Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Ajet: (54) Sura: El-Enfal
كَدَاْبِ اٰلِ فِرْعَوْنَ ۙ— وَالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— كَذَّبُوْا بِاٰیٰتِ رَبِّهِمْ فَاَهْلَكْنٰهُمْ بِذُنُوْبِهِمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ ۚ— وَكُلٌّ كَانُوْا ظٰلِمِیْنَ ۟
এই কাফিৰসকলৰ অৱস্থা, ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বৰ সেইসকল অস্বীকাৰকাৰী সম্প্ৰদায়ৰ দৰে, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছে, বিশেষকৈ ফিৰআউনৰ অনুসাৰীসকলক সাগৰত ডুবাই মাৰিছিল। দৰাচলতে ফিৰআউনৰ অনুসাৰীসকল আৰু সিহঁতৰ পূৰ্বে অস্বীকাৰকাৰী সকলো সম্প্ৰদায় আছিল অন্যায়কাৰী বা জালিম, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু শ্বিৰ্ক কৰিছিল। সেই কাৰণেই সিহঁত শাস্তিৰ সন্মুখীন হৈছিল, আৰু সেই শাস্তি ভোগও কৰিছিল।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• من فوائد العقوبات والحدود المرتبة على المعاصي أنها سبب لازدجار من لم يعمل المعاصي، كما أنها زجر لمن عملها ألا يعاودها.
গুনাহৰ ফলত দিয়া শাস্তিৰ এটা উপকাৰ এই যে, যিসকলে গুনাহ কৰা নাই তেওঁলোকক গুনাহৰ পৰা দূৰত ৰখা আৰু আনটো উপকাৰ হৈছে, যিয়ে গুনাহ কৰিছে সি শাস্তি পোৱাৰ পিছত পুনৰ যাতে গুনাহ নকৰে।

• من أخلاق المؤمنين الوفاء بالعهد مع المعاهدين، إلا إن وُجِدت منهم الخيانة المحققة.
চুক্তিবদ্ধ লোকসকলৰ লগত বিশ্বাসঘাতকতা নকৰাটো হৈছে মুমিনৰ অন্যতম বৈশিষ্ট্য। আনহাতে যদি দ্বিতীয় পক্ষৰ পৰা বিশ্বাসঘাতকতা কৰা হয় তেন্তে সেয়া সুকীয়া কথা।

• يجب على المسلمين الاستعداد بكل ما يحقق الإرهاب للعدو من أصناف الأسلحة والرأي والسياسة.
মুছলিম শাসকসকলে অস্ত্ৰ, বিশ্ব-সমৰ্থন আৰু কুটনীতিৰ ক্ষেত্ৰত এনেকুৱা প্ৰস্তুতি লোৱা উচিত, যাতে শত্ৰু পক্ষই ভয় কৰিবলৈ বাধ্য হয়।

• جواز السلم مع العدو إذا كان فيه مصلحة للمسلمين.
মুছলিমসকলৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি শত্ৰু পক্ষৰ লগত সন্ধি কৰা বৈধ।

 
Prijevod značenja Ajet: (54) Sura: El-Enfal
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje