Qurani Kərimin mənaca tərcüməsi - "Qurani Kərimin müxtəsər tərfsiri" kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Surə: Səba   Ayə:

ছুৰা ছাবা

Surənin məqsədlərindən:
بيان أحوال الناس مع النعم، وسنة الله في تغييرها.
নিয়ামতৰ ক্ষেত্ৰত মানুহৰ চাল-চলনৰ বৰ্ণনা আৰু ইয়াৰ পৰিবৰ্তনৰ ক্ষেত্ৰত আল্লাহৰ চলি অহা নিয়মৰ বৰ্ণনা।

اَلْحَمْدُ لِلّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَلَهُ الْحَمْدُ فِی الْاٰخِرَةِ ؕ— وَهُوَ الْحَكِیْمُ الْخَبِیْرُ ۟
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যাৰ অধীনত আছে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই সিহঁতক সৃষ্টি কৰিছে, তেৱেঁই সেইবোৰৰ মালিক, আৰু তেৱেঁই সেইবোৰক নিয়ন্ত্ৰণ কৰে। সেই পৱিত্ৰ আল্লাহৰ বাবেই আছে আখিৰাতত প্ৰশংসা। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। বান্দাৰ অৱস্থা সম্পৰ্কে তেওঁ সম্যক অৱহিত। তেওঁৰ পৰা একোৱেই গোপন নহয়।
Ərəbcə təfsirlər:
یَعْلَمُ مَا یَلِجُ فِی الْاَرْضِ وَمَا یَخْرُجُ مِنْهَا وَمَا یَنْزِلُ مِنَ السَّمَآءِ وَمَا یَعْرُجُ فِیْهَا ؕ— وَهُوَ الرَّحِیْمُ الْغَفُوْرُ ۟
তেওঁ সেই সকলো বস্তু সম্পৰ্কে অৱগত যিবোৰ মাটিৰ ভিতৰত সোমায়, উদাহৰণস্বৰূপে পানী আৰু গছৰ শিপা আদি। তেওঁ সেই বিষয়েও জানে যিবোৰ মাটিৰ পৰা ওলায়, যেনে উদ্ভিদ আদি। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ, ফিৰিস্তা আৰু জীৱিকা সম্পৰ্কেও তেওঁ অৱগত। আনহাতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাৰ আমল আৰু সিহঁতৰ প্ৰাণ সম্পৰ্কেও অৱগত। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু। তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।
Ərəbcə təfsirlər:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَا تَاْتِیْنَا السَّاعَةُ ؕ— قُلْ بَلٰی وَرَبِّیْ لَتَاْتِیَنَّكُمْ ۙ— عٰلِمِ الْغَیْبِ ۚ— لَا یَعْزُبُ عَنْهُ مِثْقَالُ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَلَاۤ اَصْغَرُ مِنْ ذٰلِكَ وَلَاۤ اَكْبَرُ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟ۙ
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ কিয়ামত কেতিয়াও সংঘটিত নহ’ব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, কিয় নাহিব; আল্লাহৰ শপত! নিশ্চয় কিয়ামত সংঘটিত হ’ব যিটোক তোমালোকে অস্বীকাৰ কৰি আছা। কিন্তু ইয়াৰ সঠিক তথা নিৰ্ধাৰিত সময় সম্পৰ্কে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পৱিত্ৰ আল্লাহেই অদৃশ্য বিষয়াদি যেনে কিয়ামত সম্পৰ্কে অৱগত। আকাশমণ্ডল আৰু পৃথিৱীত সৰুতকৈও সৰু এটা পৰুৱাৰ সমানো কোনো বস্তু নাই, যিটো তেওঁৰ জ্ঞানৰ বাহিৰত আছে। আনকি ইয়াতকৈ সৰুৱে হওক অথবা ডাঙৰ, একোৱেই তেওঁৰ পৰা গোপন নহয়। সেই সকলোবোৰ এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফুজত লিপিবদ্ধ হৈ আছে। সেই গ্ৰন্থত কিয়ামত পৰ্যন্ত হ’বলগীয়া সকলো বস্তু লিপিবদ্ধ আছে।
Ərəbcə təfsirlər:
لِّیَجْزِیَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ؕ— اُولٰٓىِٕكَ لَهُمْ مَّغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟
আল্লাহে লওহে মাহফুজত যি যি লিপিবদ্ধ কৰি ৰাখিছে, তাৰ অন্যতম কাৰণ হৈছে যাতে সেই অনুপাতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক আৰু সৎকৰ্ম কৰা লোকসকলক তেওঁ প্ৰতিদান দিব পাৰে। এনেকুৱা লোকৰ বাবেই আল্লাহৰ ওচৰত আছে গুনাহৰ মাগফিৰাত। তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ'ব। তথা তেওঁলোকৰ বাবে আছে উত্তম জীৱিকা, অৰ্থাৎ কিয়ামতৰ দিনা জান্নাতত সেইবোৰ তেওঁলোকে লাভ কৰিব।
Ərəbcə təfsirlər:
وَالَّذِیْنَ سَعَوْ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ لَهُمْ عَذَابٌ مِّنْ رِّجْزٍ اَلِیْمٌ ۟
আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহক যিসকলে বাতিল হিচাপে প্ৰতীয়মান কৰাবলৈ প্ৰয়াস কৰে, সিহঁতে আমাৰ আয়াতসমূহক যাদু বুলি কয়। তথা আমাৰ ৰাছুলক যাদুকৰ আৰু কবি বুলি আখ্যায়িত কৰে। এনেকুৱা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে অতি নিকৃষ্ট তথা অতি কঠিন শাস্তি।
Ərəbcə təfsirlər:
وَیَرَی الَّذِیْنَ اُوْتُوا الْعِلْمَ الَّذِیْۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ هُوَ الْحَقَّ ۙ— وَیَهْدِیْۤ اِلٰی صِرَاطِ الْعَزِیْزِ الْحَمِیْدِ ۟
চাহাবাসকলৰ মাজৰ বিদ্যানসকলে আৰু আহলে কিতাবসকলৰ মাজৰ যিসকল বিদ্যান লোকে ঈমান আনিছে, তেওঁলোকে এই সাক্ষ্য প্ৰদান কৰে যে, আল্লাহে আপোনাৰ প্ৰতি অহীৰ দ্বাৰা যি অৱতীৰ্ণ কৰিছে সেয়া পৰম সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। এই সত্যই সেই মহাপৰাক্ৰমশালী সত্তাৰ পথ দেখুৱায়, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ পৃথিৱী আৰু আখিৰাত উভয়তে প্ৰশংসিত।
Ərəbcə təfsirlər:
وَقَالَ الَّذِیْنَ كَفَرُوْا هَلْ نَدُلُّكُمْ عَلٰی رَجُلٍ یُّنَبِّئُكُمْ اِذَا مُزِّقْتُمْ كُلَّ مُمَزَّقٍ ۙ— اِنَّكُمْ لَفِیْ خَلْقٍ جَدِیْدٍ ۟ۚ
কাফিৰসকলে পৰস্পৰে পৰস্পৰক ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি তথা সেইবোৰক উপলুঙা কৰি কয়ঃ আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে জনাম নেকি, যিয়ে তোমালোকক কয় যে, যেতিয়া তোমালোক মৃত্যুবৰণ কৰিবা আৰু তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হৈ যাব, তাৰ পিছত আকৌ তোমালোকক নতুনকৈ পুনৰ্জীৱিত কৰা হ’ব?
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• سعة علم الله سبحانه المحيط بكل شيء.
আল্লাহৰ জ্ঞানৰ প্ৰশস্ততা, তেওঁৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

• فضل أهل العلم.
বিদ্যানসকলৰ মৰ্যাদা।

• إنكار المشركين لبعث الأجساد تَنَكُّر لقدرة الله الذي خلقهم.
মুশ্বৰিকসকলৰ ফালৰ পৰা আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা বিষয়টোৱে দৰাচলতে আল্লাহৰ ক্ষমতাক অস্বীকাৰ কৰা বুজাইছে, অথচ তেৱেঁই সিহঁতক সৃষ্টি কৰিছে।

اَفْتَرٰی عَلَی اللّٰهِ كَذِبًا اَمْ بِهٖ جِنَّةٌ ؕ— بَلِ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ فِی الْعَذَابِ وَالضَّلٰلِ الْبَعِیْدِ ۟
সিহঁতে কয়ঃ এই মানুহজনে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা নাই জানো, সেইকাৰণেই তেওঁ আমাৰ মৃত্যুৰ পিছত পুনৰ্জীৱনৰ দাবী কৰি আছে? অথবা তেওঁ উন্মাদ হৈছে, সেইকাৰণেই মুখেৰে যি আহে সেইটোৱে কয়, যিবোৰৰ কোনো বাস্তৱিকতা নাই? বিষয়টো তেনেকুৱা নহয়, যিদৰে ইহঁতে ভাৱি আছে। বৰং প্ৰকৃততে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, কিয়ামতৰ দিনা সিহঁত কঠিন শাস্তিৰ সন্মুখীন হ’ব, আনহাতে পৃথিৱীত সিহঁত সত্যৰ পৰা বিভ্ৰান্ত হৈ বহু দূৰ আঁতৰি থাকিব।
Ərəbcə təfsirlər:
اَفَلَمْ یَرَوْا اِلٰی مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ ؕ— اِنْ نَّشَاْ نَخْسِفْ بِهِمُ الْاَرْضَ اَوْ نُسْقِطْ عَلَیْهِمْ كِسَفًا مِّنَ السَّمَآءِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّكُلِّ عَبْدٍ مُّنِیْبٍ ۟۠
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে পৃথিৱী আৰু আকাশখনক দেখা নাপায় নেকি? আমি ইচ্ছা কৰিলে সিহঁতৰ ভৰিৰ তলত ভূমিস্খলন সৃষ্টি কৰিব পাৰোঁ আৰু সিহঁতক ভূগৰ্ভত বিলীন কৰিব পাৰোঁ। লগতে আমি সিহঁতৰ ওপৰত আকাশৰ কোনো এটা টুকুৰা ভাঙি পেলাবলৈ ইচ্ছা কৰিলে, সেইটোও কৰিব পাৰোঁ। নিশ্চয় ইয়াত প্ৰত্যেক সেই বান্দাৰ বাবে এটা নিৰ্ণায়ক সংকেত আছে, যিয়ে নিজ প্ৰতিপালকৰ ওচৰলৈ অধিক প্ৰত্যাৱৰ্তন কামনা কৰে। তথা ইয়াক আল্লাহৰ ক্ষমতাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰে। কিয়নো যি সত্তাই এইবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছত তথা তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হোৱাৰ পিছতো তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম।
Ərəbcə təfsirlər:
وَلَقَدْ اٰتَیْنَا دَاوٗدَ مِنَّا فَضْلًا ؕ— یٰجِبَالُ اَوِّبِیْ مَعَهٗ وَالطَّیْرَ ۚ— وَاَلَنَّا لَهُ الْحَدِیْدَ ۟ۙ
নিশ্চয় আমি আমাৰ ফালৰ পৰা দাঊদ আলাইহিচ্ছালামক নবুওৱত প্ৰদান কৰিছিলোঁ আৰু ৰাজত্ব প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতসমূহক কৈছিলোঁ, হে পৰ্বতসমূহ! তোমালোকে দাঊদৰ সৈতে তছবীহ পাঠ কৰা। এই নিৰ্দেশ আমি চৰাই-চিৰিকটিবিলাককো দিছিলোঁ। আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে প্ৰয়োজনীয় সা-সামগ্ৰী আদি বনাব পাৰে।
Ərəbcə təfsirlər:
اَنِ اعْمَلْ سٰبِغٰتٍ وَّقَدِّرْ فِی السَّرْدِ وَاعْمَلُوْا صَالِحًا ؕ— اِنِّیْ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
হে দাঊদ! তুমি প্ৰশস্ত কৱচ প্ৰস্তুত কৰা। যিটোৱে তোমাৰ সৈন্যবাহিনীক শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰিব। (কৱচ প্ৰস্তুত কৰাৰ সময়ত) পেঁচ-গজালবোৰ ইমান পাতলকৈ নবনাবা যিবোৰ ফুটাত খাপ নাখায়, আৰু ইমান মোটাকৈ নবনাবা যিবোৰ ফুটাত নোসোমায়। তথা সৎকৰ্ম কৰি যোৱা, নিশ্চয় মই তোমালোকৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। তোমালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়। শীঘ্ৰেই মই তোমালোকক ইয়াৰ প্ৰতিদান দিম।
Ərəbcə təfsirlər:
وَلِسُلَیْمٰنَ الرِّیْحَ غُدُوُّهَا شَهْرٌ وَّرَوَاحُهَا شَهْرٌ ۚ— وَاَسَلْنَا لَهٗ عَیْنَ الْقِطْرِ ؕ— وَمِنَ الْجِنِّ مَنْ یَّعْمَلُ بَیْنَ یَدَیْهِ بِاِذْنِ رَبِّهٖ ؕ— وَمَنْ یَّزِغْ مِنْهُمْ عَنْ اَمْرِنَا نُذِقْهُ مِنْ عَذَابِ السَّعِیْرِ ۟
বতাহক আমি দাঊদৰ পুত্ৰ ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ। পুৱাৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল আৰু সন্ধিয়াৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে তামৰ সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰে। তথা এনেকুৱা কিছুমান জিনক আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিসকলে নিজ প্ৰতিপালকৰ আদেশত তেওঁৰ সন্মুখত কাম কৰিছিল। জিনসকলৰ মাজৰ যিয়েই আমাৰ আদেশৰ পৰা বিমুখ হ’ব, আমি তাক জ্বলন্ত অগ্নিৰ শাস্তি উপভোগ কৰাম।
Ərəbcə təfsirlər:
یَعْمَلُوْنَ لَهٗ مَا یَشَآءُ مِنْ مَّحَارِیْبَ وَتَمَاثِیْلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُوْرٍ رّٰسِیٰتٍ ؕ— اِعْمَلُوْۤا اٰلَ دَاوٗدَ شُكْرًا ؕ— وَقَلِیْلٌ مِّنْ عِبَادِیَ الشَّكُوْرُ ۟
এই জিনসকলে ছুলাইমানে বিচৰা সকলো বস্তু নিৰ্মাণ কৰিছিল। যেনে- চালাতৰ বাবে মছজিদ নিৰ্মাণ, অট্টালিকা, তথা তেওঁ বিচৰা দৃশ্যৰ ছবি, জলাশয় সদৃশ বৃহদাকাৰৰ পানী থোৱাৰ পাত্ৰ, লগতে সুদৃঢ়ভাৱে স্থাপিত সহজে লৰাব নোৱাৰা ৰন্ধন-পাত্ৰ নিৰ্মাণ কৰিছিল। আমি তেওঁলোকক কৈছিলোঁ, হে দাঊদ-পৰিয়াল! আল্লাহে তোমালোকৰ ওপৰত যিবোৰ উপকাৰ কৰিছে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। কাৰণ মোৰ উপকাৰৰ বহুত কম সংখ্যক লোকেই কৃতজ্ঞতা প্ৰকাশ কৰে।
Ərəbcə təfsirlər:
فَلَمَّا قَضَیْنَا عَلَیْهِ الْمَوْتَ مَا دَلَّهُمْ عَلٰی مَوْتِهٖۤ اِلَّا دَآبَّةُ الْاَرْضِ تَاْكُلُ مِنْسَاَتَهٗ ۚ— فَلَمَّا خَرَّ تَبَیَّنَتِ الْجِنُّ اَنْ لَّوْ كَانُوْا یَعْلَمُوْنَ الْغَیْبَ مَا لَبِثُوْا فِی الْعَذَابِ الْمُهِیْنِ ۟
কিন্তু যেতিয়া আমি ছুলাইমানৰ মৃত্যু চূড়ান্ত কৰিছিলোঁ, তেতিয়াও জিনসকলে একো গ'ম পোৱা নাছিল, সিহঁতে গ'ম পাইছিল সেইবোৰ কীটৰ মাধ্যমত, যিবোৰে ছুলাইমানে ভৰ কৰি থকা লাখুটিডালক খাই আছিল। এতেকে যেতিয়া তেওঁ মাটিত বাগৰি পৰিল, তেতিয়াহে জিনসকলে বুজি পালে যে, সিহঁতে গায়েব সম্পৰ্কে একো নাজানে। যদি সিহঁতে গায়েব সম্পৰ্কে জানিলেহেঁতেন তেন্তে নিশ্চয় এই লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ হৈ নাথাকিলহেঁতেন। অৰ্থাৎ সেই কঠিন কামবোৰ ধাৰাবাহিকভাৱে নকৰিলেহেঁতেন, যিবোৰ সিহঁতে ছুলাইমান আলাইহিচ্ছালামক জীৱিত বুলি ভাৱি কৰি আছিল। সিহঁতে ভাৱিছিল যে, ছুলাইমান আলাইহিচ্ছালামে সিহঁতক দেখি আছে।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• تكريم الله لنبيه داود بالنبوة والملك، وبتسخير الجبال والطير يسبحن بتسبيحه، وإلانة الحديد له.
আল্লাহে তেওঁৰ নবী দাঊদক নবুওৱত আৰু ৰাজত্ব প্ৰদান কৰি সন্মানিত কৰিছিল। লগতে পৰ্বতসমূহক আৰু চৰাইবোৰক তেওঁৰ অধীনস্থ কৰি দিছিল, সেইবোৰে তেওঁৰ সৈতে তছবীহ পাঠ কৰিছিল। তথা আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ।

• تكريم الله لنبيه سليمان عليه السلام بالنبوة والملك.
আল্লাহে তেওঁৰ নবী ছুলাইমান আলাইহিচ্ছালামকো নবুওৱত আৰু ৰাজত্বৰ দ্বাৰা সন্মানিত কৰিছিল।

• اقتضاء النعم لشكر الله عليها.
আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো হৈছে নিয়ামতৰ দাবী।

• اختصاص الله بعلم الغيب، فلا أساس لما يُدَّعى من أن للجن أو غيرهم اطلاعًا على الغيب.
গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। জিন হওক অথবা আন কোনোবা, যিয়েই ইয়াৰ দাবী কৰিব সি হ’ব মিছলীয়া। কাৰণ ইয়াৰ কোনো ভিত্তি নাই।

لَقَدْ كَانَ لِسَبَاٍ فِیْ مَسْكَنِهِمْ اٰیَةٌ ۚ— جَنَّتٰنِ عَنْ یَّمِیْنٍ وَّشِمَالٍ ؕ۬— كُلُوْا مِنْ رِّزْقِ رَبِّكُمْ وَاشْكُرُوْا لَهٗ ؕ— بَلْدَةٌ طَیِّبَةٌ وَّرَبٌّ غَفُوْرٌ ۟
ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁতক নিৰ্দেশ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পোৱা জীৱিকা ভক্ষণ কৰা, আৰু ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা। এইখন এখন পৱিত্ৰ নগৰ, আৰু শুনা! আল্লাহ হৈছে তোমালোকৰ প্ৰতিপালক। তেওঁ অতি ক্ষমাশীল: যিয়েই তাওবা কৰি তেওঁৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে।
Ərəbcə təfsirlər:
فَاَعْرَضُوْا فَاَرْسَلْنَا عَلَیْهِمْ سَیْلَ الْعَرِمِ وَبَدَّلْنٰهُمْ بِجَنَّتَیْهِمْ جَنَّتَیْنِ ذَوَاتَیْ اُكُلٍ خَمْطٍ وَّاَثْلٍ وَّشَیْءٍ مِّنْ سِدْرٍ قَلِیْلٍ ۟
তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞ হোৱাৰ পৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হৈছিল। ফলত আমি সিহঁতৰ সেই নিয়ামতসমূহক শাস্তিলৈ ৰূপান্তৰিত কৰিছিলোঁ। তথা সিহঁতৰ ওপৰত সংহাৰী জলপ্ৰলয় প্ৰেৰণ কৰিছিলোঁ। যি বানে সিহঁতৰ মথাউৰি ধ্বংস কৰিছিল আৰু সিহঁতৰ খেতি-পথাৰ বুৰাই পেলাইছিল। লগতে সিহঁতৰ সেই বাগান দুখনক এনেকুৱা বাগানত পৰিণত কৰিছিলোঁ, যিয়ে তিক্ত আৰু কেহেটা ফল প্ৰদান কৰিছিল। লগতে তাত আছিল কিছুমান ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।
Ərəbcə təfsirlər:
ذٰلِكَ جَزَیْنٰهُمْ بِمَا كَفَرُوْا ؕ— وَهَلْ نُجٰزِیْۤ اِلَّا الْكَفُوْرَ ۟
এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে, সিহঁতে কুফৰী কৰিছিল আৰু নিয়ামতসমূহৰ পৰা বিমুখ হৈ অকৃতজ্ঞ হৈছিল। এই কঠিন শাস্তি আমি কেৱল সেইসকল লোকক প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে কুফৰী কৰে।
Ərəbcə təfsirlər:
وَجَعَلْنَا بَیْنَهُمْ وَبَیْنَ الْقُرَی الَّتِیْ بٰرَكْنَا فِیْهَا قُرًی ظَاهِرَةً وَّقَدَّرْنَا فِیْهَا السَّیْرَ ؕ— سِیْرُوْا فِیْهَا لَیَالِیَ وَاَیَّامًا اٰمِنِیْنَ ۟
য়ামানত আমি ছাবা-বাসীসকলৰ মাজত আৰু ছিৰিয়াত যিবোৰ জনবসতিৰ ওপৰত আমি বৰকত প্ৰদান কৰিছিলোঁ, সেইবোৰৰ ওচৰে-পাঁজৰে অন্য আৰু কিছুমান গাওঁ আমি গঢ়ি তুলিছিলোঁ। সিহঁতে এটাৰ পিছত এটা জনবসতি অতিক্ৰম কৰি সহজেই ছিৰিয়াতগৈ উপনীত হ’ব পাৰিছিল। আমি সিহঁতক কৈছিলোঁ, তোমালোকে নিজ ইচ্ছা অনুসৰি ৰাতিতেই হওক অথবা দিনত, যেতিয়াই ইচ্ছা তেতিয়াই নিৰাপদভাৱে সহজে ভ্ৰমণ কৰিব পাৰা। শত্ৰু, ভোক-পিয়াহ আদিৰ কোনো ভয় নাই।
Ərəbcə təfsirlər:
فَقَالُوْا رَبَّنَا بٰعِدْ بَیْنَ اَسْفَارِنَا وَظَلَمُوْۤا اَنْفُسَهُمْ فَجَعَلْنٰهُمْ اَحَادِیْثَ وَمَزَّقْنٰهُمْ كُلَّ مُمَزَّقٍ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟
আল্লাহে সিহঁতৰ দূৰত্ব কম কৰি সিহঁতৰ প্ৰতি যি অনুগ্ৰহ কৰিছিল, সেই অনুগ্ৰহ পাই সিহঁতে অহংকাৰ কৰিবলৈ ধৰিলে। তথা সিহঁতে ক’লেঃ হে আমাৰ প্ৰতিপালক! এই জনবসতিবোৰ আঁতৰাই আমাৰ ভ্ৰমণৰ দূৰত্ব বৃদ্ধি কৰি দিয়া। যাতে আমি ভ্ৰমণত ভাগৰ উপলব্ধি কৰিব পাৰোঁ তথা ইয়াৰ ফলত যাতে আমাৰ বাহনবোৰৰ বিশেষত্য প্ৰকাশ পায়। দৰাচলতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ পাই অহংকাৰ কৰি আৰু তেওঁৰ কৃতজ্ঞতাৰ পৰা বিমুখ হৈ নিজৰ ওপৰতেই অন্যায় কৰিছিল, লগতে সিহঁতে সিহঁতৰ মাজৰ দুখীয়া দৰিদ্ৰসকলক দেখি ঈৰ্ষা কৰিছিল। ফলত আমি সিহঁতক কিচ্ছা-কাহিনীত পৰিণত কৰিলোঁ, যাতে পৰৱৰ্তী লোকসকলে সিহঁতৰ বিষয়ে চৰ্চা কৰে। তথা আমি সিহঁতক বিভিন্ন দেশত বিভক্ত কৰিছিলোঁ, যাতে সিহঁতে সহজেই ইজনে সিজনক লগ কৰিব নোৱাৰে। নিশ্চয় ইয়াৰ মাজত- অৰ্থাৎ ছাবাৰ অধিবাসীসকলক প্ৰদান কৰা আল্লাহৰ নিয়ামতসমূহৰ মাজত আৰু এই নিয়ামতবোৰক অহংকাৰ কৰি অস্বীকাৰ কৰাৰ ফলত আৰু কুফৰীৰ কৰাৰ ফলত সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ মাজত - প্ৰত্যেক সেইসকল লোকৰ বাবে আছে উপদেশ, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰে, আৰু তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু আল্লাহৰ নিয়ামত লাভ কৰি তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
Ərəbcə təfsirlər:
وَلَقَدْ صَدَّقَ عَلَیْهِمْ اِبْلِیْسُ ظَنَّهٗ فَاتَّبَعُوْهُ اِلَّا فَرِیْقًا مِّنَ الْمُؤْمِنِیْنَ ۟
ইবলিছৰ যিটো ধাৰণা আছিল যে, সি সিহঁতক পথভ্ৰষ্ট কৰিব আৰু সিহঁতক সত্যৰ পৰা আঁতৰাই নিব পাৰিব, সেই ধাৰণাটো সি বাস্তৱত পৰিণত কৰিলে। ফলত সিহঁতে কুফৰী আৰু পথভ্ৰষ্টতাত ইবলিছৰ অনুসৰণ কৰিবলৈ ধৰিলে। কিন্তু মুমিনসকলৰ এটা দলে তাৰ এই আকাংক্ষাক বিফল কৰিছিল। কাৰণ তেওঁলোকে ইবলিছৰ অনুসৰণ কৰা নাছিল।
Ərəbcə təfsirlər:
وَمَا كَانَ لَهٗ عَلَیْهِمْ مِّنْ سُلْطٰنٍ اِلَّا لِنَعْلَمَ مَنْ یُّؤْمِنُ بِالْاٰخِرَةِ مِمَّنْ هُوَ مِنْهَا فِیْ شَكٍّ ؕ— وَرَبُّكَ عَلٰی كُلِّ شَیْءٍ حَفِیْظٌ ۟۠
ইবলিছৰ ইমান শক্তি নাই যে, সি সিহঁতক পথভ্ৰষ্ট কৰিবলৈ বাধ্য কৰাব পাৰিব। বৰং সিহঁতৰ সন্মুখত সি গুনাহৰ কৰ্মবোৰ শোভনীয় কৰি উপস্থাপন কৰিছিল আৰু সিহঁতক সত্যৰ পৰা আঁতৰোৱাবলৈ প্ৰয়াস কৰিছিল। এই অনুমতি আমি তাক এইকাৰণে প্ৰদান কৰিছিলোঁ, যাতে ইয়াৰ দ্বাৰা প্ৰকাশ হয় যে, কোনে আখিৰাত আৰু তাৰ প্ৰতিদানক বিশ্বাস কৰে আৰু কোনে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰে। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সকলো বস্তুৰ সংৰক্ষক। তেৱেঁই বান্দাৰ সকলো কৰ্ম সংৰক্ষণ কৰে। তেৱেঁই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
Ərəbcə təfsirlər:
قُلِ ادْعُوا الَّذِیْنَ زَعَمْتُمْ مِّنْ دُوْنِ اللّٰهِ ۚ— لَا یَمْلِكُوْنَ مِثْقَالَ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَمَا لَهُمْ فِیْهِمَا مِنْ شِرْكٍ وَّمَا لَهٗ مِنْهُمْ مِّنْ ظَهِیْرٍ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, আল্লাহৰ বাহিৰে তোমালোকে যিবোৰক নিজৰ উপাস্য বুলি ভাৱিছিলা, সেইবোৰক আজি মাতাচোন। যাতে সেইবোৰে আজি তোমালোকৰ কিবা উপকাৰ কৰিব পাৰে আৰু তোমালোকৰ বিপদ দূৰ কৰিব পাৰে। জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত সিহঁতৰ অণু পৰিমাণো কৰ্তৃত্ব নাই, লগতে আল্লাহৰ সৈতে সিহঁতৰ কোনো অংশীদাৰিত্বও নাই। সিহঁত আল্লাহৰ কোনো সহায়কো নহয় যে, কোনো কামত আল্লাহক সহায় কৰিব। নিশ্চয় আল্লাহ অংশীদাৰিত্বৰ পৰা আৰু সহায়ক আদিৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• الشكر يحفظ النعم، والجحود يسبب سلبها.
কৃতজ্ঞতাৰ ফলত নিয়ামত সুৰক্ষিত থাকে। আনহাতে অকৃতজ্ঞতা নিয়ামত কাঢ়ি লোৱাৰ কাৰণ হৈ পৰে।

• الأمن من أعظم النعم التي يمتنّ الله بها على العباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৰা নিয়ামতসমূহৰ অন্যতম এটা ডাঙৰ নিয়ামত হৈছে নিৰাপত্তা তথা শান্তি।

• الإيمان الصحيح يعصم من اتباع إغواء الشيطان بإذن الله.
সঠিক ঈমানে, আল্লাহৰ অনুমতিত চয়তানৰ অনুসৰণৰ পৰা বিৰত ৰাখে।

• ظهور إبطال أسباب الشرك ومداخله كالزعم بأن للأصنام مُلْكًا أو مشاركة لله، أو إعانة أو شفاعة عند الله.
শ্বিৰ্ক সম্পৰ্কীয় সকলো যুক্তি খণ্ডন কৰা তথা ইয়াত প্ৰৱেশ কৰা দুৱাৰসমূহ বন্ধ কৰি দিয়া। উদাহৰণস্বৰূপে এই ধাৰণা পোষণ কৰা যে, মূৰ্ত্তিবোৰৰো ক্ষমতা আছে অথবা আল্লাহৰ লগত অংশীদাৰিত্ব আছে নাইবা সেইবোৰ হৈছে সহায়ক আৰু আল্লাহৰ ওচৰত মধ্যস্থতাকাৰী।

وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهٗۤ اِلَّا لِمَنْ اَذِنَ لَهٗ ؕ— حَتّٰۤی اِذَا فُزِّعَ عَنْ قُلُوْبِهِمْ قَالُوْا مَاذَا ۙ— قَالَ رَبُّكُمْ ؕ— قَالُوا الْحَقَّ ۚ— وَهُوَ الْعَلِیُّ الْكَبِیْرُ ۟
পৱিত্ৰ আল্লাহে যাক মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব তেওঁৰ বাহিৰে আন কাৰোৰেই মধ্যস্থতা ফলপ্ৰসূ নহ’ব। আনহাতে আল্লাহে তাকেই মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব, যাৰ প্ৰতি তেওঁ সন্তুষ্ট। এইটো দৰাচলতে তেওঁৰ মহানতাৰ এটা দৃশ্যহে। তেওঁৰ মহানতাৰ আন এটা দৃশ্য হৈছে এই যে, তেওঁ আকাশমণ্ডলত যেতিয়া কথা কয়, তেতিয়া ফিৰিস্তাসকলে তেওঁৰ আনুগত্যত নিজৰ পাখি পাৰি দিয়ে আৰু অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয়-ভীতি দূৰ হয় তেতিয়া সিহঁতে জিব্ৰীল আলাইহিচ্ছালামক সোধে, আপোনাৰ প্ৰতিপালকে কি ক’লে? জিব্ৰীলে কয়ঃ যি কৈছে সত্য কৈছে। তেওঁ সত্তাগতভাৱে আৰু ক্ষমতাৰ ফালেৰে অতি মহান, সকলো বস্তু তেওঁতকৈ সৰু।
Ərəbcə təfsirlər:
قُلْ مَنْ یَّرْزُقُكُمْ مِّنَ السَّمٰوٰتِ وَالْاَرْضِ ؕ— قُلِ اللّٰهُ ۙ— وَاِنَّاۤ اَوْ اِیَّاكُمْ لَعَلٰی هُدًی اَوْ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধকঃ কোৱাচোন তোমালোকে, আকাশৰ পৰা পানী বৰ্ষণ কৰি আৰু পৃথিৱীৰ পৰা খাদ্যদ্ৰৱ্য তথা ফল-মূল আদি উৎপন্নক কৰি কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? আপুনি কৈ দিয়ক, আল্লাহেই তোমালোকক এইবোৰৰ দ্বাৰা জীৱিকা প্ৰদান কৰে। হে মুশ্বৰিকসকল! আমাৰ আৰু তোমালোকৰ এই দল দুটাৰ মাজৰ যিকোনো এটা দল নিশ্চয় হিদায়তৰ ওপৰত আছে আৰু আনটো স্পষ্ট বিভ্ৰান্তিত আছে। ইয়াত কোনো সন্দেহ নাই যে, মুমিনসকলেই হৈছে হিদায়তপ্ৰাপ্ত আৰু মুশ্বৰিকসকল হৈছে পথভ্ৰষ্ট।
Ərəbcə təfsirlər:
قُلْ لَّا تُسْـَٔلُوْنَ عَمَّاۤ اَجْرَمْنَا وَلَا نُسْـَٔلُ عَمَّا تَعْمَلُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আমি যিবোৰ পাপ কৰ্ম কৰিছোঁ সেই বিষয়ে কিয়ামতৰ দিনা তোমালোকক সোধ-পোচ কৰা নহ’ব। আনহাতে তোমালোকে যিবোৰ কৰ্ম কৰিছা সেই বিষয়েও আমাক জবাবদিহি কৰা নহ’ব।
Ərəbcə təfsirlər:
قُلْ یَجْمَعُ بَیْنَنَا رَبُّنَا ثُمَّ یَفْتَحُ بَیْنَنَا بِالْحَقِّ ؕ— وَهُوَ الْفَتَّاحُ الْعَلِیْمُ ۟
আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে কিয়ামতৰ দিনা আমাক আৰু তোমালোকৰ আটাইকে একত্ৰিত কৰিব। তাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সত্যক অসত্যৰ পৰা স্পষ্টকৈ পৃথক কৰিব। তেৱেঁই বিচাৰক, যিয়ে ন্যায় সহকাৰে বিচাৰ কৰে। তেওঁ উচিত মীমাংসা সম্পৰ্কে সৰ্বজ্ঞ।
Ərəbcə təfsirlər:
قُلْ اَرُوْنِیَ الَّذِیْنَ اَلْحَقْتُمْ بِهٖ شُرَكَآءَ كَلَّا ؕ— بَلْ هُوَ اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟
হে ৰাছুল! আপুনি সিহঁতক কওক যে, মোকো দেখুৱাচোন সেই উপাস্যবোৰ, যিবোৰক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছা, তথা ইবাদতত তেওঁৰ অংশী কৰি লৈছা। নহয়, কদাপিও নহয়। বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ধাৰণা কৰিছা যে, আল্লাহৰো অংশী আছে। বৰং আল্লাহ সেইজন, যিজন মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
Ərəbcə təfsirlər:
وَمَاۤ اَرْسَلْنٰكَ اِلَّا كَآفَّةً لِّلنَّاسِ بَشِیْرًا وَّنَذِیْرًا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟
হে ৰাছুল! আমি আপোনাক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছোঁ। যাতে আপুনি মুত্তাক্বীসকলক জান্নাতৰ সুসংবাদ দিয়ে। আনহাতে কাফিৰ আৰু পাপিষ্ঠসকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁতেন।
Ərəbcə təfsirlər:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
মুশ্বৰিকসকলক যিটো শাস্তিৰ বিষয়ে ভয় দেখুৱা হৈছে, সেই শাস্তি সম্পৰ্কে সিহঁতে খৰখেদা কৰি কয়ঃ যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন সেই শাস্তিৰ প্ৰতিশ্ৰুতিটো কেতিয়া বাস্তৱায়ন হ’ব?
Ərəbcə təfsirlər:
قُلْ لَّكُمْ مِّیْعَادُ یَوْمٍ لَّا تَسْتَاْخِرُوْنَ عَنْهُ سَاعَةً وَّلَا تَسْتَقْدِمُوْنَ ۟۠
হে ৰাছুল! শাস্তিৰ বিষয়ে খৰধৰ কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰিত আছে। গতিকে সেইটো ক্ষন্তেক সময়ো আগুৱাই নাহিব আৰু পিছুৱাইও নাযাব। সেইদিনটো হৈছে কিয়ামতৰ দিন।
Ərəbcə təfsirlər:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَنْ نُّؤْمِنَ بِهٰذَا الْقُرْاٰنِ وَلَا بِالَّذِیْ بَیْنَ یَدَیْهِ ؕ— وَلَوْ تَرٰۤی اِذِ الظّٰلِمُوْنَ مَوْقُوْفُوْنَ عِنْدَ رَبِّهِمْ ۖۚ— یَرْجِعُ بَعْضُهُمْ اِلٰی بَعْضِ ١لْقَوْلَ ۚ— یَقُوْلُ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا لَوْلَاۤ اَنْتُمْ لَكُنَّا مُؤْمِنِیْنَ ۟
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ আমি এই কোৰআনৰ প্ৰতি কদাপিও ঈমান পোষণ নকৰোঁ, যিখনৰ বিষয়ে মুহাম্মদে ধাৰণা কৰে যে, এইখন তেওঁৰ ওপৰত অৱতীৰ্ণ হৈছে। এইদৰে পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ প্ৰতিও আমি ঈমান পোষণ নকৰোঁ। হে ৰাছুল! আপুনি যদি সেই অৱস্থাটো দেখা পালেহেঁতেন, যেতিয়া অন্যায়কাৰী সকলক কিয়ামতৰ দিনা সিহঁতৰ প্ৰতিপালকৰ সন্মুখত হিচাপ-নিকাচৰ বাবে থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদানুবাদ কৰিব আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই ইজনে সিজনৰ ওপৰত দোষ জাপি দিব আৰু ইজনে সিজনক ভৰ্ৎসনা কৰিব। এতেকে পৃথিৱীত নেতাসকলৰ তলতীয়া হৈ জীৱন-যাপন কৰা অনুসাৰীসকলে ক’বঃ যদি তোমালোকে আমাক পথভ্ৰষ্ট নকৰিলাহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• التلطف بالمدعو حتى لا يلوذ بالعناد والمكابرة.
যি ব্যক্তিক ইছলামলৈ নিমন্ত্ৰণ জনোৱা হ’ব তেনে ব্যক্তিৰ সৈতে নম্ৰ ব্যৱহাৰ আৰু সদাচৰণ কৰা উচিত, যাতে সি বিদ্বেষ আৰু অহংকাৰৰ পথ অৱলম্বন নকৰে।

• صاحب الهدى مُسْتَعْلٍ بالهدى مرتفع به، وصاحب الضلال منغمس فيه محتقر.
হিদায়তপ্ৰাপ্ত লোকসকলে হিদায়তৰ কাৰণে উচ্চ মৰ্যাদা লাভ কৰে। আনহাতে পথভ্ৰষ্ট লোকসকলে বিভ্ৰান্তিত পতিত হৈ অপমান তথা লাঞ্ছনাগ্ৰস্ত হয়।

• شمول رسالة النبي صلى الله عليه وسلم للبشرية جمعاء، والجن كذلك.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল, আৰু এইদৰে গোটেই জ্বিন জাতিৰ বাবেও তেওঁ ৰাছুল।

قَالَ الَّذِیْنَ اسْتَكْبَرُوْا لِلَّذِیْنَ اسْتُضْعِفُوْۤا اَنَحْنُ صَدَدْنٰكُمْ عَنِ الْهُدٰی بَعْدَ اِذْ جَآءَكُمْ بَلْ كُنْتُمْ مُّجْرِمِیْنَ ۟
অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি থকা লোকসকলে সেই অনুসাৰীসকলক উদ্দেশ্যি ক’ব, যিসকলক সিহঁতে দুৰ্বল বুলি ভাৱিছিলঃ মুহাম্মদে লৈ অহা হিদায়তৰ পৰা আমি তোমালোকক বাধা প্ৰদান কৰিছিলোঁ নেকি? নহয়, কেতিয়াও নহয়। বৰং তোমালোক নিজেই অন্যায়কাৰী আছিলা আৰু উপদ্ৰৱ সৃষ্টিকাৰী আছিলা তথা দূৰাচাৰী আছিলা।
Ərəbcə təfsirlər:
وَقَالَ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا بَلْ مَكْرُ الَّیْلِ وَالنَّهَارِ اِذْ تَاْمُرُوْنَنَاۤ اَنْ نَّكْفُرَ بِاللّٰهِ وَنَجْعَلَ لَهٗۤ اَنْدَادًا ؕ— وَاَسَرُّوا النَّدَامَةَ لَمَّا رَاَوُا الْعَذَابَ ؕ— وَجَعَلْنَا الْاَغْلٰلَ فِیْۤ اَعْنَاقِ الَّذِیْنَ كَفَرُوْا ؕ— هَلْ یُجْزَوْنَ اِلَّا مَا كَانُوْا یَعْمَلُوْنَ ۟
অনুসাৰীসকলে সিহঁতৰ সেই নেতাসকলক উদ্দেশ্যি ক’ব, যিসকলে অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি আছিল, তোমালোকৰ দিনে ৰাতি কৰা চক্ৰান্তই আমাক হিদায়তৰ পৰা বিৰত ৰাখিছিল। যেতিয়া তোমালোকে আমাক আল্লাহৰ লগত কুফৰী কৰিবলৈ আৰু তেওঁৰ বাহিৰে সৃষ্টিৰ উপাসনা কৰিবলৈ আদেশ দিছিলা। এতেকে যেতিয়া সিহঁতে স্বচক্ষে শাস্তি দেখিবলৈ পাব আৰু এই কথা নিশ্চিত হ’ব যে শাস্তি এতিয়া ভোগ কৰিব লাগিব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কুফৰীকলৈ মনে মনে আফচোচ কৰিব। আমি কাফিৰসকলৰ ডিঙিত শিকলি ওলোমাই দিম। সিহঁতক এই শাস্তি পৃথিৱীত কৰা কৰ্মৰ বিনিময়ত প্ৰদান কৰা হ’ব। উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰাৰ কাৰণে আৰু পাপকৰ্মত লিপ্ত থকাৰ কাৰণে।
Ərəbcə təfsirlər:
وَمَاۤ اَرْسَلْنَا فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ اِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟
যেতিয়াই আমি কোনো এটা জনবসতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তেতিয়াই সেই জনবসতিৰ ধনাট্য প্ৰভাৱশালী ব্যক্তিসকলে কৈছিলঃ হে ৰাছুল! তুমি যি লৈ আহিছা সেইটোক আমি নামানো।
Ərəbcə təfsirlər:
وَقَالُوْا نَحْنُ اَكْثَرُ اَمْوَالًا وَّاَوْلَادًا ۙ— وَّمَا نَحْنُ بِمُعَذَّبِیْنَ ۟
প্ৰভাৱশালী লোকসকলে অহংকাৰ কৰি তথা ফিতাহি মাৰি কৈছিলঃ আমি প্ৰচুৰ ধন-সম্পদৰ মালিক তথা সন্তান-সন্ততিৰ ক্ষেত্ৰতো অধিক মৰ্যাদাৱান। আনহাতে আমাক শাস্তি বিহা হ’ব বুলি তুমি যি দাবী কৰি আছা সেইটোও এটা গোকাট মিছা কথা। আমাক পৃথিৱীতো কোনো শাস্তি দিয়া নহ’ব আৰু আখিৰাততো নহয়।
Ərəbcə təfsirlər:
قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠
হে ৰাছুল! আপুনি এই লোকসকলক কৈ দিয়ক, যিসকলে নিয়ামত লাভ কৰি গৌৰৱ কৰি আছেঃ মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাকেই জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে, যাতে সেই ব্যক্তিক পৰীক্ষা কৰিব পৰা যায় যে, সি কৃতজ্ঞ হয় নে অকৃতজ্ঞ। আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এইটো চাবলৈ যে সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হয়। কিন্তু অধিকাংশ লোকেই নাজানে যে, আল্লাহ মহাপ্ৰজ্ঞাৱান। তেওঁৰ প্ৰত্যেকটো সিদ্ধান্ত হিকমত অনুযায়ী হয়। কিছুমানে সেইটো বুজি পায় আৰু কিছুমানে বুজি নাপায়।
Ərəbcə təfsirlər:
وَمَاۤ اَمْوَالُكُمْ وَلَاۤ اَوْلَادُكُمْ بِالَّتِیْ تُقَرِّبُكُمْ عِنْدَنَا زُلْفٰۤی اِلَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا ؗ— فَاُولٰٓىِٕكَ لَهُمْ جَزَآءُ الضِّعْفِ بِمَا عَمِلُوْا وَهُمْ فِی الْغُرُفٰتِ اٰمِنُوْنَ ۟
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যিবোৰকলৈ তোমালোকে অহংকাৰ কৰা, সেইবোৰে কেতিয়াও তোমালোকক আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ পথ দেখুৱাব নোৱাৰে। কিন্তু যদি কোনোবাই ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে তেন্তে তেওঁ দ্বিগুণ ছোৱাব অৰ্জন কৰিব। কাৰণ তেওঁৰ সেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিলে আৰু সন্তানে আল্লাহৰ ওচৰত দুআ কৰিলে তেওঁ নিশ্চয় আল্লাহৰ নৈকট্য লাভ কৰিব। এইসকল মুমিনৰ বাবেই আছে তেওঁলোকৰ সৎকৰ্মৰ দ্বিগুণ ছোৱাব। তেওঁলোকে জান্নাতৰ ওখ ওখ অট্টালিকাসমূহত শান্তিৰে বসবাস কৰিব। তেওঁলোকে শাস্তিৰ পৰা, মৃত্যুৰ পৰা আৰু নিয়ামত বিচ্ছিন্ন হোৱাৰ পৰা নিৰাপদে থাকিব।
Ərəbcə təfsirlər:
وَالَّذِیْنَ یَسْعَوْنَ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ فِی الْعَذَابِ مُحْضَرُوْنَ ۟
যিসকল কাফিৰে আমাৰ আয়াতৰ পৰা মানুহক আঁতৰাই ৰাখিবলৈ চৰম পৰ্যায়ৰ প্ৰয়াস কৰে তথা সদায় নিজৰ উদ্দেশ্যক সফল কৰিবলৈ চেষ্টা কৰে; সিহঁত নিশ্চিতভাৱে পৃথিৱীত বিফল হ’ব আৰু আখিৰাতত শাস্তি ভোগ কৰিব।
Ərəbcə təfsirlər:
قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ مِنْ عِبَادِهٖ وَیَقْدِرُ لَهٗ ؕ— وَمَاۤ اَنْفَقْتُمْ مِّنْ شَیْءٍ فَهُوَ یُخْلِفُهٗ ۚ— وَهُوَ خَیْرُ الرّٰزِقِیْنَ ۟
হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে। তোমালোকে আল্লাহৰ পথত যি ব্যয় কৰিবা, আল্লাহে তোমালোকক তাৰ বিনিময়ত পৃথিৱীতো প্ৰতিদান দিব আৰু আখিৰাততো উত্তম তথা পৰিপূৰ্ণ প্ৰতিদান দিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকাদাতা। এতেকে যাৰ জীৱিকাৰ প্ৰয়োজন, সি আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা উচিত।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• تبرؤ الأتباع والمتبوعين بعضهم من بعض، لا يُعْفِي كلًّا من مسؤوليته.
অনুসৰণকাৰী আৰু যাক অনুসৰণ কৰা হৈছে, সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিলেও সিহঁতৰ কাৰো উপকাৰ নহ’ব।

• الترف مُبْعِد عن الإذعان للحق والانقياد له.
ভোগ-বিলাসে আৰু আমোদ-প্ৰমোদে মানুহক সত্যৰ সন্মুখত নত স্বীকাৰ কৰিবলৈ তথা সত্যক মানিবলৈ বাধা দিয়ে।

• المؤمن ينفعه ماله وولده، والكافر لا ينتفع بهما.
মুমিনসকলে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা উপকৃত হয়। পক্ষান্তৰে কাফিৰসকলে ইয়াৰ পৰা বঞ্চিত থাকে।

• الإنفاق في سبيل الله يؤدي إلى إخلاف المال في الدنيا، والجزاء الحسن في الآخرة.
আল্লাহৰ পথত ব্যয় কৰিলে পৃথিৱীতো প্ৰতিফল পোৱা যায় আৰু আখিৰাততো উত্তম প্ৰতিদান লাভ হয়।

وَیَوْمَ یَحْشُرُهُمْ جَمِیْعًا ثُمَّ یَقُوْلُ لِلْمَلٰٓىِٕكَةِ اَهٰۤؤُلَآءِ اِیَّاكُمْ كَانُوْا یَعْبُدُوْنَ ۟
হে ৰাছুল! সেই দিৱসটোলৈ মন কৰক, যেতিয়া সিহঁত আটাইকে একত্ৰিত কৰা হ’ব। তেতিয়া আল্লাহে মুশ্বৰিকসকলক ভৰ্ৎসনা আৰু নিন্দা কৰাৰ উদ্দেশ্যে ফিৰিস্তাসকলক ক’বঃ এইসকলেই পৃথিৱীত আল্লাহক এৰি তোমালোকৰ উপাসনা কৰিছিল নেকি?
Ərəbcə təfsirlər:
قَالُوْا سُبْحٰنَكَ اَنْتَ وَلِیُّنَا مِنْ دُوْنِهِمْ ۚ— بَلْ كَانُوْا یَعْبُدُوْنَ الْجِنَّ ۚ— اَكْثَرُهُمْ بِهِمْ مُّؤْمِنُوْنَ ۟
ফিৰিস্তাসকলে ক’বঃ (হে আল্লাহ!) তুমি নিৰঞ্জন তথা পৱিত্ৰ। তুমিয়ে আমাৰ অভিভাৱক তথা সংৰক্ষক, আন কোনো নহয়। আমাৰ আৰু ইহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। বৰং এই মুশ্বৰিকসকলে চয়তানকহে পূজা পাঠ কৰিছিল। চয়তানে ইহঁতৰ সন্মুখত ফিৰিস্তাৰ ৰূপ ধাৰণ কৰি আহিছিল, ফলত ইহঁতে আল্লাহক এৰি চয়তানৰ উপাসনা কৰিছিল। প্ৰকৃততে ইহঁতৰ অধিকাংশই তাৰ প্ৰতি বিশ্বাস পোষণ কৰিছিল।
Ərəbcə təfsirlər:
فَالْیَوْمَ لَا یَمْلِكُ بَعْضُكُمْ لِبَعْضٍ نَّفْعًا وَّلَا ضَرًّا ؕ— وَنَقُوْلُ لِلَّذِیْنَ ظَلَمُوْا ذُوْقُوْا عَذَابَ النَّارِ الَّتِیْ كُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟
হিচাপ-নিকাচ তথা হাচৰৰ দিনা উপাস্যবোৰে সেইসকল লোকক কোনো ধৰণৰ উপকাৰো কৰিব নোৱাৰিব আৰু অপকাৰো কৰিব নোৱাৰিব, যিসকলে সিহঁতক পৃথিৱীত উপাসনা কৰিছিল। কুফৰ আৰু পাপকৰ্মত লিপ্ত হৈ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছিল আমি সিহঁতক সম্বোধন কৰি কম যে, পৃথিৱীত তোমালোকে যি শাস্তিক অস্বীকাৰ কৰিছিলা, সেই শাস্তিৰ আজি সোৱাদ লোৱা।
Ərəbcə təfsirlər:
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالُوْا مَا هٰذَاۤ اِلَّا رَجُلٌ یُّرِیْدُ اَنْ یَّصُدَّكُمْ عَمَّا كَانَ یَعْبُدُ اٰبَآؤُكُمْ ۚ— وَقَالُوْا مَا هٰذَاۤ اِلَّاۤ اِفْكٌ مُّفْتَرًی ؕ— وَقَالَ الَّذِیْنَ كَفَرُوْا لِلْحَقِّ لَمَّا جَآءَهُمْ ۙ— اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟
যেতিয়া এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ সন্মুখত আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, যিবোৰৰ মাজত কোনো ধৰণৰ সন্দেহ নাই, তেতিয়া সিহঁতে কয়ঃ এই মানুহজনে যি লৈ আহিছে, এওঁ দৰাচলতে তোমালোকক তোমালোকৰ আজোককাসকলৰ ধৰ্মৰ পৰা আঁতৰাব বিচাৰে। সিহঁতে এই কথাও কয় যে, এই কোৰআনখন হৈছে মিছা, ইয়াক সি নিজেই ৰচনা কৰি আল্লাহৰ গ্ৰন্থ বুলি প্ৰচাৰ কৰি আছে। আনহাতে নাস্তিকসকলৰ ওচৰত যেতিয়া এই কোৰআন আহি পালে তেতিয়া সিহঁতে ক'লেঃ এইখন হৈছে স্পষ্ট যাদু, যিয়ে স্বামী-স্ত্ৰীৰ মাজত আৰু পিতা-পুত্ৰৰ মাজত বিচ্ছেদ ঘটায়।
Ərəbcə təfsirlər:
وَمَاۤ اٰتَیْنٰهُمْ مِّنْ كُتُبٍ یَّدْرُسُوْنَهَا وَمَاۤ اَرْسَلْنَاۤ اِلَیْهِمْ قَبْلَكَ مِنْ نَّذِیْرٍ ۟ؕ
আমি সিহঁতক এনেকুৱা কোনো গ্ৰন্থ দিয়া নাই যি গ্ৰন্থত লিখা আছে যে, মুহাম্মদে এইখন নিজে লিখি মিছা প্ৰচাৰ কৰি আছে। হে ৰাছুল! আমি আপোনাৰ পূৰ্বে সিহঁতৰ ওচৰলৈ কোনো ৰাছুলো প্ৰেৰণ কৰা নাছিলোঁ, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব।
Ərəbcə təfsirlər:
وَكَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ ۙ— وَمَا بَلَغُوْا مِعْشَارَ مَاۤ اٰتَیْنٰهُمْ فَكَذَّبُوْا رُسُلِیْ ۫— فَكَیْفَ كَانَ نَكِیْرِ ۟۠
পূৰ্বৱৰ্তী উম্মতবোৰেও অস্বীকাৰ কৰিছিল, উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰদায়। আপোনাৰ সম্প্ৰদায়ৰ মুশ্বৰিকসকলে শক্তি-সামৰ্থ, ধন-সম্পদ আৰু জনবলৰ তুলনাত পূৰ্বৱৰ্তী উম্মতৰ দহ ভাগৰ এভাগতো উপনীত হ'ব পৰা নাই। সিহঁতেও নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু সিহঁতৰ ধন-সম্পদ, শক্তি-সামৰ্থ আৰু জনবলে একো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত মোৰ শাস্তিয়ে সিহঁতক ধ্বংস কৰিছিল। এতেকে হে ৰাছুল! ভাৱি চাওক আপুনি, মোৰ শাস্তি আৰু মোৰ প্ৰতিক্ৰিয়া সিহঁতৰ ওপৰত কেনেকুৱা আছিল!
Ərəbcə təfsirlər:
قُلْ اِنَّمَاۤ اَعِظُكُمْ بِوَاحِدَةٍ ۚ— اَنْ تَقُوْمُوْا لِلّٰهِ مَثْنٰی وَفُرَادٰی ثُمَّ تَتَفَكَّرُوْا ۫— مَا بِصَاحِبِكُمْ مِّنْ جِنَّةٍ ؕ— اِنْ هُوَ اِلَّا نَذِیْرٌ لَّكُمْ بَیْنَ یَدَیْ عَذَابٍ شَدِیْدٍ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকক এটা উপদেশ দিওঁ, তোমালোকে নিজৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণৰ পৰা আঁতৰি আল্লাহৰ ওৱাস্তে এজন এজন বা দুজন দুজনকৈ থিয় হোৱা আৰু তোমালোকৰ নবীৰ চৰিত্ৰ সম্পৰ্কে তেওঁৰ বিবেক, সত্যতা আৰু আমনতদাৰিতাক লৈ চিন্তা-চৰ্চা কৰাচোন, তেতিয়া এই কথা স্পষ্ট হৈ পৰিব যে, তেওঁ কোনো উন্মাদ নহয়। তেওঁ তোমালোকক কঠিন শাস্তিৰ পৰা সতৰ্কহে কৰে, যদি তোমালোকে শ্বিৰ্কৰ পৰা তাওবা কৰি আল্লাহৰ পিনে উভতি নাহা তেন্তে নিশ্চয় সেই শাস্তিত পতিত হ'বা।
Ərəbcə təfsirlər:
قُلْ مَا سَاَلْتُكُمْ مِّنْ اَجْرٍ فَهُوَ لَكُمْ ؕ— اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ ۚ— وَهُوَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟
হে ৰাছুল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকৰ ওচৰলৈ যি হিদায়ত তথা কল্যাণ লৈ আহিছোঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক অথবা কোনো প্ৰতিদান বিচৰা নাই। যদি মই কিবা বিচাৰিছোঁ সেয়া তোমালোকৰ বাবেই। মোক প্ৰতিদান দিয়াৰ দায়িত্ব একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সকলো বস্তুৰ সাক্ষী। তেওঁ সাক্ষ্য প্ৰদান কৰিব যে, মই নিশ্চয় তোমালোকক সঠিকৰূপে বাৰ্তা পৌঁচাই দিছোঁ। আনকি তোমালোকৰ কৰ্মৰো তেৱেঁই সাক্ষী। তেৱেঁই তোমালোকক প্ৰতিদান দিব।
Ərəbcə təfsirlər:
قُلْ اِنَّ رَبِّیْ یَقْذِفُ بِالْحَقِّ ۚ— عَلَّامُ الْغُیُوْبِ ۟
নিশ্চয় মোৰ প্ৰতিপালকে অসত্যৰ ওপৰত সত্যক বিজয় প্ৰদান কৰি অসত্যক মিছা প্ৰমাণিত কৰে। অদৃশ্য তথা গায়েব সম্পৰ্কে তেৱেঁই সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। বান্দাসকলৰ কোনো কৰ্মও তেওঁৰ পৰা গুপ্ত নহয়।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• التقليد الأعمى للآباء صارف عن الهداية.
পুৰ্বপুৰুষসকলৰ অন্ধানুকৰণে মানুহক হিদায়তৰ পৰা আঁতৰাই ৰাখে।

• التفكُّر مع التجرد من الهوى وسيلة للوصول إلى القرار الصحيح، والفكر الصائب.
সকলো প্ৰকাৰ ইচ্ছা আকাংক্ষাৰ পৰা দূৰত্ব অৱলম্বন কৰি চিন্তা-চৰ্চা কৰিলে মানুহে সঠিক সিদ্ধান্তত উপনীত হয় তথা সঠিক চিন্তা শক্তি লাভ কৰে।

• الداعية إلى الله لا ينتظر الأجر من الناس، وإنما ينتظره من رب الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ পৰা পাৰিশ্ৰমিক আশা নকৰে। তেওঁ একমাত্ৰ মানুহৰ প্ৰতিপালকৰ ওচৰত প্ৰতিদান কামনা কৰে।

قُلْ جَآءَ الْحَقُّ وَمَا یُبْدِئُ الْبَاطِلُ وَمَا یُعِیْدُ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, সত্য অৰ্থাৎ ইছলাম আহি পৰিছে, সেয়ে বাতিলৰ সমাপ্তি অনিবাৰ্য; যাৰ কোনো প্ৰভাৱ তথা শক্তি নাই। আনকি প্ৰভাৱশালী হৈ কেতিয়াও উভতিবও নোৱাৰিব।
Ərəbcə təfsirlər:
قُلْ اِنْ ضَلَلْتُ فَاِنَّمَاۤ اَضِلُّ عَلٰی نَفْسِیْ ۚ— وَاِنِ اهْتَدَیْتُ فَبِمَا یُوْحِیْۤ اِلَیَّ رَبِّیْ ؕ— اِنَّهٗ سَمِیْعٌ قَرِیْبٌ ۟
হে ৰাছুল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয়ক, যদি মই তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত বিভ্ৰান্ত হৈছোঁ, তেন্তে মোৰ এই পথভ্ৰষ্টতাই মোকহে ক্ষতি কৰিব, ইয়াৰ ফলত তোমালোকৰ একো ক্ষতি নহ’ব। আনহাতে যদি মই হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত আছোঁ, তেন্তে ইয়াৰ কাৰণ হৈছে সেই অহী, যিটো মোৰ ওচৰলৈ মোৰ প্ৰতিপালকে প্ৰেৰণ কৰিছে। নিশ্চয় তেওঁ বান্দাসকলৰ কথাবোৰ মনোযোগ সহকাৰে শ্ৰৱণ কৰে। আনকি ইমান ওচৰৰ পৰা শ্ৰৱণ কৰে যে, মোৰ কথা শুনাও তেওঁৰ বাবে কোনো কঠিন বিষয় নহয়।
Ərəbcə təfsirlər:
وَلَوْ تَرٰۤی اِذْ فَزِعُوْا فَلَا فَوْتَ وَاُخِذُوْا مِنْ مَّكَانٍ قَرِیْبٍ ۟ۙ
হে ৰাছুল! যদি আপুনি দেখা পালেহেঁতেন, কিয়ামতৰ দিনা এই অস্বীকাৰকাৰীসকলে যেতিয়া নিজ চকুৰে শাস্তি দেখা পাই হতভম্ব হৈ পৰিব, তেতিয়া সিহঁতে পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰো কোনো স্থান বিচাৰি নাপাব। সিহঁতক প্ৰাথমিক সময়ছোৱাতে ওচৰৰ পৰা অতি সহজে কৰায়ত্ত কৰা হ’ব। যদি আপুনি সেই পৰিস্থিতিটোক দেখিলেহেঁতেন, তেন্তে নিশ্চয় এটা আশ্চৰ্যজনক পৰিৱেশ দেখা পালেহেঁতেন।
Ərəbcə təfsirlər:
وَّقَالُوْۤا اٰمَنَّا بِهٖ ۚ— وَاَنّٰی لَهُمُ التَّنَاوُشُ مِنْ مَّكَانٍ بَعِیْدٍ ۟ۚ
সিহঁতে নিজৰ পৰিণাম দেখি ক’ব, আমি ঈমান আনিছোঁ কিয়ামত দিৱসৰ প্ৰতি। এতিয়া ঈমান পোষণ কৰাটো কেনেকৈ সম্ভৱ হ’ব পাৰে, অথচ ঈমান পোষণ কৰাৰ প্ৰকৃত স্থানক সিহঁতে পিছফালে এৰি থৈ আহিছে। পৃথিৱী হৈছে আমলৰ ঠাই, তাত হিচাপ-নিকাচ নাই। আনহাতে সিহঁতে আখিৰাতত প্ৰৱেশ কৰিছে, এইখন হৈছে প্ৰতিদান পোৱাৰ ঠাই, এইখন আমলৰ স্থান নহয়।
Ərəbcə təfsirlər:
وَقَدْ كَفَرُوْا بِهٖ مِنْ قَبْلُ ۚ— وَیَقْذِفُوْنَ بِالْغَیْبِ مِنْ مَّكَانٍ بَعِیْدٍ ۟
কি ভিত্তিত সিহঁতৰ ঈমান এতিয়া গ্ৰহণযোগ্য হ’ব তথা ফলপ্ৰসূ হ’ব; অথচ পাৰ্থিৱ জীৱনত সিহঁতে কুফৰী কৰিছে? লগতে সত্যৰ পৰা আঁতৰি অনুমানত তীৰ নিক্ষেপ কৰিছে। আনহাতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে যাদুকৰ, জ্যোতিষি আৰু কবি বুলি আখ্যায়িত কৰিছিল।
Ərəbcə təfsirlər:
وَحِیْلَ بَیْنَهُمْ وَبَیْنَ مَا یَشْتَهُوْنَ كَمَا فُعِلَ بِاَشْیَاعِهِمْ مِّنْ قَبْلُ ؕ— اِنَّهُمْ كَانُوْا فِیْ شَكٍّ مُّرِیْبٍ ۟۠
এই অস্বীকাৰকাৰী সকলক সিহঁতৰ চাহিদাৰ পৰা অৰ্থাৎ সুখী জীৱন, কুফৰীৰ পৰা তাওবা, জাহান্নামৰ পৰা মুক্তি, লগতে পাৰ্থিৱ জীৱনলৈ উভতি যোৱা আদিৰ পৰা বঞ্চিত কৰা হ'ব। যিদৰে ইহঁতৰ পূৰ্বে ইহঁতৰ দৰে লোকসকলক কৰা হৈছিল। সিহঁতেও ৰাছুলসকলে লৈ অহা বাৰ্তাৰ প্ৰতি, আল্লাহৰ তাওহীদৰ প্ৰতি আৰু আখিৰাতৰ জীৱনৰ প্ৰতি সন্দেহ পোষণ কৰিছিল। এনেকুৱা সন্দেহ যিটো কুফৰীত পতিত হোৱাৰ কাৰণ আছিল।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• مشهد فزع الكفار يوم القيامة مشهد عظيم.
কিয়ামতৰ দিনা কাফিৰসকলৰ ভীত-সন্ত্ৰস্ততাৰ দৃশ্যটো এটা মহা ভয়ানক দৃশ্য হ'ব।

• محل نفع الإيمان في الدنيا؛ لأنها هي دار العمل.
একমাত্ৰ পৃথিৱীৰ ঈমানেই হৈছে ফলপ্ৰসূ, কাৰণ এইটোৱে হৈছে আমলৰ ঠাই।

• عظم خلق الملائكة يدل على عظمة خالقهم سبحانه.
সৃষ্টিৰ ক্ষেত্ৰত ফিৰিস্তাসকল অতি ডাঙৰ আকৃতিৰ। এইটোৱে প্ৰমাণ কৰে যে, তেওঁলোকৰ সৃষ্টিকৰ্তা আৰু অধিক মহান।

 
Mənaların tərcüməsi Surə: Səba
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - "Qurani Kərimin müxtəsər tərfsiri" kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

"Qurani Kərimin müxtəsər tərfsiri" kitabının Assam dilinə tərcüməsi. “Təfsir” Quran Araşdırmaları Mərkəzi tərəfindən nəşr edilmişdir.

Bağlamaq