Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
50 : 2

وَاِذْ فَرَقْنَا بِكُمُ الْبَحْرَ فَاَنْجَیْنٰكُمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ وَاَنْتُمْ تَنْظُرُوْنَ ۟

আমাৰ অগণন অনুগ্ৰহৰ ভিতৰত এইটোও স্মৰণ কৰা যে, আমিয়েই তোমালোকৰ বাবে সাগৰ দ্বিখণ্ডিত কৰি তাৰ মাজত শুকান পথ বনাইছিলো। যাৰ মাজেৰে খোজকাঢ়ি তোমালোকে সাগৰ পাৰ কৰিছিলা। এইদৰে আমি তোমালোকক মুক্তি প্ৰদান কৰিছিলো আৰু তোমালোকৰ শত্ৰু ফিৰআউন আৰু তাৰ সঙ্গীসকলক তোমালোকৰ চকুৰ সন্মুখতে ডুবাই মাৰিছিলো। এই ঘটনা তোমালোকে স্বচকুৰে প্ৰত্যক্ষ কৰিছিলা। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• عِظَمُ نعم الله وكثرتها على بني إسرائيل، ومع هذا لم تزدهم إلا تكبُّرًا وعنادًا.
আল্লাহ তাআলাই বনী ইছৰাইলক বৰ ডাঙৰ ডাঙৰ নিয়ামত দান কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ অভিমান আৰু অবাধ্যতা বৃদ্ধিহে পাইছিল। info

• سَعَةُ حِلم الله تعالى ورحمته بعباده، وإن عظمت ذنوبهم.
বান্দাৰ প্ৰতি আল্লাহৰ ৰহমত আৰু দয়াৰ ব্যাপকতা যদিও সিহঁতৰ গুনাহৰ পৰিমাণ বেছি নহওঁক কিয়। info

• الوحي هو الفَيْصَلُ بين الحق والباطل.
অহীয়েই হৈছে সত্য আৰু অসত্যৰ মাজত নিৰ্ণায়ক। info