Prijevod značenja Plemenitog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
39 : 10

بَلْ كَذَّبُوْا بِمَا لَمْ یُحِیْطُوْا بِعِلْمِهٖ وَلَمَّا یَاْتِهِمْ تَاْوِیْلُهٗ ؕ— كَذٰلِكَ كَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الظّٰلِمِیْنَ ۟

সিহঁতে কোৰআনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল, বৰং বুজা আৰু চিন্তা-চৰ্চা কৰাৰ পূৰ্বেই আৰু যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল সেই শাস্তিৰ অহাৰ পূৰ্বেই সিহঁতে ইয়াক অস্বীকাৰ কৰিবলৈ ততাতৈয়া কৰিছিল। অথচ সেই শাস্তি অহাৰ সময় সন্নিকট হৈ পৰিছিল। ইহঁতৰ দৰেই পূৰ্বৱৰ্তী সম্প্ৰদায়সকলেও অস্বীকাৰ কৰিছিল। ফলত সিহঁতে শাস্তিৰ সন্মুখীন হৈছিল। এতেকে হে ৰাছুল! চিন্তা কৰক, অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শেষ পৰিণতি কেনেকুৱা আছিল? নিশ্চিতৰূপে আল্লাহে সিহঁতক ধ্বংস কৰিছে। info
التفاسير: |
Poruke i pouke ajeta na ovoj stranici:
• الهادي إلى الحق هداية التوفيق هو الله وحده دون ما سواه.
সত্যৰ পথৰ হিদায়ত আৰু তাওফীক দিয়াৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। তেওঁৰ বাহিৰে আন কাৰো নাই। info

• الحث على تطلب الأدلة والبراهين والهدايات للوصول للعلم والحق وترك الوهم والظن.
জ্ঞান তথা সত্য পাবলৈ আৰু ভ্ৰম তথা সন্দেহৰ পৰা দূৰৈত থাকিবলৈ দলীল প্ৰমাণ তথা উচিত পথৰ সন্ধান কৰা। info

• ليس في مقدور أحد أن يأتي ولو بآية مثل القرآن الكريم إلى يوم القيامة.
ক্বিয়ামত পৰ্যন্ত কোনেও কোৰআনৰ দৰে এটা আয়াত আনিবলৈও সক্ষম নহয়। info

• سفه المشركين وتكذيبهم بما لم يفهموه ويتدبروه.
মুশ্বৰিকসকলৰ মুৰ্খতা, আৰু সিহঁতৰ সেই বস্তুক অস্বীকাৰ কৰা যিটোক সিহঁতে বুজাই নাই, আনকি সিহঁতে বুজাৰ চেষ্টাও কৰা নাই। info