আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আশ্ব-শ্বুৰা

external-link copy
1 : 42

حٰمٓ ۟ۚ

হা-মীম।[1] info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير:

external-link copy
2 : 42

عٓسٓقٓ ۟

আঈন-ছীন-ক্বাফ।[2] info

[2] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير:

external-link copy
3 : 42

كَذٰلِكَ یُوْحِیْۤ اِلَیْكَ وَاِلَی الَّذِیْنَ مِنْ قَبْلِكَ ۙ— اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟

এইদৰেই তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰিছে মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহে। info
التفاسير:

external-link copy
4 : 42

لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَهُوَ الْعَلِیُّ الْعَظِیْمُ ۟

আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান। info
التفاسير:

external-link copy
5 : 42

تَكَادُ السَّمٰوٰتُ یَتَفَطَّرْنَ مِنْ فَوْقِهِنَّ وَالْمَلٰٓىِٕكَةُ یُسَبِّحُوْنَ بِحَمْدِ رَبِّهِمْ وَیَسْتَغْفِرُوْنَ لِمَنْ فِی الْاَرْضِ ؕ— اَلَاۤ اِنَّ اللّٰهَ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟

আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসীসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু। info
التفاسير:

external-link copy
6 : 42

وَالَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ اللّٰهُ حَفِیْظٌ عَلَیْهِمْ ۖؗ— وَمَاۤ اَنْتَ عَلَیْهِمْ بِوَكِیْلٍ ۟

আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহে সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। (হে নবী!) তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়। info
التفاسير:

external-link copy
7 : 42

وَكَذٰلِكَ اَوْحَیْنَاۤ اِلَیْكَ قُرْاٰنًا عَرَبِیًّا لِّتُنْذِرَ اُمَّ الْقُرٰی وَمَنْ حَوْلَهَا وَتُنْذِرَ یَوْمَ الْجَمْعِ لَا رَیْبَ فِیْهِ ؕ— فَرِیْقٌ فِی الْجَنَّةِ وَفَرِیْقٌ فِی السَّعِیْرِ ۟

আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা জনগণক সতৰ্ক কৰিব পাৰা, লগতে যাতে সতৰ্ক কৰিব পাৰা সমবেত হ’বলগীয়া (কিয়ামত) দিৱস সম্পৰ্কে, য’ত কোনো সন্দেহ নাই। (সেইদিনা) এদল জান্নাতত যাব আৰু এদল যাব জ্বলন্ত অগ্নিত। info
التفاسير:

external-link copy
8 : 42

وَلَوْ شَآءَ اللّٰهُ لَجَعَلَهُمْ اُمَّةً وَّاحِدَةً وَّلٰكِنْ یُّدْخِلُ مَنْ یَّشَآءُ فِیْ رَحْمَتِهٖ ؕ— وَالظّٰلِمُوْنَ مَا لَهُمْ مِّنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟

আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। আনহাতে যালিমসকল, সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই। info
التفاسير:

external-link copy
9 : 42

اَمِ اتَّخَذُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ ۚ— فَاللّٰهُ هُوَ الْوَلِیُّ وَهُوَ یُحْیِ الْمَوْتٰی ؗ— وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠

সিহঁতে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰিছে নেকি, কিন্তু আল্লাহ, কেৱল তেওঁহে প্ৰকৃত অভিভাৱক, আৰু তেৱেঁই মৃতক জীৱিত কৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। info
التفاسير:

external-link copy
10 : 42

وَمَا اخْتَلَفْتُمْ فِیْهِ مِنْ شَیْءٍ فَحُكْمُهٗۤ اِلَی اللّٰهِ ؕ— ذٰلِكُمُ اللّٰهُ رَبِّیْ عَلَیْهِ تَوَكَّلْتُ ۖۗ— وَاِلَیْهِ اُنِیْبُ ۟

আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা আছে কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ প্ৰতিপালক; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছোঁ আৰু মই তেওঁৰেই অভিমুখী হওঁ। info
التفاسير:

external-link copy
11 : 42

فَاطِرُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— جَعَلَ لَكُمْ مِّنْ اَنْفُسِكُمْ اَزْوَاجًا وَّمِنَ الْاَنْعَامِ اَزْوَاجًا ۚ— یَذْرَؤُكُمْ فِیْهِ ؕ— لَیْسَ كَمِثْلِهٖ شَیْءٌ ۚ— وَهُوَ السَّمِیْعُ الْبَصِیْرُ ۟

তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ উপমাযোগ্য নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। info
التفاسير:

external-link copy
12 : 42

لَهٗ مَقَالِیْدُ السَّمٰوٰتِ وَالْاَرْضِ ۚ— یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ— اِنَّهٗ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟

আকাশসমূহ আৰু পৃথিৱীৰ চাবি-কাঠি তেওঁৰেই ওচৰত। তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে। নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ। info
التفاسير:

external-link copy
13 : 42

شَرَعَ لَكُمْ مِّنَ الدِّیْنِ مَا وَصّٰی بِهٖ نُوْحًا وَّالَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ وَمَا وَصَّیْنَا بِهٖۤ اِبْرٰهِیْمَ وَمُوْسٰی وَعِیْسٰۤی اَنْ اَقِیْمُوا الدِّیْنَ وَلَا تَتَفَرَّقُوْا فِیْهِ ؕ— كَبُرَ عَلَی الْمُشْرِكِیْنَ مَا تَدْعُوْهُمْ اِلَیْهِ ؕ— اَللّٰهُ یَجْتَبِیْۤ اِلَیْهِ مَنْ یَّشَآءُ وَیَهْدِیْۤ اِلَیْهِ مَنْ یُّنِیْبُ ۟ؕ

তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছোঁ লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলোঁ যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে। info
التفاسير:

external-link copy
14 : 42

وَمَا تَفَرَّقُوْۤا اِلَّا مِنْ بَعْدِ مَا جَآءَهُمُ الْعِلْمُ بَغْیًا بَیْنَهُمْ ؕ— وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ اِلٰۤی اَجَلٍ مُّسَمًّی لَّقُضِیَ بَیْنَهُمْ ؕ— وَاِنَّ الَّذِیْنَ اُوْرِثُوا الْكِتٰبَ مِنْ بَعْدِهِمْ لَفِیْ شَكٍّ مِّنْهُ مُرِیْبٍ ۟

আৰু সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত মতভেদ ঘটায়। এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিয়া হ'ব বুলি তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। সিহঁতৰ পিছত যিসকলে কিতাবৰ উত্তৰাধিকাৰী হৈছে, নিশ্চয় সিহঁতে এই (কোৰআন) সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে। info
التفاسير:

external-link copy
15 : 42

فَلِذٰلِكَ فَادْعُ ۚ— وَاسْتَقِمْ كَمَاۤ اُمِرْتَ ۚ— وَلَا تَتَّبِعْ اَهْوَآءَهُمْ ۚ— وَقُلْ اٰمَنْتُ بِمَاۤ اَنْزَلَ اللّٰهُ مِنْ كِتٰبٍ ۚ— وَاُمِرْتُ لِاَعْدِلَ بَیْنَكُمْ ؕ— اَللّٰهُ رَبُّنَا وَرَبُّكُمْ ؕ— لَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ؕ— لَا حُجَّةَ بَیْنَنَا وَبَیْنَكُمْ ؕ— اَللّٰهُ یَجْمَعُ بَیْنَنَا ۚ— وَاِلَیْهِ الْمَصِیْرُ ۟ؕ

এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অটল থাকা, যিদৰে তোমাক আদেশ কৰা হৈছে। তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা; আৰু কোৱা, ‘আল্লাহে যিখন কিতাব অৱতীৰ্ণ কৰিছে মই তাত ঈমান আনিছোঁ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে। আল্লাহেই আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে; আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ-বিসম্বাদ নাই। আল্লাহেই আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন হ’ব’। info
التفاسير:

external-link copy
16 : 42

وَالَّذِیْنَ یُحَآجُّوْنَ فِی اللّٰهِ مِنْ بَعْدِ مَا اسْتُجِیْبَ لَهٗ حُجَّتُهُمْ دَاحِضَةٌ عِنْدَ رَبِّهِمْ وَعَلَیْهِمْ غَضَبٌ وَّلَهُمْ عَذَابٌ شَدِیْدٌ ۟

আল্লাহৰ আহ্বানত সঁহাৰি দিয়াৰ পিছতো যিসকলে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতৰ যুক্তি-তৰ্ক সিহঁতৰ প্ৰতিপালকৰ দৃষ্টিত অসাৰ। সিহঁত হৈছে তেওঁৰ ক্ৰোধৰ পাত্ৰ, আৰু সিহঁতৰ বাবে আছে কঠিন শাস্তি। info
التفاسير:

external-link copy
17 : 42

اَللّٰهُ الَّذِیْۤ اَنْزَلَ الْكِتٰبَ بِالْحَقِّ وَالْمِیْزَانَ ؕ— وَمَا یُدْرِیْكَ لَعَلَّ السَّاعَةَ قَرِیْبٌ ۟

তেৱেঁই আল্লাহ, যিজনে সত্য সহকাৰে কিতাব আৰু মীজান অৱতীৰ্ণ কৰিছে। তুমি কেনেকৈ জানিবা! সম্ভৱতঃ কিয়ামত অতি নিকটৱৰ্তী? info
التفاسير:

external-link copy
18 : 42

یَسْتَعْجِلُ بِهَا الَّذِیْنَ لَا یُؤْمِنُوْنَ بِهَا ۚ— وَالَّذِیْنَ اٰمَنُوْا مُشْفِقُوْنَ مِنْهَا ۙ— وَیَعْلَمُوْنَ اَنَّهَا الْحَقُّ ؕ— اَلَاۤ اِنَّ الَّذِیْنَ یُمَارُوْنَ فِی السَّاعَةِ لَفِیْ ضَلٰلٍۢ بَعِیْدٍ ۟

যিসকলে ইয়াক বিশ্বাস নকৰে সিহঁতেই ইয়াক ত্বৰান্বিত কৰিব বিচাৰে। আনহাতে যিসকলে ইয়াক বিশ্বাস কৰে, তেওঁলোকে ইয়াক ভয় কৰে, আৰু তেওঁলোকে জানে যে, এয়া নিশ্চিতভাৱে সত্য। জানি থোৱা, কিয়ামত সম্পৰ্কে যিসকলে বাক-বিতণ্ডা কৰে, সিহঁত নিশ্চয় ঘোৰ বিভ্ৰান্তিত নিপতিত। info
التفاسير:

external-link copy
19 : 42

اَللّٰهُ لَطِیْفٌ بِعِبَادِهٖ یَرْزُقُ مَنْ یَّشَآءُ ۚ— وَهُوَ الْقَوِیُّ الْعَزِیْزُ ۟۠

আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল; তেওঁ যাক ইচ্ছা কৰে জীৱিকা দান কৰে। তেওঁ সৰ্বশক্তিমান. প্ৰবল পৰাক্ৰমশালী। info
التفاسير:

external-link copy
20 : 42

مَنْ كَانَ یُرِیْدُ حَرْثَ الْاٰخِرَةِ نَزِدْ لَهٗ فِیْ حَرْثِهٖ ۚ— وَمَنْ كَانَ یُرِیْدُ حَرْثَ الدُّنْیَا نُؤْتِهٖ مِنْهَا ۙ— وَمَا لَهٗ فِی الْاٰخِرَةِ مِنْ نَّصِیْبٍ ۟

যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমান দিওঁ। কিন্তু আখিৰাতত তাৰ কোনো অংশ নাথাকিব। info
التفاسير:

external-link copy
21 : 42

اَمْ لَهُمْ شُرَكٰٓؤُا شَرَعُوْا لَهُمْ مِّنَ الدِّیْنِ مَا لَمْ یَاْذَنْ بِهِ اللّٰهُ ؕ— وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِیَ بَیْنَهُمْ ؕ— وَاِنَّ الظّٰلِمِیْنَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟

অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়তী বিধান প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? চূড়ান্ত মীমাংসাৰ ঘোষণা নাথাকিলে সিহঁতৰ বিষয়ে নিশ্চয় ফয়চালা হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। info
التفاسير:

external-link copy
22 : 42

تَرَی الظّٰلِمِیْنَ مُشْفِقِیْنَ مِمَّا كَسَبُوْا وَهُوَ وَاقِعٌ بِهِمْ ؕ— وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فِیْ رَوْضٰتِ الْجَنّٰتِ ۚ— لَهُمْ مَّا یَشَآءُوْنَ عِنْدَ رَبِّهِمْ ؕ— ذٰلِكَ هُوَ الْفَضْلُ الْكَبِیْرُ ۟

তুমি যালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা। অথচ সেয়া আপতিত হ’ব সিহঁতৰেই ওপৰত। আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত। তেওঁলোকে যিটোৱেই বিচাৰিব সেইটোৱেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব। এইটোৱেই হৈছে মহা অনুগ্ৰহ। info
التفاسير:

external-link copy
23 : 42

ذٰلِكَ الَّذِیْ یُبَشِّرُ اللّٰهُ عِبَادَهُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ؕ— قُلْ لَّاۤ اَسْـَٔلُكُمْ عَلَیْهِ اَجْرًا اِلَّا الْمَوَدَّةَ فِی الْقُرْبٰی ؕ— وَمَنْ یَّقْتَرِفْ حَسَنَةً نَّزِدْ لَهٗ فِیْهَا حُسْنًا ؕ— اِنَّ اللّٰهَ غَفُوْرٌ شَكُوْرٌ ۟

এইটোৱেই হৈছে সেই সুসংবাদ, যিটো আল্লাহে তেওঁৰ সেইসকল বান্দাক দিছে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। কোৱা, ‘মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰোঁ’। যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ। নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল, গুণগ্ৰাহী। info
التفاسير:

external-link copy
24 : 42

اَمْ یَقُوْلُوْنَ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ۚ— فَاِنْ یَّشَاِ اللّٰهُ یَخْتِمْ عَلٰی قَلْبِكَ ؕ— وَیَمْحُ اللّٰهُ الْبَاطِلَ وَیُحِقُّ الْحَقَّ بِكَلِمٰتِهٖ ؕ— اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟

অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ (মুহাম্মদে) আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে’? যদি সেইটোৱেই হ’লহেঁতেন তেন্তে (হে মুহাম্মদ) আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন। আল্লাহে বাতিলক মচি দিয়ে আৰু নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে। নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত। info
التفاسير:

external-link copy
25 : 42

وَهُوَ الَّذِیْ یَقْبَلُ التَّوْبَةَ عَنْ عِبَادِهٖ وَیَعْفُوْا عَنِ السَّیِّاٰتِ وَیَعْلَمُ مَا تَفْعَلُوْنَ ۟ۙ

আৰু তেৱেঁই নিজ বান্দাসকলৰ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে; আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে। info
التفاسير:

external-link copy
26 : 42

وَیَسْتَجِیْبُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَیَزِیْدُهُمْ مِّنْ فَضْلِهٖ ؕ— وَالْكٰفِرُوْنَ لَهُمْ عَذَابٌ شَدِیْدٌ ۟

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ আহ্বানত তেৱেঁই সঁহাৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ বৃদ্ধি কৰি দিয়ে; আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তি। info
التفاسير:

external-link copy
27 : 42

وَلَوْ بَسَطَ اللّٰهُ الرِّزْقَ لِعِبَادِهٖ لَبَغَوْا فِی الْاَرْضِ وَلٰكِنْ یُّنَزِّلُ بِقَدَرٍ مَّا یَشَآءُ ؕ— اِنَّهٗ بِعِبَادِهٖ خَبِیْرٌ بَصِیْرٌ ۟

আৰু যদি আল্লাহে তেওঁৰ সকলো বান্দাৰ জীৱিকা প্ৰশস্ত কৰি দিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত নিশ্চয় সীমালংঘন কৰিলেহেঁতেন; কিন্তু তেওঁ নিজৰ ইচ্ছামতে নিৰ্দিষ্ট পৰিমাণে (জীৱিকা) অৱতীৰ্ণ কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত আৰু সৰ্বদ্ৰষ্টা। info
التفاسير:

external-link copy
28 : 42

وَهُوَ الَّذِیْ یُنَزِّلُ الْغَیْثَ مِنْ بَعْدِ مَا قَنَطُوْا وَیَنْشُرُ رَحْمَتَهٗ ؕ— وَهُوَ الْوَلِیُّ الْحَمِیْدُ ۟

আৰু সিহঁত নিৰাশ হোৱাৰ পিছত তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁৰ ৰহমত বিস্তাৰ কৰে। তেৱেঁই অভিভাৱক, অত্যন্ত প্ৰশংসিত। info
التفاسير:

external-link copy
29 : 42

وَمِنْ اٰیٰتِهٖ خَلْقُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَثَّ فِیْهِمَا مِنْ دَآبَّةٍ ؕ— وَهُوَ عَلٰی جَمْعِهِمْ اِذَا یَشَآءُ قَدِیْرٌ ۟۠

আৰু তেওঁৰ অন্যতম নিদৰ্শন হৈছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, আৰু এই দুয়োৰে মাজত তেওঁ যিবোৰ জীৱ-জন্তু বিস্তাৰ কৰিছে সেইবোৰো (তেওঁৰেই নিদৰ্শন); আৰু তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সেইবোৰক সমবেত কৰিবলৈ সক্ষম। info
التفاسير:

external-link copy
30 : 42

وَمَاۤ اَصَابَكُمْ مِّنْ مُّصِیْبَةٍ فَبِمَا كَسَبَتْ اَیْدِیْكُمْ وَیَعْفُوْا عَنْ كَثِیْرٍ ۟ؕ

আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে। info
التفاسير:

external-link copy
31 : 42

وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ فِی الْاَرْضِ ۖۚ— وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟

আৰু তোমালোকে পৃথিৱীত (আল্লাহৰ কৰ্ম পৰিকল্পনাক) ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই। info
التفاسير:

external-link copy
32 : 42

وَمِنْ اٰیٰتِهِ الْجَوَارِ فِی الْبَحْرِ كَالْاَعْلَامِ ۟ؕ

তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে সাগৰত চলাচল কৰা পৰ্বতসদৃশ নৌযানসমূহ। info
التفاسير:

external-link copy
33 : 42

اِنْ یَّشَاْ یُسْكِنِ الرِّیْحَ فَیَظْلَلْنَ رَوَاكِدَ عَلٰی ظَهْرِهٖ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟ۙ

তেওঁ ইচ্ছা কৰিলে বায়ুক স্তব্ধ কৰি দিব পাৰে, ফলত নৌযানসমূহ গতিহীন হৈ পৰিব সমুদ্ৰপৃষ্ঠত। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক চৰম ধৈৰ্যশীল আৰু একান্ত কৃতজ্ঞ ব্যক্তিৰ বাবে। info
التفاسير:

external-link copy
34 : 42

اَوْ یُوْبِقْهُنَّ بِمَا كَسَبُوْا وَیَعْفُ عَنْ كَثِیْرٍ ۟ۙ

অথবা সিহঁতৰ কৃতকৰ্মৰ বাবে সেইবোৰক তেওঁ ধ্বংস কৰি দিব পাৰে; আৰু বহুতো (অপৰাধক) তেওঁ ক্ষমাও কৰে। info
التفاسير:

external-link copy
35 : 42

وَّیَعْلَمَ الَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِنَا ؕ— مَا لَهُمْ مِّنْ مَّحِیْصٍ ۟

আৰু যিসকলে আমাৰ নিদৰ্শন সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতে যাতে জানিবলৈ পায় যে, সিহঁতৰ কোনো আশ্ৰয়স্থল নাই। info
التفاسير:

external-link copy
36 : 42

فَمَاۤ اُوْتِیْتُمْ مِّنْ شَیْءٍ فَمَتَاعُ الْحَیٰوةِ الدُّنْیَا ۚ— وَمَا عِنْدَ اللّٰهِ خَیْرٌ وَّاَبْقٰی لِلَّذِیْنَ اٰمَنُوْا وَعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟ۚ

এতেকে তোমালোকক যি দিয়া হৈছে সেয়া হৈছে কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আল্লাহৰ ওচৰত যি আছে সেয়া উত্তম আৰু স্থায়ী, সেইসকল লোকৰ বাবে যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে, info
التفاسير:

external-link copy
37 : 42

وَالَّذِیْنَ یَجْتَنِبُوْنَ كَبٰٓىِٕرَ الْاِثْمِ وَالْفَوَاحِشَ وَاِذَا مَا غَضِبُوْا هُمْ یَغْفِرُوْنَ ۟ۚ

তেওঁলোকে কাবীৰা গুনাহ আৰু অশ্লীল কৰ্মৰ পৰা আঁতৰত থাকে আৰু যেতিয়া খং উঠে তেতিয়া ক্ষমা কৰি দিয়ে। info
التفاسير:

external-link copy
38 : 42

وَالَّذِیْنَ اسْتَجَابُوْا لِرَبِّهِمْ وَاَقَامُوا الصَّلٰوةَ ۪— وَاَمْرُهُمْ شُوْرٰی بَیْنَهُمْ ۪— وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ۚ

আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকে নিজৰ কৰ্মসমূহক পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত কৰে। লগতে তেওঁলোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে। info
التفاسير:

external-link copy
39 : 42

وَالَّذِیْنَ اِذَاۤ اَصَابَهُمُ الْبَغْیُ هُمْ یَنْتَصِرُوْنَ ۟

আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায়-অবিচাৰ কৰা হ’লে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে। info
التفاسير:

external-link copy
40 : 42

وَجَزٰٓؤُا سَیِّئَةٍ سَیِّئَةٌ مِّثْلُهَا ۚ— فَمَنْ عَفَا وَاَصْلَحَ فَاَجْرُهٗ عَلَی اللّٰهِ ؕ— اِنَّهٗ لَا یُحِبُّ الظّٰلِمِیْنَ ۟

(জানি থোৱা) বেয়াৰ প্ৰতিফল হৈছে সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰীবিলাকক পছন্দ নকৰে। info
التفاسير:

external-link copy
41 : 42

وَلَمَنِ انْتَصَرَ بَعْدَ ظُلْمِهٖ فَاُولٰٓىِٕكَ مَا عَلَیْهِمْ مِّنْ سَبِیْلٍ ۟ؕ

কিন্তু অত্যাচাৰিত হোৱাৰ পিছত যিসকলে প্ৰতিবিধান কৰে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব, info
التفاسير:

external-link copy
42 : 42

اِنَّمَا السَّبِیْلُ عَلَی الَّذِیْنَ یَظْلِمُوْنَ النَّاسَ وَیَبْغُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ ؕ— اُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟

কেৱল সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিসকলে মানুহৰ ওপৰত অন্যায় কৰে আৰু পৃথিৱীত অন্যায়ভাৱে বিদ্ৰোহাচৰণ কৰি ফুৰে। সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি। info
التفاسير:

external-link copy
43 : 42

وَلَمَنْ صَبَرَ وَغَفَرَ اِنَّ ذٰلِكَ لَمِنْ عَزْمِ الْاُمُوْرِ ۟۠

অৱশ্যে যিয়ে ধৈৰ্য্য ধাৰণ কৰে আৰু ক্ষমা কৰি দিয়ে, নিশ্চয় সেয়া দৃঢ় সংকল্পৰেই কাম। info
التفاسير:

external-link copy
44 : 42

وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ وَّلِیٍّ مِّنْ بَعْدِهٖ ؕ— وَتَرَی الظّٰلِمِیْنَ لَمَّا رَاَوُا الْعَذَابَ یَقُوْلُوْنَ هَلْ اِلٰی مَرَدٍّ مِّنْ سَبِیْلٍ ۟ۚ

আৰু আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। যালিমসকলে যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে, ‘উভতি যোৱাৰ কোনো উপায় আছে নেকি’? info
التفاسير:

external-link copy
45 : 42

وَتَرٰىهُمْ یُعْرَضُوْنَ عَلَیْهَا خٰشِعِیْنَ مِنَ الذُّلِّ یَنْظُرُوْنَ مِنْ طَرْفٍ خَفِیٍّ ؕ— وَقَالَ الَّذِیْنَ اٰمَنُوْۤا اِنَّ الْخٰسِرِیْنَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ وَاَهْلِیْهِمْ یَوْمَ الْقِیٰمَةِ ؕ— اَلَاۤ اِنَّ الظّٰلِمِیْنَ فِیْ عَذَابٍ مُّقِیْمٍ ۟

আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত মূৰ অৱনত অৱস্থাত চুৰকৈ চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় যালিমসকল স্থায়ী শাস্তিত নিপতিত থাকিব। info
التفاسير:

external-link copy
46 : 42

وَمَا كَانَ لَهُمْ مِّنْ اَوْلِیَآءَ یَنْصُرُوْنَهُمْ مِّنْ دُوْنِ اللّٰهِ ؕ— وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ سَبِیْلٍ ۟ؕ

আল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই। info
التفاسير:

external-link copy
47 : 42

اِسْتَجِیْبُوْا لِرَبِّكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا مَرَدَّ لَهٗ مِنَ اللّٰهِ ؕ— مَا لَكُمْ مِّنْ مَّلْجَاٍ یَّوْمَىِٕذٍ وَّمَا لَكُمْ مِّنْ نَّكِیْرٍ ۟

আল্লাহৰ তৰফৰ পৰা সেই অপ্ৰতিৰোধ্য দিৱসটো অহাৰ পূৰ্বেই তোমালোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়া। যিদিনা তোমালোকৰ কোনো আশ্ৰয়স্থল নাথাকিব আৰু তোমালোকৰ বাবে প্ৰতিৰোধকাৰীও নাথাকিব। info
التفاسير:

external-link copy
48 : 42

فَاِنْ اَعْرَضُوْا فَمَاۤ اَرْسَلْنٰكَ عَلَیْهِمْ حَفِیْظًا ؕ— اِنْ عَلَیْكَ اِلَّا الْبَلٰغُ ؕ— وَاِنَّاۤ اِذَاۤ اَذَقْنَا الْاِنْسَانَ مِنَّا رَحْمَةً فَرِحَ بِهَا ۚ— وَاِنْ تُصِبْهُمْ سَیِّئَةٌ بِمَا قَدَّمَتْ اَیْدِیْهِمْ فَاِنَّ الْاِنْسَانَ كَفُوْرٌ ۟

তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই। তোমাৰ দায়িত্ব হৈছে কেৱল বাণী প্ৰচাৰ কৰা। আমি যেতিয়া আমাৰ তৰফৰ পৰা মানুহক কোনো ৰহমত আস্বাদন কৰাওঁ তেতিয়া সি উৎফুল্লিত হয় কিন্তু যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ বিপদ-আপদ ঘটে, তেতিয়া মানুহ অতি অকৃতজ্ঞ হৈ পৰে। info
التفاسير:

external-link copy
49 : 42

لِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— یَخْلُقُ مَا یَشَآءُ ؕ— یَهَبُ لِمَنْ یَّشَآءُ اِنَاثًا وَّیَهَبُ لِمَنْ یَّشَآءُ الذُّكُوْرَ ۟ۙ

আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱেই সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে, আৰু যাক ইচ্ছা কৰে পুত্ৰ সন্তান দান কৰে, info
التفاسير:

external-link copy
50 : 42

اَوْ یُزَوِّجُهُمْ ذُكْرَانًا وَّاِنَاثًا ۚ— وَیَجْعَلُ مَنْ یَّشَآءُ عَقِیْمًا ؕ— اِنَّهٗ عَلِیْمٌ قَدِیْرٌ ۟

নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয় (সন্তান) দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাৱান। info
التفاسير:

external-link copy
51 : 42

وَمَا كَانَ لِبَشَرٍ اَنْ یُّكَلِّمَهُ اللّٰهُ اِلَّا وَحْیًا اَوْ مِنْ وَّرَآئِ حِجَابٍ اَوْ یُرْسِلَ رَسُوْلًا فَیُوْحِیَ بِاِذْنِهٖ مَا یَشَآءُ ؕ— اِنَّهٗ عَلِیٌّ حَكِیْمٌ ۟

কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই, যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক'ব পাৰিব অহীৰ মাধ্যমৰ বাহিৰে, অথবা পৰ্দাৰ আঁৰত নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে, যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়। info
التفاسير:

external-link copy
52 : 42

وَكَذٰلِكَ اَوْحَیْنَاۤ اِلَیْكَ رُوْحًا مِّنْ اَمْرِنَا ؕ— مَا كُنْتَ تَدْرِیْ مَا الْكِتٰبُ وَلَا الْاِیْمَانُ وَلٰكِنْ جَعَلْنٰهُ نُوْرًا نَّهْدِیْ بِهٖ مَنْ نَّشَآءُ مِنْ عِبَادِنَا ؕ— وَاِنَّكَ لَتَهْدِیْۤ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟ۙ

অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছোঁ। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছোঁ, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰোঁ। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া, info
التفاسير:

external-link copy
53 : 42

صِرَاطِ اللّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— اَلَاۤ اِلَی اللّٰهِ تَصِیْرُ الْاُمُوْرُ ۟۠

আল্লাহৰ পথলৈ, যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে মালিক। জানি থোৱা! সকলো বিষয় আল্লাহৰেই ফালে উভতি যাব। info
التفاسير: