Qurani Kərimin mənaca tərcüməsi - "Qurani Kərimin müxtəsər tərfsiri" kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Ayə: (24) Surə: əl-Hicr
وَلَقَدْ عَلِمْنَا الْمُسْتَقْدِمِیْنَ مِنْكُمْ وَلَقَدْ عَلِمْنَا الْمُسْتَاْخِرِیْنَ ۟
নিশ্চয় আমি সেইসকল লোককো জানো যিসকলে তোমালোকৰ পূৰ্বে জন্ম গ্ৰহণ কৰিছিল আৰু মৃত্যুবৰণ কৰিছে, আৰু সেইসকল লোককো জানো যিসকলে পিচত জন্ম গ্ৰহণ কৰিব আৰু মৃত্যুবৰণ কৰিব। এই ক্ষেত্ৰত কোনো কথাই আমাৰ পৰা গোপন নহয়।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• ينبغي للعبد التأمل والنظر في السماء وزينتها والاستدلال بها على باريها.
বান্দাই আকাশমণ্ডল আৰু ইয়াৰ সৌন্দৰ্য দেখি চিন্তা-চৰ্চা কৰা উচিত, আৰু ইয়াৰ দ্বাৰা ইয়াৰ সৃষ্টিকৰ্তাৰ প্ৰমাণ যুগুত কৰা উচিত।

• جميع الأرزاق وأصناف الأقدار لا يملكها أحد إلا الله، فخزائنها بيده يعطي من يشاء، ويمنع من يشاء، بحسب حكمته ورحمته.
সকলো প্ৰকাৰ জীৱিকা আৰু সিদ্ধান্তৰ একমাত্ৰ অধিকাৰ আল্লাহ তাআলা। ইয়াৰ ধন ভাণ্ডাৰ কেৱল তেওঁৰেই হাতত। তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰে। এই সকলো তেওঁৰ হিকমত তথা কৃপা অনুসাৰে হয়।

• الأرض مخلوقة ممهدة منبسطة تتناسب مع إمكان الحياة البشرية عليها، وهي مثبّتة بالجبال الرواسي؛ لئلا تتحرك بأهلها، وفيها من النباتات المختلفة ذات المقادير المعلومة على وفق الحكمة والمصلحة.
মাটিক আল্লাহে সমতল তথা বসবাস উপযোগী বনাইছে, যাতে ইয়াৰ ওপৰত মানুহে অতি সহজেই জীৱন-যাপন কৰিব পাৰে। ইয়াক সুদৃঢ় পৰ্বতৰ জৰিয়তে মজবুত কৰিছে, যাতে ই সঞ্চালন নকৰে। ইয়াত তেওঁৰ হিকমত আৰু সৃষ্টিসকলৰ প্ৰয়োজন অনুসাৰে নিৰ্দিষ্ট পৰিমাণত বিভিন্ন প্ৰকাৰৰ গছ-গছনি শাক-পাচলি সৃষ্টি কৰিছে।

• الأمر للملائكة بالسجود لآدم فيه تكريم للجنس البشري.
আদম আলাইহিছ ছালামক ছাজদাহ কৰিবলৈ ফিৰিস্তাসকলক যি আদেশ দিয়া হৈছে, তাত মানুহৰ বাবে সন্মান নিহিত হৈ আছে।

 
Mənaların tərcüməsi Ayə: (24) Surə: əl-Hicr
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - "Qurani Kərimin müxtəsər tərfsiri" kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

"Qurani Kərimin müxtəsər tərfsiri" kitabının Assam dilinə tərcüməsi. “Təfsir” Quran Araşdırmaları Mərkəzi tərəfindən nəşr edilmişdir.

Bağlamaq