আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী * - অনুবাদসমূহৰ সূচীপত্ৰ

PDF XML CSV Excel API
Please review the Terms and Policies

অৰ্থানুবাদ আয়াত: (25) ছুৰা: ছুৰা আন-নিছা
وَمَنْ لَّمْ یَسْتَطِعْ مِنْكُمْ طَوْلًا اَنْ یَّنْكِحَ الْمُحْصَنٰتِ الْمُؤْمِنٰتِ فَمِنْ مَّا مَلَكَتْ اَیْمَانُكُمْ مِّنْ فَتَیٰتِكُمُ الْمُؤْمِنٰتِ ؕ— وَاللّٰهُ اَعْلَمُ بِاِیْمَانِكُمْ ؕ— بَعْضُكُمْ مِّنْ بَعْضٍ ۚ— فَانْكِحُوْهُنَّ بِاِذْنِ اَهْلِهِنَّ وَاٰتُوْهُنَّ اُجُوْرَهُنَّ بِالْمَعْرُوْفِ مُحْصَنٰتٍ غَیْرَ مُسٰفِحٰتٍ وَّلَا مُتَّخِذٰتِ اَخْدَانٍ ۚ— فَاِذَاۤ اُحْصِنَّ فَاِنْ اَتَیْنَ بِفَاحِشَةٍ فَعَلَیْهِنَّ نِصْفُ مَا عَلَی الْمُحْصَنٰتِ مِنَ الْعَذَابِ ؕ— ذٰلِكَ لِمَنْ خَشِیَ الْعَنَتَ مِنْكُمْ ؕ— وَاَنْ تَصْبِرُوْا خَیْرٌ لَّكُمْ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟۠
আৰু তোমালোকৰ মাজৰ যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁতে ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; এই (দাসী বিবাহৰ) বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে যিসকলে ব্যভিচাৰক ভয়; আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মঙ্গল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
আৰবী তাফছীৰসমূহ:
 
অৰ্থানুবাদ আয়াত: (25) ছুৰা: ছুৰা আন-নিছা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী - অনুবাদসমূহৰ সূচীপত্ৰ

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। অনুবাদ কৰিছে, আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী চাহাবে। অনুবাদকালঃ ১৪৩৮ হিজৰী।

বন্ধ