আল্লাহৰ গোপন কৌশলৰ পৰা কেৱল সেইসকল লোকেই নিশ্চিন্ত মনে অমনোযোগী হৈ থাকে, যিসকলৰ ভাগ্যত বিনাশ লিখা হৈছে। আনহাতে তাওফীকপ্ৰাপ্ত লোকসকলে তেওঁৰ গোপন কৌশলৰ পৰা ভয় কৰে। সেয়ে তেওঁলোকে তেওঁৰ নিয়ামতৰ দ্বাৰা প্ৰৱঞ্চিত নহয়। বৰং তেওঁৰ অনুগ্ৰহত কৃতজ্ঞতা প্ৰকাশ কৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الإيمان والعمل الصالح سبب لإفاضة الخيرات والبركات من السماء والأرض على الأمة.
ঈমান আৰু সৎকৰ্ম হৈছে উম্মতৰ ওপৰত বৰকত আৰু কল্যাণ বৰ্ষণৰ মাধ্যমস্বৰূপ।

• الصلة وثيقة بين سعة الرزق والتقوى، وإنْ أنعم الله على الكافرين فإن هذا استدراج لهم ومكر بهم.
জীৱিকাৰ প্ৰশস্ততা আৰু তাক্বৱাৰ মাজত আছে বৰ ঘনিষ্ঠ সম্পৰ্ক। আনহাতে আল্লাহে যদি কাফিৰসকলক নিয়ামত প্ৰদান কৰিছে, সেয়া হৈছে সিহঁতৰ বাবে অৱকাশ আৰু সিহঁতক গ্ৰেপ্তাৰ কৰাৰ এটা কৌশল।

• على العبد ألا يأمن من عذاب الله المفاجئ الذي قد يأتي في أية ساعة من ليل أو نهار.
বান্দাৰ বাবে আল্লাহৰ আকস্মিক আজাবৰ পৰা নিশ্চিন্ত হোৱা কেতিয়াও উচিত নহয়। সেইটো ৰাতি অথবা দিন যেতিয়া তেতিয়াই আহিব পাৰে।

• يقص القرآن أخبار الأمم السابقة من أجل تثبيت المؤمنين وتحذير الكافرين.
কোৰআনে পূৰ্বৱৰ্তী জাতিসকলৰ কাহিনী, মুমিনসকলৰ অন্তৰ মজবুত কৰিবলৈ আৰু কাফিৰসকলক সাৱধান কৰিবলৈ বৰ্ণনা কৰে।

 
অৰ্থানুবাদ আয়াত: (99) ছুৰা: ছুৰা আল-আ'ৰাফ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ