Meningsmæssige oversættelser af Den Hellige Koran - Den asamiske oversættelse af "Al-Mukhtasar fi Tafsir al-Quran al-Karim"

external-link copy
4 : 24

وَالَّذِیْنَ یَرْمُوْنَ الْمُحْصَنٰتِ ثُمَّ لَمْ یَاْتُوْا بِاَرْبَعَةِ شُهَدَآءَ فَاجْلِدُوْهُمْ ثَمٰنِیْنَ جَلْدَةً وَّلَا تَقْبَلُوْا لَهُمْ شَهَادَةً اَبَدًا ۚ— وَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟ۙ

যিসকলে পৱিত্ৰ নাৰীসকলৰ প্ৰতি (পৱিত্ৰ পুৰুষসকলো ইয়াৰ অন্তৰ্ভুক্ত) ব্যাভিচাৰৰ আৰোপ লগায়, আৰু এই দাবীৰ সপক্ষে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, হে প্ৰশাসনৰ লোকসকল! তেনেকুৱা ব্যক্তিক আশীটা বেত্ৰাঘাতেৰে দণ্ডিত কৰা, লগতে এনেকুৱা ব্যক্তিৰ সাক্ষ্যদান আজীবন স্বীকাৰ নকৰিবা। পৱিত্ৰ নাৰীসকলৰ প্ৰতি মিছা আৰোপ কৰা এই লোকসকল আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত। info
التفاسير:
Hovedpunkter omkring versene på denne side:
• التمهيد للحديث عن الأمور العظام بما يؤذن بعظمها.
গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰাৰ পূৰ্বে ভূমিকা উপস্থাপন কৰা, যি ভূমিকাই সেই আলোচনাৰ গুৰুত্বৰ প্ৰতি ইংগিত কৰে। info

• الزاني يفقد الاحترام والرحمة في المجتمع المسلم.
ব্যাভিচাৰী ব্যক্তি মুছলিম সমাজত সন্মান তথা দয়া পোৱাৰ উপযুক্ত নহয়। info

• الحصار الاجتماعي على الزناة وسيلة لتحصين المجتمع منهم، ووسيلة لردعهم عن الزنى.
ব্যাভিচাৰী ব্যক্তিৰ বাবে মুছলিম সমাজত সংকীৰ্ণতা সৃষ্টি কৰাটো হৈছে সমাজক সিহঁতৰ পৰা ৰক্ষা কৰা, আৰু ব্যাভিচাৰী ব্যক্তিক ব্যাভিচাৰৰ পৰা প্ৰতিৰোধ কৰাৰ উত্তম উপায়। info

• تنويع عقوبة القاذف إلى عقوبة مادية (الحد)، ومعنوية (رد شهادته، والحكم عليه بالفسق) دليل على خطورة هذا الفعل.
ব্যাভিচাৰৰ আৰোপ লগোৱা ব্যাক্তিৰ বাবে শাৰীৰিক শাস্তি আৰু অভৌতিক শাস্তি (যেনে তাৰ সাক্ষ্য প্ৰত্যাখ্যান কৰা আৰু তাক অৱজ্ঞাকাৰী বুলি ঘোষণা কৰা) নিৰ্ধাৰণ কৰাটোৱে প্ৰমাণ কৰে যে, এইটো এটা জঘণ্য অপৰাধ। info

• لا يثبت الزنى إلا ببينة، وادعاؤه دونها قذف.
ব্যাভিচাৰ প্ৰমাণ কৰিবলৈ সাক্ষীৰ প্ৰয়োজন। সাক্ষী নাথাকিলে মিছা আৰোপ বুলি গণ্য হ'ব। info