Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Ajet: (22) Sura: Ibrahim
وَقَالَ الشَّیْطٰنُ لَمَّا قُضِیَ الْاَمْرُ اِنَّ اللّٰهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُّكُمْ فَاَخْلَفْتُكُمْ ؕ— وَمَا كَانَ لِیَ عَلَیْكُمْ مِّنْ سُلْطٰنٍ اِلَّاۤ اَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِیْ ۚ— فَلَا تَلُوْمُوْنِیْ وَلُوْمُوْۤا اَنْفُسَكُمْ ؕ— مَاۤ اَنَا بِمُصْرِخِكُمْ وَمَاۤ اَنْتُمْ بِمُصْرِخِیَّ ؕ— اِنِّیْ كَفَرْتُ بِمَاۤ اَشْرَكْتُمُوْنِ مِنْ قَبْلُ ؕ— اِنَّ الظّٰلِمِیْنَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟
যেতিয়া জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া ইবলিছে ক'বঃ নিশ্চয় আল্লাহে তোমালোকক সত্য প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ সেয়া পুৰণ কৰিলে। আনহাতে মই তোমালোকক অসত্য প্ৰতিশ্ৰুতি দিছিলো, আৰু সেই বচন মই পূৰণ নকৰিলো। পৃথিৱীত তোমালোকক কুফৰী কৰিবলৈ আৰু পথভ্ৰষ্ট হ'বলৈ বাধ্য কৰিব পৰা মোৰ সিমান শক্তি নাছিল। মই কেৱল তোমালোকক কুফুৰীৰ পিনে আহ্বান কৰিছিলো, আৰু তোমালোকৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিলো, ফলত তোমালোক দ্ৰুত গতিত মোৰ অনুসৰণ কৰিছিলা। এতেকে তোমালোকে নিজৰ বিভ্ৰান্তিৰ বাবে মোক নিন্দা নকৰিবা, বৰং এতিয়া নিজকে ভৰ্ৎসনা কৰা। কাৰণ তোমালোক নিজেই ভৰ্ৎসনাৰ অধিক যোগ্য। এতিয়া ময়ো তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিম আৰু তোমালোকেও মোৰ পৰা শাস্তি দূৰীভূত কৰিব নোৱাৰিবা। তোমালোকে আল্লাহৰ ইবাদতত মোক যে অংশী কৰিছিলা সেই কথা মই নিশ্চিতভাৱে অস্বীকাৰ কৰিছো। নিশ্চয় পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি আৰু তেওঁৰ লগত কুফুৰী কৰি যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আছে কষ্টদায়ক শাস্তি, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• بيان سوء عاقبة التابع والمتبوع إن اجتمعا على الباطل.
অনুসৰণকাৰী আৰু অনুসৰণকৃত ব্যক্তি যদি উভয়ে বাতিল পথৰ পথিক হয় তেন্তে সিহঁতৰ যি বেয়া পৰিণাম হ'ব তাৰ বৰ্ণনা।

• بيان أن الشيطان أكبر عدو لبني آدم، وأنه كاذب مخذول ضعيف، لا يملك لنفسه ولا لأتباعه شيئًا يوم القيامة.
এই কথাৰ বৰ্ণনা যে, আদম সন্তানৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে চয়তান। নিশ্চয় সি মিছলীয়া, নিৰ্লজ্জ আৰু অতি দুৰ্বল। ক্বিয়ামতৰ দিনা নিজৰ অথবা তাৰ অনুসাৰী কাকোৱে একো উপকাৰ কৰিব নোৱাৰিব।

• اعتراف إبليس أن وعد الله تعالى هو الحق، وأن وعد الشيطان إنما هو محض الكذب.
ইবলীছে এই কথা স্বীকাৰ কৰিব যে, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি হৈছে সত্য। পক্ষান্তৰে চয়তানৰ প্ৰতিশ্ৰুতি হৈছে অসত্য।

• تشبيه كلمة التوحيد بالشجرة الطيبة الثمر، العالية الأغصان، الثابتة الجذور.
কলিমায়ে তাওহীদক এনেকুৱা এজোপা গছৰ দ্বাৰা সাদৃশ্য দিয়া হৈছে, যাৰ ফল হৈছে সোৱাদলগা। ঠাল-ঠেঙুলিবোৰ ওখ ওখ, মূল হৈছে প্ৰতিষ্ঠিত।

 
Prijevod značenja Ajet: (22) Sura: Ibrahim
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje