Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (19) Simoore: Simoore yuunus
وَمَا كَانَ النَّاسُ اِلَّاۤ اُمَّةً وَّاحِدَةً فَاخْتَلَفُوْا ؕ— وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ فِیْمَا فِیْهِ یَخْتَلِفُوْنَ ۟
সকলো মানৱ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল, মুমিন আছিল আৰু একত্ববাদী আছিল। কিন্তু পিছত সিহঁতৰ মাজত বিভেদ সৃষ্টি হল। ফলত সিহঁতৰ মাজৰ কিছুমান মুমিন হৈ থাকিল আৰু আন কিছুমান কাফিৰত পৰিণত হ'ল। যদি আল্লাহৰ ফালৰ পৰা এয়া পূৰ্বে নিৰ্দিষ্ট কৰা নাথাকিলহেঁতেন যে তেওঁ মানুহৰ মাজৰ মতানৈক্যৰ ফয়চালা পৃথিৱীত নকৰিব, বৰং সিহঁতৰ মাজৰ মতভেদৰ মীমাংসা ক্বিয়ামতৰ দিনা কৰিব তেন্তে যি বিষয় লৈ সিহঁতে মতভেদ কৰি আছে তাৰ মীমাংসা আল্লাহে পৃথিৱীতেই কৰি দিলেহেঁতেন। ফলত এয়া স্পষ্ট হৈ গলহেঁতেন যে, কোন হিদায়তৰ পথত আছে আৰু কোন পথভ্ৰষ্ট।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• عظم الافتراء على الله والكذب عليه وتحريف كلامه كما فعل اليهود بالتوراة.
আল্লাহৰ প্ৰতি মিছা অপবাদ লগোৱা আৰু মিছা প্ৰচাৰ কৰা তথা তেওঁৰ বাণী পৰিবৰ্তন কৰাটো এটা মহা পাপ, যিদৰে ইয়াহুদীসকলে তাওৰাতৰ ক্ষেত্ৰত কৰিছিল।

• النفع والضر بيد الله عز وجل وحده دون ما سواه.
লাভ লোকচানৰ অধিকাৰ কেৱল আল্লাহৰ হাতত। তেওঁৰ বাহিৰে আন কাৰো ওচৰত ইয়াৰ ক্ষমতা নাই।

• بطلان قول المشركين بأن آلهتهم تشفع لهم عند الله.
মুশ্বৰিকসকলৰ এই দাবী খণ্ডন যে সিহঁতৰ উপাস্যবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰিব।

• اتباع الهوى والاختلاف على الدين هو سبب الفرقة.
প্ৰবৃত্তিৰ অনুসৰণ আৰু দ্বীনৰ মাজত মতানৈক্য কৰাটো হৈছে বহুধাবিভক্ত হোৱাৰ অন্যতম কাৰণ।

 
Firo maanaaji Aaya: (19) Simoore: Simoore yuunus
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude