Übersetzung der Bedeutungen von dem heiligen Quran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Übersetzungen


Übersetzung der Bedeutungen Vers: (19) Surah / Kapitel: Yûnus
وَمَا كَانَ النَّاسُ اِلَّاۤ اُمَّةً وَّاحِدَةً فَاخْتَلَفُوْا ؕ— وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ فِیْمَا فِیْهِ یَخْتَلِفُوْنَ ۟
সকলো মানৱ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল, মুমিন আছিল আৰু একত্ববাদী আছিল। কিন্তু পিছত সিহঁতৰ মাজত বিভেদ সৃষ্টি হল। ফলত সিহঁতৰ মাজৰ কিছুমান মুমিন হৈ থাকিল আৰু আন কিছুমান কাফিৰত পৰিণত হ'ল। যদি আল্লাহৰ ফালৰ পৰা এয়া পূৰ্বে নিৰ্দিষ্ট কৰা নাথাকিলহেঁতেন যে তেওঁ মানুহৰ মাজৰ মতানৈক্যৰ ফয়চালা পৃথিৱীত নকৰিব, বৰং সিহঁতৰ মাজৰ মতভেদৰ মীমাংসা ক্বিয়ামতৰ দিনা কৰিব তেন্তে যি বিষয় লৈ সিহঁতে মতভেদ কৰি আছে তাৰ মীমাংসা আল্লাহে পৃথিৱীতেই কৰি দিলেহেঁতেন। ফলত এয়া স্পষ্ট হৈ গলহেঁতেন যে, কোন হিদায়তৰ পথত আছে আৰু কোন পথভ্ৰষ্ট।
Arabische Interpretationen von dem heiligen Quran:
Die Nutzen der Versen in dieser Seite:
• عظم الافتراء على الله والكذب عليه وتحريف كلامه كما فعل اليهود بالتوراة.
আল্লাহৰ প্ৰতি মিছা অপবাদ লগোৱা আৰু মিছা প্ৰচাৰ কৰা তথা তেওঁৰ বাণী পৰিবৰ্তন কৰাটো এটা মহা পাপ, যিদৰে ইয়াহুদীসকলে তাওৰাতৰ ক্ষেত্ৰত কৰিছিল।

• النفع والضر بيد الله عز وجل وحده دون ما سواه.
লাভ লোকচানৰ অধিকাৰ কেৱল আল্লাহৰ হাতত। তেওঁৰ বাহিৰে আন কাৰো ওচৰত ইয়াৰ ক্ষমতা নাই।

• بطلان قول المشركين بأن آلهتهم تشفع لهم عند الله.
মুশ্বৰিকসকলৰ এই দাবী খণ্ডন যে সিহঁতৰ উপাস্যবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰিব।

• اتباع الهوى والاختلاف على الدين هو سبب الفرقة.
প্ৰবৃত্তিৰ অনুসৰণ আৰু দ্বীনৰ মাজত মতানৈক্য কৰাটো হৈছে বহুধাবিভক্ত হোৱাৰ অন্যতম কাৰণ।

 
Übersetzung der Bedeutungen Vers: (19) Surah / Kapitel: Yûnus
Suren/ Kapiteln Liste Nummer der Seite
 
Übersetzung der Bedeutungen von dem heiligen Quran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Übersetzungen

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Schließen