আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

ক্বাফ

external-link copy
1 : 50

قٓ ۫— وَالْقُرْاٰنِ الْمَجِیْدِ ۟ۚ

ক্বা-ফ,[1] শপত সন্মানিত কোৰআনৰ! info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير: |

external-link copy
2 : 50

بَلْ عَجِبُوْۤا اَنْ جَآءَهُمْ مُّنْذِرٌ مِّنْهُمْ فَقَالَ الْكٰفِرُوْنَ هٰذَا شَیْءٌ عَجِیْبٌ ۟ۚ

বৰং সিহঁতে বিস্মিত হৈছে এইকাৰণে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰলৈ আহিছে; আৰু কাফিৰসকলে কয়, ‘এইটো দেখোন এটা বিস্ময়কৰ বিষয়!’ info
التفاسير: |

external-link copy
3 : 50

ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا ۚ— ذٰلِكَ رَجْعٌ بَعِیْدٌ ۟

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হ'ম তথাপিও (আমি পুনৰুত্থিত হ'মনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’ info
التفاسير: |

external-link copy
4 : 50

قَدْ عَلِمْنَا مَا تَنْقُصُ الْاَرْضُ مِنْهُمْ ۚ— وَعِنْدَنَا كِتٰبٌ حَفِیْظٌ ۟

নিশ্চয় আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে, আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব। info
التفاسير: |

external-link copy
5 : 50

بَلْ كَذَّبُوْا بِالْحَقِّ لَمَّا جَآءَهُمْ فَهُمْ فِیْۤ اَمْرٍ مَّرِیْجٍ ۟

প্ৰকৃততে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে তাক অস্বীকাৰ কৰিছে। ফলত সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত। info
التفاسير: |

external-link copy
6 : 50

اَفَلَمْ یَنْظُرُوْۤا اِلَی السَّمَآءِ فَوْقَهُمْ كَیْفَ بَنَیْنٰهَا وَزَیَّنّٰهَا وَمَا لَهَا مِنْ فُرُوْجٍ ۟

সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছোঁ আৰু ইয়াক সুশোভিত কৰিছোঁ আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই? info
التفاسير: |

external-link copy
7 : 50

وَالْاَرْضَ مَدَدْنٰهَا وَاَلْقَیْنَا فِیْهَا رَوَاسِیَ وَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ زَوْجٍ بَهِیْجٍ ۟ۙ

আৰু আমি পৃথিৱীক বিস্তৃত কৰিছোঁ আৰু তাত স্থাপন কৰিছোঁ পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ, info
التفاسير: |

external-link copy
8 : 50

تَبْصِرَةً وَّذِكْرٰی لِكُلِّ عَبْدٍ مُّنِیْبٍ ۟

আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ। info
التفاسير: |

external-link copy
9 : 50

وَنَزَّلْنَا مِنَ السَّمَآءِ مَآءً مُّبٰرَكًا فَاَنْۢبَتْنَا بِهٖ جَنّٰتٍ وَّحَبَّ الْحَصِیْدِ ۟ۙ

আৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰোঁ বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা। info
التفاسير: |

external-link copy
10 : 50

وَالنَّخْلَ بٰسِقٰتٍ لَّهَا طَلْعٌ نَّضِیْدٌ ۟ۙ

আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা, info
التفاسير: |

external-link copy
11 : 50

رِّزْقًا لِّلْعِبَادِ ۙ— وَاَحْیَیْنَا بِهٖ بَلْدَةً مَّیْتًا ؕ— كَذٰلِكَ الْخُرُوْجُ ۟

বান্দাসকলৰ জীৱিকাৰ বাবে। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰোঁ মৃত চহৰক; এইদৰেই পুনৰুত্থান ঘটিব। info
التفاسير: |

external-link copy
12 : 50

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّاَصْحٰبُ الرَّسِّ وَثَمُوْدُ ۟ۙ

সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও, info
التفاسير: |

external-link copy
13 : 50

وَعَادٌ وَّفِرْعَوْنُ وَاِخْوَانُ لُوْطٍ ۟ۙ

আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও। info
التفاسير: |

external-link copy
14 : 50

وَّاَصْحٰبُ الْاَیْكَةِ وَقَوْمُ تُبَّعٍ ؕ— كُلٌّ كَذَّبَ الرُّسُلَ فَحَقَّ وَعِیْدِ ۟

লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়েও, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল। info
التفاسير: |

external-link copy
15 : 50

اَفَعَیِیْنَا بِالْخَلْقِ الْاَوَّلِ ؕ— بَلْ هُمْ فِیْ لَبْسٍ مِّنْ خَلْقٍ جَدِیْدٍ ۟۠

আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছোঁ নেকি! বৰং সিহঁতেই সন্দেহত পতিত হৈছে নতুন সৃষ্টিৰ বিষয়ে। info
التفاسير: |

external-link copy
16 : 50

وَلَقَدْ خَلَقْنَا الْاِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهٖ نَفْسُهٗ ۖۚ— وَنَحْنُ اَقْرَبُ اِلَیْهِ مِنْ حَبْلِ الْوَرِیْدِ ۟

নিশ্চয় আমিয়েই মানুহক সৃষ্টি কৰিছোঁ আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈও অধিক নিকটৱৰ্তী। info
التفاسير: |

external-link copy
17 : 50

اِذْ یَتَلَقَّی الْمُتَلَقِّیٰنِ عَنِ الْیَمِیْنِ وَعَنِ الشِّمَالِ قَعِیْدٌ ۟

যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই (তাৰ কৰ্মসমূহ) লিপিবদ্ধ কৰে। info
التفاسير: |

external-link copy
18 : 50

مَا یَلْفِظُ مِنْ قَوْلٍ اِلَّا لَدَیْهِ رَقِیْبٌ عَتِیْدٌ ۟

সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত থাকে সংৰক্ষণকাৰী (লেখক ফিৰিস্তা)। info
التفاسير: |

external-link copy
19 : 50

وَجَآءَتْ سَكْرَةُ الْمَوْتِ بِالْحَقِّ ؕ— ذٰلِكَ مَا كُنْتَ مِنْهُ تَحِیْدُ ۟

আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথভাৱে আহিব। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা। info
التفاسير: |

external-link copy
20 : 50

وَنُفِخَ فِی الصُّوْرِ ؕ— ذٰلِكَ یَوْمُ الْوَعِیْدِ ۟

আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন। info
التفاسير: |

external-link copy
21 : 50

وَجَآءَتْ كُلُّ نَفْسٍ مَّعَهَا سَآىِٕقٌ وَّشَهِیْدٌ ۟

আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী। info
التفاسير: |

external-link copy
22 : 50

لَقَدْ كُنْتَ فِیْ غَفْلَةٍ مِّنْ هٰذَا فَكَشَفْنَا عَنْكَ غِطَآءَكَ فَبَصَرُكَ الْیَوْمَ حَدِیْدٌ ۟

নিশ্চয় এই দিৱস সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছোঁ। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ। info
التفاسير: |

external-link copy
23 : 50

وَقَالَ قَرِیْنُهٗ هٰذَا مَا لَدَیَّ عَتِیْدٌ ۟ؕ

আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত আছে। info
التفاسير: |

external-link copy
24 : 50

اَلْقِیَا فِیْ جَهَنَّمَ كُلَّ كَفَّارٍ عَنِیْدٍ ۟ۙ

আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক, info
التفاسير: |

external-link copy
25 : 50

مَّنَّاعٍ لِّلْخَیْرِ مُعْتَدٍ مُّرِیْبِ ۟ۙ

কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰীক। info
التفاسير: |

external-link copy
26 : 50

١لَّذِیْ جَعَلَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَاَلْقِیٰهُ فِی الْعَذَابِ الشَّدِیْدِ ۟

যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা। info
التفاسير: |

external-link copy
27 : 50

قَالَ قَرِیْنُهٗ رَبَّنَا مَاۤ اَطْغَیْتُهٗ وَلٰكِنْ كَانَ فِیْ ضَلٰلٍۢ بَعِیْدٍ ۟

তাৰ সঙ্গী (চয়তানে) ক’ব, ‘হে আমাৰ প্ৰতিপালক! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলোঁ। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’। info
التفاسير: |

external-link copy
28 : 50

قَالَ لَا تَخْتَصِمُوْا لَدَیَّ وَقَدْ قَدَّمْتُ اِلَیْكُمْ بِالْوَعِیْدِ ۟

আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলোঁ। info
التفاسير: |

external-link copy
29 : 50

مَا یُبَدَّلُ الْقَوْلُ لَدَیَّ وَمَاۤ اَنَا بِظَلَّامٍ لِّلْعَبِیْدِ ۟۠

মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়। info
التفاسير: |

external-link copy
30 : 50

یَوْمَ نَقُوْلُ لِجَهَنَّمَ هَلِ امْتَلَاْتِ وَتَقُوْلُ هَلْ مِنْ مَّزِیْدٍ ۟

সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’? info
التفاسير: |

external-link copy
31 : 50

وَاُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِیْنَ غَیْرَ بَعِیْدٍ ۟

আৰু জান্নাতক মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব। info
التفاسير: |

external-link copy
32 : 50

هٰذَا مَا تُوْعَدُوْنَ لِكُلِّ اَوَّابٍ حَفِیْظٍ ۟ۚ

ইয়াৰেই প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, (তেওঁৰ আদেশ) সংৰক্ষণকাৰীৰ বাবে, info
التفاسير: |

external-link copy
33 : 50

مَنْ خَشِیَ الرَّحْمٰنَ بِالْغَیْبِ وَجَآءَ بِقَلْبٍ مُّنِیْبِ ۟ۙ

যিসকলে নেদেখাকৈয়ে ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে। info
التفاسير: |

external-link copy
34 : 50

١دْخُلُوْهَا بِسَلٰمٍ ؕ— ذٰلِكَ یَوْمُ الْخُلُوْدِ ۟

(তেওঁলোকক কোৱা হ’ব,) ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে হৈছে অনন্ত জীৱনৰ দিন’। info
التفاسير: |

external-link copy
35 : 50

لَهُمْ مَّا یَشَآءُوْنَ فِیْهَا وَلَدَیْنَا مَزِیْدٌ ۟

তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক (প্ৰতিদান, অৰ্থাৎ আল্লাহ দৰ্শন)। info
التفاسير: |

external-link copy
36 : 50

وَكَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنْ قَرْنٍ هُمْ اَشَدُّ مِنْهُمْ بَطْشًا فَنَقَّبُوْا فِی الْبِلَادِ ؕ— هَلْ مِنْ مَّحِیْصٍ ۟

আৰু আমি সিহঁতৰ পূৰ্বে বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈও অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু? info
التفاسير: |

external-link copy
37 : 50

اِنَّ فِیْ ذٰلِكَ لَذِكْرٰی لِمَنْ كَانَ لَهٗ قَلْبٌ اَوْ اَلْقَی السَّمْعَ وَهُوَ شَهِیْدٌ ۟

নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে। info
التفاسير: |

external-link copy
38 : 50

وَلَقَدْ خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَا فِیْ سِتَّةِ اَیَّامٍ ۖۗ— وَّمَا مَسَّنَا مِنْ لُّغُوْبٍ ۟

আৰু নিশ্চয় আমি আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰক সৃষ্টি কৰিছোঁ কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাছিল। info
التفاسير: |

external-link copy
39 : 50

فَاصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوْعِ الشَّمْسِ وَقَبْلَ الْغُرُوْبِ ۟ۚ

এতেকে সিহঁতে যিবোৰ (কষ্টদায়ক) কথা কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত, info
التفاسير: |

external-link copy
40 : 50

وَمِنَ الَّیْلِ فَسَبِّحْهُ وَاَدْبَارَ السُّجُوْدِ ۟

লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত। info
التفاسير: |

external-link copy
41 : 50

وَاسْتَمِعْ یَوْمَ یُنَادِ الْمُنَادِ مِنْ مَّكَانٍ قَرِیْبٍ ۟ۙ

মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব, info
التفاسير: |

external-link copy
42 : 50

یَّوْمَ یَسْمَعُوْنَ الصَّیْحَةَ بِالْحَقِّ ؕ— ذٰلِكَ یَوْمُ الْخُرُوْجِ ۟

সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞৰ, সেইটোৱেই হৈছে পুনৰুত্থানৰ দিন। info
التفاسير: |

external-link copy
43 : 50

اِنَّا نَحْنُ نُحْیٖ وَنُمِیْتُ وَاِلَیْنَا الْمَصِیْرُ ۟ۙ

নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন। info
التفاسير: |

external-link copy
44 : 50

یَوْمَ تَشَقَّقُ الْاَرْضُ عَنْهُمْ سِرَاعًا ؕ— ذٰلِكَ حَشْرٌ عَلَیْنَا یَسِیْرٌ ۟

যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এনেকৈ একত্ৰিত কৰাটো আমাৰ বাবে অতি সহজ। info
التفاسير: |

external-link copy
45 : 50

نَحْنُ اَعْلَمُ بِمَا یَقُوْلُوْنَ وَمَاۤ اَنْتَ عَلَیْهِمْ بِجَبَّارٍ ۫— فَذَكِّرْ بِالْقُرْاٰنِ مَنْ یَّخَافُ وَعِیْدِ ۟۠

সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱাটো তোমাৰ কাম নহয়; এতেকে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া। info
التفاسير: |