আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী * - অনুবাদসমূহৰ সূচীপত্ৰ

PDF XML CSV Excel API
Please review the Terms and Policies

অৰ্থানুবাদ আয়াত: (217) ছুৰা: ছুৰা আল-বাক্বাৰাহ
یَسْـَٔلُوْنَكَ عَنِ الشَّهْرِ الْحَرَامِ قِتَالٍ فِیْهِ ؕ— قُلْ قِتَالٌ فِیْهِ كَبِیْرٌ ؕ— وَصَدٌّ عَنْ سَبِیْلِ اللّٰهِ وَكُفْرٌ بِهٖ وَالْمَسْجِدِ الْحَرَامِ ۗ— وَاِخْرَاجُ اَهْلِهٖ مِنْهُ اَكْبَرُ عِنْدَ اللّٰهِ ۚ— وَالْفِتْنَةُ اَكْبَرُ مِنَ الْقَتْلِ ؕ— وَلَا یَزَالُوْنَ یُقَاتِلُوْنَكُمْ حَتّٰی یَرُدُّوْكُمْ عَنْ دِیْنِكُمْ اِنِ اسْتَطَاعُوْا ؕ— وَمَنْ یَّرْتَدِدْ مِنْكُمْ عَنْ دِیْنِهٖ فَیَمُتْ وَهُوَ كَافِرٌ فَاُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰাটো কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাটো আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা (শ্বিৰ্ক) হৈছে হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) যদি সিহঁত সক্ষম হয় তেন্তে তোমালোকক তোমালোকৰ (সুপ্ৰতিষ্ঠিত) দ্বীনৰ পৰা ওভতাই লৈ নোযোৱা পৰ্যন্ত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব। এতেকে তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে (জানি থোৱা) পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।
আৰবী তাফছীৰসমূহ:
 
অৰ্থানুবাদ আয়াত: (217) ছুৰা: ছুৰা আল-বাক্বাৰাহ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী - অনুবাদসমূহৰ সূচীপত্ৰ

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। অনুবাদ কৰিছে, আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী চাহাবে। অনুবাদকালঃ ১৪৩৮ হিজৰী।

বন্ধ