Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Ayə: (41) Surə: ən-Nəhl
وَالَّذِیْنَ هَاجَرُوْا فِی اللّٰهِ مِنْ بَعْدِ مَا ظُلِمُوْا لَنُبَوِّئَنَّهُمْ فِی الدُّنْیَا حَسَنَةً ؕ— وَلَاَجْرُ الْاٰخِرَةِ اَكْبَرُ ۘ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟ۙ
যিসকল লোকে কাফিৰসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত, নিজৰ ঘৰ-দুৱাৰ, পৰিয়াল আৰু সা-সম্পত্তি পৰিত্যাগ কৰি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে কুফৰীৰ দেশৰ পৰা ইছলামী দেশলৈ হিজৰত কৰিছে, আমি সেইসকল লোকক পৃথিৱীত এনেকুৱা বাসস্থান দান কৰিম, য’ত তেওঁলোকৰ প্ৰভুত্ব থাকিব, আনহাতে আখিৰাতৰ প্ৰতিদান ইয়াতকৈও ডাঙৰ, কাৰণ তাত থাকিব জান্নাত। হিজৰত নকৰা লোকসকলে যদি হিজৰতৰ মহত্ব বুজি পালেহেঁতেন তেন্তে কেতিয়াও তেওঁলোক হিজৰতৰ পৰা পিছুৱাই নাথাকিলেহেঁতেন।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• العاقل من يعتبر ويتعظ بما حل بالضالين المكذبين كيف آل أمرهم إلى الدمار والخراب والعذاب والهلاك.
বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্বীকাৰকাৰী পথভ্ৰষ্ট সম্প্ৰদায়ৰ বিনাশৰ পৰা শিক্ষা গ্ৰহণ কৰে।

• الحكمة من البعث والمعاد إظهار الله الحقَّ فيما يختلف فيه الناس من أمر البعث وكل شيء.
পুনৰুত্থানৰ হিকমত হৈছে, যিসকল লোকে বিভিন্ন বিষয়ত মতানৈক্য কৰিছিল, পুনৰুত্থানেই হওঁক অথবা অন্যান্য বিষয়, সেইবোৰ বিষয়ে সত্যক স্পষ্ট কৰা।

• فضيلة الصّبر والتّوكل: أما الصّبر: فلما فيه من قهر النّفس، وأما التّوكل: فلأن فيه الثقة بالله تعالى والتعلق به.
ধৈৰ্য্য আৰু তাৱাক্কুলৰ গুৰুত্ব। ধৈৰ্য্য হৈছে নিজৰ নফচক দমন কৰা, আনহাতে তাৱাক্কুল বা ভৰসা কোৱা হয় যেনে- আল্লাহৰ প্ৰতি অমুক ব্যক্তিৰ অগাধ বিশ্বাস আছে তথা সম্পৰ্ক আছে।

• جزاء المهاجرين الذين تركوا ديارهم وأموالهم وصبروا على الأذى وتوكّلوا على ربّهم، هو الموطن الأفضل، والمنزلة الحسنة، والعيشة الرّضية، والرّزق الطّيّب الوفير، والنّصر على الأعداء، والسّيادة على البلاد والعباد.
যিসকল মুহাজিৰে নিজৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি ত্যাগ কৰিছে, শাস্তিৰ সন্মুখীন হৈ ধৈৰ্য ধাৰণ কৰিছে আৰু প্ৰতিপালকৰ ওপৰত ভৰসা কৰিছে, তেওঁলোকক দান কৰা হ'ব উত্তম দেশ, উত্তম বাসস্থান, সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ পৱিত্ৰ জীৱিকা, শত্ৰুক পৰাজিত কৰিবলৈ সহায়-সহযোগিতা আৰু আছে বহুতো দেশৰ ৰাজত্ব।

 
Mənaların tərcüməsi Ayə: (41) Surə: ən-Nəhl
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq