Check out the new design

Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. * - Translations’ Index

PDF XML CSV Excel API
Please review the Terms and Policies

Translation of the meanings Surah: Al-Ahzāb   Ayah:
لَا جُنَاحَ عَلَیْهِنَّ فِیْۤ اٰبَآىِٕهِنَّ وَلَاۤ اَبْنَآىِٕهِنَّ وَلَاۤ اِخْوَانِهِنَّ وَلَاۤ اَبْنَآءِ اِخْوَانِهِنَّ وَلَاۤ اَبْنَآءِ اَخَوٰتِهِنَّ وَلَا نِسَآىِٕهِنَّ وَلَا مَا مَلَكَتْ اَیْمَانُهُنَّ ۚ— وَاتَّقِیْنَ اللّٰهَ ؕ— اِنَّ اللّٰهَ كَانَ عَلٰی كُلِّ شَیْءٍ شَهِیْدًا ۟
নবীৰ স্ত্ৰীসকলৰ বাবে তেওঁলোকৰ পিতৃবৰ্গ, পুত্ৰসকল, ভাতৃসকল, ভতিজাসকল, ভাগিনসকল, লগৰ তিৰোতাসকল আৰু তেওঁলোকৰ দাস-দাসীসকলৰ সন্মুখত সেয়া পালন নকৰাটো কোনো অপৰাধ নহয়। হে নবীৰ পত্নীসকল! আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক প্ৰত্যক্ষদৰ্শী।
Arabic explanations of the Qur’an:
اِنَّ اللّٰهَ وَمَلٰٓىِٕكَتَهٗ یُصَلُّوْنَ عَلَی النَّبِیِّ ؕ— یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا صَلُّوْا عَلَیْهِ وَسَلِّمُوْا تَسْلِیْمًا ۟
নিশ্চয় আল্লাহে নবীৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলেও নবীৰ বাবে দুআ আৰু ইছতিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰুদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।
Arabic explanations of the Qur’an:
اِنَّ الَّذِیْنَ یُؤْذُوْنَ اللّٰهَ وَرَسُوْلَهٗ لَعَنَهُمُ اللّٰهُ فِی الدُّنْیَا وَالْاٰخِرَةِ وَاَعَدَّ لَهُمْ عَذَابًا مُّهِیْنًا ۟
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক কষ্ট দিয়ে, আল্লাহে সিহঁতক পৃথিৱী আৰু আখিৰাতত অভিসম্পাত কৰিছে আৰু তেওঁ সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।
Arabic explanations of the Qur’an:
وَالَّذِیْنَ یُؤْذُوْنَ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ بِغَیْرِ مَا اكْتَسَبُوْا فَقَدِ احْتَمَلُوْا بُهْتَانًا وَّاِثْمًا مُّبِیْنًا ۟۠
আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট গুনাহৰ বোজা বহন কৰিছে।
Arabic explanations of the Qur’an:
یٰۤاَیُّهَا النَّبِیُّ قُلْ لِّاَزْوَاجِكَ وَبَنٰتِكَ وَنِسَآءِ الْمُؤْمِنِیْنَ یُدْنِیْنَ عَلَیْهِنَّ مِنْ جَلَابِیْبِهِنَّ ؕ— ذٰلِكَ اَدْنٰۤی اَنْ یُّعْرَفْنَ فَلَا یُؤْذَیْنَ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়াৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো হৈছে তেওঁলোকক চিনি পোৱাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
Arabic explanations of the Qur’an:
لَىِٕنْ لَّمْ یَنْتَهِ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْمُرْجِفُوْنَ فِی الْمَدِیْنَةِ لَنُغْرِیَنَّكَ بِهِمْ ثُمَّ لَا یُجَاوِرُوْنَكَ فِیْهَاۤ اِلَّا قَلِیْلًا ۟ۚۛ
যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে নিশ্চয় আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব,
Arabic explanations of the Qur’an:
مَّلْعُوْنِیْنَ ۛۚ— اَیْنَمَا ثُقِفُوْۤا اُخِذُوْا وَقُتِّلُوْا تَقْتِیْلًا ۟
অভিশপ্ত হৈ; সিহঁতক য’তে পোৱা যাব ত’তেই কৰায়ত্ত কৰা হ’ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ’ব।
Arabic explanations of the Qur’an:
سُنَّةَ اللّٰهِ فِی الَّذِیْنَ خَلَوْا مِنْ قَبْلُ ۚ— وَلَنْ تَجِدَ لِسُنَّةِ اللّٰهِ تَبْدِیْلًا ۟
পূৰ্বে যিসকল অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ নীতি। তুমি কেতিয়াও আল্লাহৰ নীতিত কোনো পৰিবৰ্তন নাপাবা।
Arabic explanations of the Qur’an:
 
Translation of the meanings Surah: Al-Ahzāb
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. - Translations’ Index

Translated by Rafiqul Islam Habibur Rahman

close