Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (14) سوره: کهف
وَّرَبَطْنَا عَلٰی قُلُوْبِهِمْ اِذْ قَامُوْا فَقَالُوْا رَبُّنَا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ لَنْ نَّدْعُوَاۡ مِنْ دُوْنِهٖۤ اِلٰهًا لَّقَدْ قُلْنَاۤ اِذًا شَطَطًا ۟
আমি তেওঁলোকৰ অন্তৰক ঈমান, আৰু ইয়াৰ প্ৰতি দৃঢ়তা, লগতে হিজৰত কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰাৰ সাহস প্ৰদান কৰি শক্তিশালী কৰিছিলোঁ। যেতিয়া তেওঁলোকে কাফিৰ ৰজাৰ সন্মুখত থিয় হৈ এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা ঘোষণা কৰি কৈছিলঃ আমি যি প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ আৰু যাৰ আমি ইবাদত কৰোঁ, তেওঁ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। আমি তেওঁৰ বাহিৰে তথাকথিত মিছলীয়া উপাস্যবোৰৰ কেতিয়াও উপাসনা নকৰোঁ। যদি আমি তেওঁৰ বাহিৰে আন কাৰো ইবাদত কৰোঁ তেন্তে এয়া সত্যৰ পৰা বহু দূৰত অৱস্থিত বেয়া কথা হ'ব।
تفسیرهای عربی:
از فواید آیات این صفحه:
• الداعي إلى الله عليه التبليغ والسعي بغاية ما يمكنه، مع التوكل على الله في ذلك، فإن اهتدوا فبها ونعمت، وإلا فلا يحزن ولا يأسف.
দাঈসকলৰ দায়িত্ব হৈছে আল্লাহৰ বাৰ্তা সুচাৰূপে পৌঁচাই দিয়া তথা আল্লাহৰ ওপৰত ভৰসা কৰি যথা সম্ভৱ প্ৰয়াস কৰা। যদি মানুহে সঠিক পথ মানি লয় তেন্তে বহুত ভাল কথা, অন্যথা ইয়াৰ বাবে দুখ তথা পৰিতাপ কৰা উচিত নহয়।

• في العلم بمقدار لبث أصحاب الكهف، ضبط للحساب، ومعرفة لكمال قدرة الله تعالى وحكمته ورحمته.
গুফাবাসীৰ অৱস্থানৰ সময়সীমা সম্পৰ্কীয় জ্ঞানত আছে গণনাৰ সঠিক পদ্ধতি তথা আল্লাহৰ পৰিপূৰ্ণ ক্ষমতাৰ তথা তেওঁৰ হিকমত আৰু দয়াৰ পৰিচয়।

• في الآيات دليل صريح على الفرار بالدين وهجرة الأهل والبنين والقرابات والأصدقاء والأوطان والأموال؛ خوف الفتنة.
উক্ত আয়াতসমূহত এই কথাৰ স্পষ্ট প্ৰমাণ পোৱা যায় যে, দ্বীনৰ ক্ষেত্ৰত ফিতনাৰ আশংকা হ'লে ঘৰ পৰিয়াল, সন্তান-সন্ততি, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, দেশ তথা ধন-সম্পদ ত্যাগ কৰি হিজৰত কৰাৰ অনুমতি আছে।

• ضرورة الاهتمام بتربية الشباب؛ لأنهم أزكى قلوبًا، وأنقى أفئدة، وأكثر حماسة، وعليهم تقوم نهضة الأمم.
যুৱকসকলক শিক্ষা দিয়াৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কিয়নো তেওঁলোকৰ অন্তৰ অধিক পৱিত্ৰ তথা চাফ থাকে, লগতে তেওঁলোক অধিক উদ্যম, তেওঁলোকৰ ওপৰতেই জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে।

 
ترجمهٔ معانی آیه: (14) سوره: کهف
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن