আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (28) ছুৰা: ছুৰা আল-আনফাল
وَاعْلَمُوْۤا اَنَّمَاۤ اَمْوَالُكُمْ وَاَوْلَادُكُمْ فِتْنَةٌ ۙ— وَّاَنَّ اللّٰهَ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟۠
হে মুমিনসকল! জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি তোমালোকৰ বাবে আপদ আৰু পৰীক্ষা। কিয়নো এইবোৰে তোমালোকক আখিৰাতৰ আমলত বাধাৰ সৃষ্টি কৰে আৰু বিশ্বাসঘাতকতা কৰিবলৈ প্ৰেৰণা যোগায়। জানি থোৱা, নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান। এতেকে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ প্ৰতি তোমালোকৰ গভীৰ মনোযোগৰ কাৰণে আৰু বিশ্বাসঘাতকতাত লিপ্ত হৈ এই ছোৱাবৰ পৰা যাতে বঞ্চিত নোহোৱা।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الشكر نعمة عظيمة يزيد بها فضل الله تعالى، وينقص عند إغفالها.
কৃতজ্ঞতা বৰ ডাঙৰ নিয়ামত, যাৰ ফলত আল্লাহৰ অনুগ্ৰহ বৃদ্ধি পায়। আনহাতে ইয়াৰ অৱহেলাত অনুগ্ৰহ হ্ৰাস পায়।

• للأمانة شأن عظيم في استقامة أحوال المسلمين، ما ثبتوا عليها وتخلقوا بها، وهي دليل نزاهة النفس واعتدال أعمالها.
মুছলমানৰ অৱস্থা প্ৰতিষ্ঠিত থকাৰ ক্ষেত্ৰত আমানতদাৰীতাই বৰ ডাঙৰ ভূমিকা পালন কৰে। যেতিয়ালৈকে তেওঁলোক আমানতদাৰীৰ ওপৰত অবিচল থাকিব তেতিয়ালৈকে তেওঁলোকৰ অৱস্থা ভাল থাকিব। আমানতদাৰী আচলতে আত্মাৰ পৱিত্ৰতা আৰু মানুহৰ কৰ্মৰ শুদ্ধতাৰ প্ৰমাণ।

• ما عند الله من الأجر على كَفِّ النفس عن المنهيات، خير من المنافع الحاصلة عن اقتحام المناهي لأجل الأموال والأولاد.
নিষেধকৃত বস্তুৰ পৰা নিজকে বিৰত ৰখাৰ ফলত আল্লাহৰ ওচৰত যি প্ৰতিফল পোৱা যাব, সেইটো সেইবোৰ উপকাৰতকৈ অধিক উত্তম যিবোৰ ধন-সম্পদ আৰু সন্তান-সন্ততিৰ কাৰণে নিষেধকৃত কৰ্মবোৰ কৰাৰ ফলত অৰ্জন হয়।

• في الآيات بيان سفه عقول المعرضين؛ لأنهم لم يقولوا: اللَّهُمَّ إن كان هذا هو الحق من عندك فاهدنا إليه.
উক্ত আয়াতসমূহত বিমুখ হোৱা লোকসকলৰ বিবেকহীনতাৰ কথা উল্লেখ কৰা হৈছে। কিয়নো সিহঁতে এইদৰে দুআ কৰা নাছিল যে, হে আল্লাহ! যদি এইটো তোমাৰ ফালৰ পৰা সত্য তেন্তে আমাক হিদায়ত দিয়া।

• في الآيات فضيلة الاستغفار وبركته، وأنه من موانع وقوع العذاب.
উক্ত আয়াতসমূহত ক্ষমা প্ৰাৰ্থনাৰ গুৰুত্ব তথা বৰকতৰ কথা উল্লেখ আছে। লগতে এইটো শাস্তি প্ৰতিৰোধ কৰাৰ অন্যতম উপায়।

 
অৰ্থানুবাদ আয়াত: (28) ছুৰা: ছুৰা আল-আনফাল
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ