Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (44) سوره: عنکبوت
خَلَقَ اللّٰهُ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّلْمُؤْمِنِیْنَ ۟۠
পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক অসত্যৰ সৈতে তথা অনৰ্থক সৃষ্টি কৰা নাই। নিশ্চয় এইবোৰ সৃষ্টিৰ মাজত মুমিনসকলৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ নিহিত হৈ আছে। কাৰণ কেৱল মুমিনসকলেই আল্লাহৰ সৃষ্টিজগতৰ মখলুকৰ দ্বাৰা পৱিত্ৰ সৃষ্টিকৰ্তাৰ অস্তিত্বৰ বিষয়ে জ্ঞান আহৰণ কৰে। আনহাতে কাফিৰসকলে মহাকাশ আৰু স্বয়ং সিহঁতৰ মাজত থকা নিদৰ্শনবোৰ চোৱাৰ পিছতো কোনো ভ্ৰূক্ষেপ নকৰে। সৃষ্টিকৰ্তাৰ মহানতা আৰু ক্ষমতাৰ পিনে সিহঁতৰ মনোযোগ কেতিয়াও আকৃষ্ট নহয়।
تفسیرهای عربی:
از فواید آیات این صفحه:
• أهمية ضرب المثل: (مثل العنكبوت) .
উদাহৰণ উপস্থাপন কৰাৰ গুৰুত্ব। যেনে “মকৰাৰ উদাহৰণ”।

• تعدد أنواع العذاب في الدنيا.
পৃথিৱীত বিভিন্ন প্ৰকাৰৰ শাস্তি অৱতীৰ্ণ হয়।

• تَنَزُّه الله عن الظلم.
আল্লাহ অন্যায়-অত্যাচাৰৰ পৰা পৱিত্ৰ।

• التعلق بغير الله تعلق بأضعف الأسباب.
ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ বাহিৰে আনৰ সৈতে সম্পৰ্ক স্থাপন কৰাটো হৈছে, আটাইতকৈ দুৰ্বল সম্পৰ্ক।

• أهمية الصلاة في تقويم سلوك المؤمن.
মুমিনৰ চৰিত্ৰ সংশোধন কৰাৰ ক্ষেত্ৰত চালাতৰ গুৰুত্ব।

 
ترجمهٔ معانی آیه: (44) سوره: عنکبوت
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن