আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আল-হুজুৰাত

external-link copy
1 : 49

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُقَدِّمُوْا بَیْنَ یَدَیِ اللّٰهِ وَرَسُوْلِهٖ وَاتَّقُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟

হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। info
التفاسير:

external-link copy
2 : 49

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَرْفَعُوْۤا اَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِیِّ وَلَا تَجْهَرُوْا لَهٗ بِالْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ اَنْ تَحْبَطَ اَعْمَالُكُمْ وَاَنْتُمْ لَا تَشْعُرُوْنَ ۟

হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গ'ম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব। info
التفاسير:

external-link copy
3 : 49

اِنَّ الَّذِیْنَ یَغُضُّوْنَ اَصْوَاتَهُمْ عِنْدَ رَسُوْلِ اللّٰهِ اُولٰٓىِٕكَ الَّذِیْنَ امْتَحَنَ اللّٰهُ قُلُوْبَهُمْ لِلتَّقْوٰی ؕ— لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ عَظِیْمٌ ۟

নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ। info
التفاسير:

external-link copy
4 : 49

اِنَّ الَّذِیْنَ یُنَادُوْنَكَ مِنْ وَّرَآءِ الْحُجُرٰتِ اَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟

নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে। info
التفاسير:

external-link copy
5 : 49

وَلَوْ اَنَّهُمْ صَبَرُوْا حَتّٰی تَخْرُجَ اِلَیْهِمْ لَكَانَ خَیْرًا لَّهُمْ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟

তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু। info
التفاسير:

external-link copy
6 : 49

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ جَآءَكُمْ فَاسِقٌ بِنَبَاٍ فَتَبَیَّنُوْۤا اَنْ تُصِیْبُوْا قَوْمًا بِجَهَالَةٍ فَتُصْبِحُوْا عَلٰی مَا فَعَلْتُمْ نٰدِمِیْنَ ۟

হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ’ব লাগিব। info
التفاسير:

external-link copy
7 : 49

وَاعْلَمُوْۤا اَنَّ فِیْكُمْ رَسُوْلَ اللّٰهِ ؕ— لَوْ یُطِیْعُكُمْ فِیْ كَثِیْرٍ مِّنَ الْاَمْرِ لَعَنِتُّمْ وَلٰكِنَّ اللّٰهَ حَبَّبَ اِلَیْكُمُ الْاِیْمَانَ وَزَیَّنَهٗ فِیْ قُلُوْبِكُمْ وَكَرَّهَ اِلَیْكُمُ الْكُفْرَ وَالْفُسُوْقَ وَالْعِصْیَانَ ؕ— اُولٰٓىِٕكَ هُمُ الرّٰشِدُوْنَ ۟ۙ

জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে নিশ্চয় কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ বাবে ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সঠিক পথপ্ৰাপ্ত। info
التفاسير:

external-link copy
8 : 49

فَضْلًا مِّنَ اللّٰهِ وَنِعْمَةً ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

(এইবোৰ হৈছে) আল্লাহৰ দান আৰু অনুগ্ৰহ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়। info
التفاسير:

external-link copy
9 : 49

وَاِنْ طَآىِٕفَتٰنِ مِنَ الْمُؤْمِنِیْنَ اقْتَتَلُوْا فَاَصْلِحُوْا بَیْنَهُمَا ۚ— فَاِنْ بَغَتْ اِحْدٰىهُمَا عَلَی الْاُخْرٰی فَقَاتِلُوا الَّتِیْ تَبْغِیْ حَتّٰی تَفِیْٓءَ اِلٰۤی اَمْرِ اللّٰهِ ۚ— فَاِنْ فَآءَتْ فَاَصْلِحُوْا بَیْنَهُمَا بِالْعَدْلِ وَاَقْسِطُوْا ؕ— اِنَّ اللّٰهَ یُحِبُّ الْمُقْسِطِیْنَ ۟

আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়। info
التفاسير:

external-link copy
10 : 49

اِنَّمَا الْمُؤْمِنُوْنَ اِخْوَةٌ فَاَصْلِحُوْا بَیْنَ اَخَوَیْكُمْ وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُرْحَمُوْنَ ۟۠

মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা। info
التفاسير:

external-link copy
11 : 49

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا یَسْخَرْ قَوْمٌ مِّنْ قَوْمٍ عَسٰۤی اَنْ یَّكُوْنُوْا خَیْرًا مِّنْهُمْ وَلَا نِسَآءٌ مِّنْ نِّسَآءٍ عَسٰۤی اَنْ یَّكُنَّ خَیْرًا مِّنْهُنَّ ۚ— وَلَا تَلْمِزُوْۤا اَنْفُسَكُمْ وَلَا تَنَابَزُوْا بِالْاَلْقَابِ ؕ— بِئْسَ الِاسْمُ الْفُسُوْقُ بَعْدَ الْاِیْمَانِ ۚ— وَمَنْ لَّمْ یَتُبْ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟

হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীসকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই হৈছে যালিম। info
التفاسير:

external-link copy
12 : 49

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اجْتَنِبُوْا كَثِیْرًا مِّنَ الظَّنِّ ؗ— اِنَّ بَعْضَ الظَّنِّ اِثْمٌ وَّلَا تَجَسَّسُوْا وَلَا یَغْتَبْ بَّعْضُكُمْ بَعْضًا ؕ— اَیُحِبُّ اَحَدُكُمْ اَنْ یَّاْكُلَ لَحْمَ اَخِیْهِ مَیْتًا فَكَرِهْتُمُوْهُ ؕ— وَاتَّقُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ تَوَّابٌ رَّحِیْمٌ ۟

হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ হৈছে পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপছন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু। info
التفاسير:

external-link copy
13 : 49

یٰۤاَیُّهَا النَّاسُ اِنَّا خَلَقْنٰكُمْ مِّنْ ذَكَرٍ وَّاُ وَجَعَلْنٰكُمْ شُعُوْبًا وَّقَبَآىِٕلَ لِتَعَارَفُوْا ؕ— اِنَّ اَكْرَمَكُمْ عِنْدَ اللّٰهِ اَتْقٰىكُمْ ؕ— اِنَّ اللّٰهَ عَلِیْمٌ خَبِیْرٌ ۟

হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিভিন্ন গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। info
التفاسير:

external-link copy
14 : 49

قَالَتِ الْاَعْرَابُ اٰمَنَّا ؕ— قُلْ لَّمْ تُؤْمِنُوْا وَلٰكِنْ قُوْلُوْۤا اَسْلَمْنَا وَلَمَّا یَدْخُلِ الْاِیْمَانُ فِیْ قُلُوْبِكُمْ ؕ— وَاِنْ تُطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ لَا یَلِتْكُمْ مِّنْ اَعْمَالِكُمْ شَیْـًٔا ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟

বেদুইনবিলাকে কয়, ‘আমি ঈমান আনিছোঁ’। কোৱা, ‘তোমালোকে ঈমান পোষণ কৰা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পণ কৰিছোঁ’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’। info
التفاسير:

external-link copy
15 : 49

اِنَّمَا الْمُؤْمِنُوْنَ الَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَرَسُوْلِهٖ ثُمَّ لَمْ یَرْتَابُوْا وَجٰهَدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ فِیْ سَبِیْلِ اللّٰهِ ؕ— اُولٰٓىِٕكَ هُمُ الصّٰدِقُوْنَ ۟

প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত তেওঁলোকে সন্দেহ পোষণ কৰা নাই, লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই হৈছে সত্যনিষ্ঠ। info
التفاسير:

external-link copy
16 : 49

قُلْ اَتُعَلِّمُوْنَ اللّٰهَ بِدِیْنِكُمْ ؕ— وَاللّٰهُ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟

কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’। info
التفاسير:

external-link copy
17 : 49

یَمُنُّوْنَ عَلَیْكَ اَنْ اَسْلَمُوْا ؕ— قُلْ لَّا تَمُنُّوْا عَلَیَّ اِسْلَامَكُمْ ۚ— بَلِ اللّٰهُ یَمُنُّ عَلَیْكُمْ اَنْ هَدٰىكُمْ لِلْاِیْمَانِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

সিহঁতে ভাবে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’। info
التفاسير:

external-link copy
18 : 49

اِنَّ اللّٰهَ یَعْلَمُ غَیْبَ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاللّٰهُ بَصِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠

নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা। info
التفاسير: