আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী * - অনুবাদসমূহৰ সূচীপত্ৰ

PDF XML CSV Excel API
Please review the Terms and Policies

অৰ্থানুবাদ ছুৰা: ছুৰা আশ্ব-শ্বাৰাহ   আয়াত:

ছুৰা আশ্ব-শ্বাৰাহ

اَلَمْ نَشْرَحْ لَكَ صَدْرَكَ ۟ۙ
আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?
আৰবী তাফছীৰসমূহ:
وَوَضَعْنَا عَنْكَ وِزْرَكَ ۟ۙ
আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?
আৰবী তাফছীৰসমূহ:
الَّذِیْۤ اَنْقَضَ ظَهْرَكَ ۟ۙ
যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,
আৰবী তাফছীৰসমূহ:
وَرَفَعْنَا لَكَ ذِكْرَكَ ۟ؕ
আৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ।
আৰবী তাফছীৰসমূহ:
فَاِنَّ مَعَ الْعُسْرِ یُسْرًا ۟ۙ
এতেকে দুখৰ লগতেই আছে সুখ
আৰবী তাফছীৰসমূহ:
اِنَّ مَعَ الْعُسْرِ یُسْرًا ۟ؕ
নিশ্চয় দুখৰ লগতেই আছে সুখ।
আৰবী তাফছীৰসমূহ:
فَاِذَا فَرَغْتَ فَانْصَبْ ۟ۙ
এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
আৰবী তাফছীৰসমূহ:
وَاِلٰی رَبِّكَ فَارْغَبْ ۟۠
আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।
আৰবী তাফছীৰসমূহ:
 
অৰ্থানুবাদ ছুৰা: ছুৰা আশ্ব-শ্বাৰাহ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী - অনুবাদসমূহৰ সূচীপত্ৰ

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। অনুবাদ কৰিছে, আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী চাহাবে। অনুবাদকালঃ ১৪৩৮ হিজৰী।

বন্ধ