Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
123 : 11

وَلِلّٰهِ غَیْبُ السَّمٰوٰتِ وَالْاَرْضِ وَاِلَیْهِ یُرْجَعُ الْاَمْرُ كُلُّهٗ فَاعْبُدْهُ وَتَوَكَّلْ عَلَیْهِ ؕ— وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟۠

একমাত্ৰ আল্লাহৰ ওচৰতেই আকাশমণ্ডল তথা পৃথিৱীৰ গোপন বিষয়ৰ জ্ঞান আছে। কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব। এতেকে হে ৰাছুল! আপুনি একমাত্ৰ তেওঁৰেই ইবাদত কৰক আৰু আপোনাৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰক। অৱশ্যে আপোনাৰ প্ৰতিপালক আপোনালোকৰ কৰ্ম সম্পৰ্কে অমনোযোগী নহয়। বৰং তেওঁ সেই সম্পৰ্কে সৰ্বজ্ঞ। অতিশীঘ্ৰেই তেওঁ প্ৰত্যেককে কৰ্মৰ প্ৰতিফল দিব। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• بيان الحكمة من القصص القرآني، وهي تثبيت قلب النبي صلى الله عليه وسلم وموعظة المؤمنين.
কোৰআনত বৰ্ণিত ঘটনাৱলীৰ ৰহস্যৰ বৰ্ণনা। ইয়াৰ উদ্দেশ্য হৈছে, ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা আৰু মুমিনসকলক উপদেশ দিয়া। info

• انفراد الله تعالى بعلم الغيب لا يشركه فيه أحد.
অদৃশ্যৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। info

• الحكمة من نزول القرآن عربيًّا أن يعقله العرب؛ ليبلغوه إلى غيرهم.
আৰবী ভাষাত কোৰআন অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য হৈছে যাতে আৰববাসীয়ে কোৰআন বুজি পায়, লগতে আন আন লোকসকললৈ পৌঁচাই দিয়ে। info

• اشتمال القرآن على أحسن القصص.
উত্তম কাহিনীৰে কোৰআন গঠিত। info