Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
139 : 2

قُلْ اَتُحَآجُّوْنَنَا فِی اللّٰهِ وَهُوَ رَبُّنَا وَرَبُّكُمْ ۚ— وَلَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ۚ— وَنَحْنُ لَهٗ مُخْلِصُوْنَ ۟ۙ

হে নবী আপুনি কওঁক, হে আহলে কিতাব! তোমালোকে মোৰ লগত এই কথাত বিতৰ্ক কৰা নেকি যে, তোমালোকে আমাৰ তুলনাত আল্লাহ আৰু তেওঁৰ ধৰ্মৰ বেছি হকদাৰ, এই কাৰণে নেকি যে, তোমালোকৰ ধৰ্ম পুৰণি আৰু তোমালোকৰ পুথি আগতে অৱতীৰ্ণ হৈছে? তেন্তে শুনা! ইয়াৰ দ্বাৰা তোমালোকৰ কোনো লাভ নহব। কিয়নো আল্লাহ আমাৰ সকলোৰে ৰব্ব, অকল তোমালোকৰ ৰব্ব নহয়। আমাৰ বাবে আমাৰ কৰ্ম, আমাৰ কৰ্ম সম্পৰ্কে তোমালোকক সোধ-পোচ কৰা নহব। আৰু তোমালোকৰ বাবে তোমালোকৰ কৰ্ম, তোমালোকৰ কৰ্ম সম্পৰ্কে আমাক সোধ-পোচ কৰা নহব। প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হব। আমি কেৱল আল্লাহৰ ইবাদত আৰু অনুসৰণ কৰো। তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰো। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• أن دعوى أهل الكتاب أنهم على الحق لا تنفعهم وهم يكفرون بما أنزل الله على نبيه محمد صلى الله عليه وسلم.
আহলে কিতাবসকলে ভাৱে যে, সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত কিন্তু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিক অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ এই দাবী ফলপ্ৰসূ নহব। info

• سُمِّي الدين صبغة لظهور أعماله وسَمْته على المسلم كما يظهر أثر الصبغ في الثوب.
দ্বীনক ৰং বুলি কোৱা হৈছে। কিয়নো ইয়াৰ কৰ্ম আৰু চিহ্ন মুছলিমৰ ওপৰত সেইদৰেই স্পষ্ট হয় যিদৰে কাপোৰৰ ওপৰত ৰং স্পষ্ট হয়। info

• أن الله تعالى قد رَكَزَ في فطرةِ خلقه جميعًا الإقرارَ بربوبيته وألوهيته، وإنما يضلهم عنها الشيطان وأعوانه.
আল্লাহে তেওঁৰ প্ৰভূত্ব আৰু উপাস্যৰ স্বীকৃতি সৃষ্টিৰ স্বভাৱগত নীতিত নিহিত কৰি ৰাখিছে। কিন্তু সিহঁতক চয়তানে আৰু তাৰ সহযোগীসকলেহে পথভ্ৰষ্ট কৰে। info